ETV Bharat / state

Anti Child Marriage Drive: ৰাজনৈতিক উদ্দেশ্যেৰে চৰকাৰে সাধাৰণ ৰাইজৰ ওপৰত অত্যাচাৰ চলাইছে; ড৹ অপূৰ্ব কুমাৰ বৰুৱা

author img

By

Published : Feb 15, 2023, 9:29 PM IST

চৰকাৰৰ বাল্যবিবাহ বিৰোধী অভিযানক কেন্দ্ৰ কৰি ৰাজ্যজুৰি অব্যাহত আছে মিশ্ৰিত প্ৰতিক্ৰিয়া ৷ চৰকাৰে এই অভিযানৰ নামত ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ সুস্থ সমাজ বিকাশ চক্ৰৰ সভাপতি ড৹ অপূৰ্ব কুমাৰ বৰুৱাৰ । ৰাজনৈতিক উদ্দেশ্যেৰে চৰকাৰে সাধাৰণ ৰাইজক অত্যাচাৰ কৰাৰো অভিযোগ (Crackdown on child marriage) ৷

Anti Child Marriage Drive
ৰাজনৈতিক উদ্দেশ্যেৰে চৰকাৰে সাধাৰণ ৰাইজৰ ওপৰত অত্যাচাৰ চলাইছে; ড৹ অপূৰ্ব কুমাৰ বৰুৱা

ৰাজনৈতিক উদ্দেশ্যেৰে চৰকাৰে সাধাৰণ ৰাইজৰ ওপৰত অত্যাচাৰ চলাইছে; ড৹ অপূৰ্ব কুমাৰ বৰুৱা

গুৱাহাটী, 15 ফেব্ৰুৱাৰী: চৰকাৰে বাল্যবিবাহ আইন প্ৰয়োগৰ নামত অনাহকত ৰাইজক হাৰাশাস্তি কৰিছে (Assam anti child marriage drive) ৷ চৰকাৰৰ এই কাম আইন বিৰোধী ৷ মুখ্যমন্ত্ৰীয়ে উদণ্ড মনোবৃত্তিৰে সাম্প্ৰদায়িক মেৰুকৰণৰ এক অস্ত্ৰ হিচাপে এই আইন ব্যৱহাৰ কৰিছে ৷ এই মন্তব্য সুস্থ সমাজ বিকাশ চক্ৰৰ সভাপতি ড৹ অপূৰ্ব কুমাৰ বৰুৱাৰ ।

বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত সুস্থ সমাজ বিকাশ চক্ৰ, আসাম চিভিল ছচাইটি আৰু ইণ্ডিয়ান ষ্টুডেন্টছ অৰ্গেনাইজেশ্যনৰ যুটীয়া সংবাদমেলত ড৹ অপূৰ্ব কুমাৰ বৰুৱাই প্ৰদান কৰে এই মন্তব্য ৷ তেওঁ লগতে কয়, ‘‘আমি বাল্যবিবাহৰ ঘোৰ বিৰোধিতা কৰোঁ আৰু এই কু-প্ৰথা বিলোপ কৰাৰ পোষকতা কৰিছোঁ । কিন্তু সম্প্ৰতি বাল্যবিবাহ ৰোধ কৰাৰ নামত অসমৰ একাংশ নিৰীহ লোকৰ মাজত অসম চৰকাৰে যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে সেয়া কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে (Operation against child marriage) ।’’

আইন বলবৎ কৰাৰ নামত সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্যেৰে চৰকাৰে অন্যায় অত্যাচাৰ কৰি সাধাৰণ নাগৰিকৰ মাজত অস্থিৰতা সৃষ্টি কৰিছে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ৷ ইয়াৰোপৰি তেওঁ কয়, ‘‘পুলিচী আতিশায্যৰ ভয়ত নিৰীহ নাৰীয়ে আত্মহত্যা কৰাৰ খবৰ আহিছে ৷ চৰকাৰে বাল্যবিবাহ ৰোধৰ বাবে লোৱা পদক্ষেপ সম্পূৰ্ণ বে-আইনী (Action against child marriage) । কাৰণ এই আইন প্ৰয়োগৰ বাবে প্ৰয়োজনীয় নিয়মাৱলী তৈয়াৰ কৰা হোৱা নাই ।’’

