ETV Bharat / state

Junmoni Rabha mysterious death: এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

author img

By

Published : May 18, 2023, 5:08 PM IST

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ন্যায়িক তদন্তৰ দাবী উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰে এই দাবী উত্থাপন কৰে (APCC demands a judicial inquiry) ৷

Junmoni Rabha mysterious death
সংবাদমেল সম্বোধন প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰৰ

গুৱাহাটী, 18 মে' : অসম আৰক্ষীৰ উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাৰ দাবী উত্থাপন কৰিছে প্ৰদেশ কংগ্ৰেছে ৷ বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰে এই দাবী উত্থাপন কৰে (Junmoni Rabha mysterious death) ৷

বৰঠাকুৰে কয় যে মৰিকলং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জোনমণি ৰাভাৰ জখলাবন্ধাত মঙলবাৰে পুৱতি নিশা এক ভয়াৱহ পথ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পাছতে বিভিন্ন বিষয় পোহৰলৈ আহিছে ৷ প্ৰতি মূহুৰ্ততে নতুন নতুন ৰহস্য উদঘাটন হৈছে ৷ এই ঘটনাৰ পিচত ৰাজ্য চৰকাৰে চিআইডি তদন্তৰ নিৰ্দেশ দিছে যদিও প্ৰদেশ কংগ্ৰেছে ন্যায়িক তদন্তৰ দাবী কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ (APCC demands a judicial inquiry) ৷

কংগ্ৰেছ নেতাজনে লগতে কয় যে জোনমণি ৰাভাৰ মৃত্যুৰ পাচতে আমিনা খাতুনৰ এজাহাৰৰ ভিত্তিত আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ এটা দলে ৰহস্যজনকভাৱে জোনমণি ৰাভাৰ ঘৰত অভিযান চলাই 4 লাখ টকা জব্দ কৰি লৈ যায় ৷ ইফালে লখিমপুৰৰ আন এগৰাকী মহিলা হাচিনা বেগমে আন এক অভিযোগ উত্থাপন কৰিছে ৷ তেওঁ লগতে প্ৰশ্ন কৰি কয় যে অসম আৰক্ষী জাল নোট আৰু নকল সোণ ব্যৱসায়ীৰ বৃহৎ চক্ৰৰ লগত জড়িত হৈ আছে নেকি (SI Junmoni Rabha) ৷

জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে আৰক্ষীৰ বহু কেইগৰাকী বিষয়াৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ উত্থাপন হৈছে ৷ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ক্ষেত্ৰত দায়সৰা মন্তব্য কৰিছে বুলি তেওঁ অভিযোগ কৰে ৷ জোনমণি ৰাভা জনজাতীয় সম্প্ৰদায়ৰ হোৱা বাবেই মুখ্যমন্ত্ৰীয়ে বিষয়টোত বিশেষ গুৰুত্ব দিয়া নাই নেকি বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে (Death of SI Junmoni Rabha) ৷

গৃহ বিভাগ আৰু অসম আৰক্ষী সম্পূৰ্ণ ৰূপে গেলিছে বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে জোনমণি ৰাভাৰ মৃত্যুৰ দায়িত্ব মূৰ পাতি ল'ব লাগে ৷ আনহাতে সমস্ত ঘটনাৰ প্ৰত্যক্ষদৰ্শী প্ৰণৱ দাসক নিৰাপত্তা দিয়াৰ বাবে তেওঁ অসম চৰকাৰৰ ওচৰত দাবী জনায় ৷ লগতে তেওঁ সমস্ত ঘটনাৰ পুংখানুপুংখ তদন্ত কৰাৰো দাবী জনায় ৷

লগতে পঢ়ক: Junmoni Rabha mysterious death: জোনমণি ৰাভাৰ মৃত্যুৰে সম্পৰ্ক আছে নেকি ৰুণাৰ! হাচিনা বেগমৰে বাৰ্তালাপৰ অডিঅ’ ভাইৰেল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.