ETV Bharat / state

Ankita Dutta Controversy Update: এৰেষ্ট ৱাৰেণ্ট ওলাব নেকি শ্ৰীনিবাসৰ বিৰুদ্ধে ?

author img

By

Published : Apr 21, 2023, 10:56 PM IST

ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে অংকিতা দত্তৰ অভিযোগ সংক্ৰান্তত ৰুজু হোৱা গোচৰ সন্দৰ্ভত চি আই ডি কাৰ্যালয়ত উপস্থিত হয় অংকিতা দত্ত (Ankita Dutta at CID office) ৷ এজাহাৰত উল্লেখ কৰা ধৰণে নিৰ্যাতনৰ কথা স্পষ্ট কৰাৰ পিচতেই এৰেষ্ট ৱাৰেণ্ট ওলাব পাৰে শ্ৰীনিবাসৰ বিৰুদ্ধে (Ankita Dutta accuses Srinivas BV of harassment)।

Ankita Dutta reacted on FIR against Srinivas BV
এৰেষ্ট ৱাৰেণ্ট ওলাব নেকি শ্ৰীনিবাসৰ বিৰুদ্ধে?

গুৱাহাটী, ২১ এপ্ৰিল: প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তই সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগে ৰাজ্যজুৰি তোলপাৰ লগাইছে (Ankita Dutta Controversy Update) ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কঠোৰ নিৰ্দেশনাকো উলংঘা কৰি বুধবাৰে নিশা শ্ৰীনিবাসৰ বিৰুদ্ধে দিছপুৰ থানাত গোচৰ দাখিল কৰিছিল অংকিতা দত্তই (Ankita Dutta reacted on FIR against Srinivas BV)। অংকিতা দত্তৰ অভিযোগ সংক্ৰান্তত ৰুজু হোৱা গোচৰ সন্দৰ্ভত শুকুৰবাৰে চি আই ডি কাৰ্যালয়ত উপস্থিত হয় অংকিতা দত্ত (Ankita Dutta at CID office) ৷

চি আই ডি কাৰ্যালয়ত উপস্থিত হোৱাৰ পাছত অংকিতা দত্তক লৈ যোৱা হয় কামৰূপ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতলৈ । কামৰূপ মুখ্য ন্যায়াধীশ দণ্ডাধীশৰ আদালতত ১৬৪ ধাৰাৰ অধীনত আদালতৰ মজিয়াত অংকিতা দত্তই প্ৰদান কৰে নিজ ভাষ্য (Ankita Dutta controversial tweet)। যাতে পৰৱৰ্তী সময়ত অংকিতা দত্তৰ ভাষ্যৰ কোনো সাল-সলনি নহয়, তাৰবাবে এই পদক্ষেপ আৰক্ষীৰ ৷ আদালতত ভাষ্যদানৰ পিচতে অংকিতা দত্তই আৰক্ষীৰ বাহনেৰে ওলাই যায় (Assam congress leader Ankita Dutta)।

উল্লেখ্য যে অংকিতা দত্তই দিছপুৰ আৰক্ষী থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৬৯২/২০২৩ নম্বৰত গোচৰ ৰুজু হৈছে । ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে অভিযোগ তুলি দাখিল কৰা এজাহাৰত স্পষ্ট হৈ আছে নিৰ্যাতনৰ তথ্য (Ankita Dutta latest news)। তেনে সময়ত অংকিতা দত্তই যদি আদালতৰ মজিয়াত এজাহাৰত উল্লেখ কৰা ধৰণে নিৰ্যাতনৰ কথা স্পষ্ট কৰিছে তেন্তে নিৰ্যাতন চলোৱা শ্ৰীনিবাসৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট ওলাব পাৰে ।

সভাপতি ভূপেন বৰাৰ কঠোৰ নিৰ্দেশনাক উলংঘা কৰি অংকিতাই শ্ৰীনিবাসৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰাৰ পিচতেই ক্ষোভিত হৈ পৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই অংকিত‍ দত্তৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি সদৰী কৰিছিল (Ankita Dutta accuses Srinivas BV of harassment)। ইয়াৰ বাবে প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্রী ববিতা শৰ্মাক নিখিল ভাৰত কংগ্ৰেছ কমিটীৰে যোগাযোগ কৰাৰ বাবে সভাপতিয়ে দায়িত্ব দিছিল ।

এ আই চি চিৰ পৰামৰ্শ অনুসৰি অংকিতা দত্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ভূপেন বৰাই মন্তব্য প্ৰকাশ কৰিছিল । আনহাতে বৃহস্পতিবাৰেই প্ৰদেশ কংগ্ৰেছে অংকিতা দত্তলৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল আৰু অতি কম সময়ৰ ভিতৰত উত্তৰ দিয়াৰ নিৰ্দেশ দিয়া হৈছিল । তেনে পৰিপ্ৰেক্ষিতত অংকিতা দত্তক দলত পৰা বহিষ্কাৰ কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছিল ।

আজি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে’ পুৰকায়স্থই অংকিতা দত্তক নিলম্বন কৰা বুলি কোৱাৰ লগে লগে সংবাদ মাধ্যমত প্ৰচাৰ হয় । সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছতেই বিষয়টো সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Bora on Ankita Dutta expel row)।

সভাপতি ভূপেন কুমাৰ বৰাই স্পষ্টীকৰণ দি কয় যে, এতিয়ালৈকে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী তথা নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সদস্যা অংকিতা দত্তক দলৰ পৰা নিলম্বনৰ কোনো সিদ্ধান্ত সম্পৰ্কে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটীক অৱগত কৰা নাই ।

লগতে পঢ়ক: MP Pradyut Bordoloi reaction: তিলকে তালটো কৰা হৈছে অংকিতা দত্তৰ ঘটনাক: প্ৰদ্যুৎ বৰদলৈ

ইফালে অংকিতা দত্তক দলৰ পৰা নিলম্বন কৰা বুলি প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে' পুৰকায়স্থই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা বক্তব্যৰ বাবে কমলাক্ষ দে’ পুৰকায়স্থক জৱাবদিহি কৰিছে প্ৰদেশ কংগ্ৰেছে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.