আইন মতে এই নিয়মাৱলী তৈয়াৰ হোৱাৰ পাছতে সেইবোৰ বিধান সভাত উত্থাপন কৰিব লাগে । এই কাম নকৰাকৈ চৰকাৰে বাল্য বিবাহ আইন প্ৰয়োগৰ নামত অনাহকত ৰাইজক হাৰাশাস্তি কৰিছে বুলিও তেওঁ উল্লেখ কৰে ৷ 2006 চনৰ বাল্যবিবাহ আইন মতে চৰকাৰে বৰ্তমান চলোৱাৰ দৰে পুলিচী ব্যৱস্থাৰ কোনো বিধান এই আইনত নাই বুলি উল্লেখ কৰি তেওঁ কয় যে, যিকোনো সামাজিক কু-প্ৰথা অন্ত পেলাবৰ বাবে সংস্কাৰমুখী শিক্ষাৰ প্ৰয়োজন । কিন্তু চৰকাৰে পূৰ্বে এই বিষয়ক শিক্ষাৰ কোনো ব্যৱস্থা নোলোৱাকৈ থাকি এতিয়া সন্তান প্ৰাপ্তবয়স্ক হোৱা দম্পতীৰো সংসাৰ থান-বান কৰি কৰুণ পৰিস্থিতিৰ সৃষ্টি কৰিছে (Crackdown on child marriage) ৷

POCSO আইন জাপি দি অপৰাধীক বলাৎকাৰী ৰূপে চিহ্নিত কৰি নিৰ্যাতন চলোৱা হৈছে বুলিও ড৹ অপূৰ্ব কুমাৰ বৰুৱাই গুৰুতৰ অভিযোগ উত্থাপন কৰে । জনসাধাৰণক সচেতন নকৰি জধে-মধে কৰা এই অত্যাচাৰৰ তীব্ৰ প্ৰতিবাদ কৰা উচিত বুলিও বৰুৱাই উল্লেখ কৰে । সমান্তৰালভাৱে তেওঁ কয়, ‘‘চৰকাৰৰ এই টোগলকি অভিযানৰ ফলত আটাইতকৈ নিৰ্মম পৰিস্থিতিৰ সন্মুখীন হৈছে গ্ৰামাঞ্চলৰ অশিক্ষিত আৰু দৰিদ্ৰ মহিলাসকল ৷ ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰীজনক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ ফলত সন্তান লৈ ভিক্ষা কৰিবলৈ বাধ্য হৈছে একাংশ মহিলাই । ’’

বছৰ বছৰ ধৰি নিজৰ দায়িত্ব পালন নকৰি হঠাৎ কৰা নিৰ্যাতনবোৰ শীঘ্ৰে বন্ধ কৰি জনসাধাৰণৰ মাজত বাল্যবিবাহ নিবাৰণৰ আইন সম্পৰ্কে সচেতনতা সৃষ্টি কৰিবলৈ দীৰ্ঘম্যাদী ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰুৱাই দাবী জনায় সংবাদমেলত (Anti child marriage operation) ৷ আনহাতে সংবাদমেলত ইছলামিক আইন আৰু ভাৰতীয় আইন প্ৰসংগত ভাৰতীয় আইন সম্পূৰ্ণ ৰূপে মানি চলাৰ পোষকতা কৰে জেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদে ৷ সংবাদমেলত ড৹ আব্দুল মান্নান, ড৹ মনোৰমা শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক: Assam action on child marriage: বাল্য বিবাহৰ গোচৰ সম্পৰ্কত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰক্ষীক কঠোৰ সমালোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.