Ambubachi Mela 2022 : উদুলি মুদুলি নীলাচলৰ বুকু

author img

By

Published : Jun 22, 2022, 6:36 PM IST

Ambubachi Mela 2022

শক্তিপীঠ কামাখ্যা মন্দিৰত আৰম্ভ হৈছে অম্বুবাচী মেলা (Ambubachi Mela 2022 begins)। হাজাৰ হাজাৰ ভক্তৰ সমাগমত প্ৰাণ পাই উঠিছে নীলাচল । এইবাৰ অম্বুবাচী মেলাৰ উদ্বোধনী অনুষ্ঠান তথা সাংস্কৃতিক অনুষ্ঠান নাথাকিব । ২৬ জুনৰ পুৱা ভক্তৰ বাবে খুলি দিয়া হ'ব মন্দিৰৰ দুৱাৰ ।

গুৱাহাটী, ২২ জুন : উখল মাখল নীলাচলৰ বুকু । দেশ বিদেশৰ ভক্তৰ পদধূলি পৰিছে কামাখ্যা ধামত । কিয়নো আজিৰ পৰা আৰম্ভ হৈছে অম্বুবাচী মেলা (Ambubachi Mela 2022 begins)। নিশা ৮.১৮ বজাৰ লগে লগে প্ৰবৃত্তি আৰম্ভ হ'ব আৰু বন্ধ হ'ব কামাখ্যা মন্দিৰৰ দুৱাৰ ।

ইতিমধ্যেই পশ্চিমবংগ, বিহাৰকে ধৰি দেশৰ ভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ ভক্তৰ আগমন ঘটিছে গুৱাহাটীলৈ । অৱশ্যে অসম চৰকাৰে এইবাৰ অম্বুবাচী মেলা অনুষ্টুপীয়াকৈ আয়োজন কৰাৰ ঘোষণা কৰিছে । কিন্তু চৰকাৰৰ ঘোষণাৰ পাছতো হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছে কামাখ্যা ধামত । কামাখ্যাৰ দাঁতিকাষৰীয়া বিভিন্ন অঞ্চলতো শ-শ ভক্তই বাহৰ পাতিছে ।

ইফালে দেশ-বিদেশৰ ভক্তসকলক আদৰিবলৈ সাজু হৈছে প্ৰশাসন (Ambubachi mela preparation)। জিলা প্ৰশাসনে ভক্ত-দর্শনাৰ্থীৰ বাবে কামাখ্যা ষ্টেচন, পাণ্ডু বন্দৰ আৰু গুৱাহাটীৰ পুৰণি কাৰাগাৰ চৌহদত তিনিটাকৈ শিবিৰৰ ব্যৱস্থা কৰিছে । আনহাতে, এইবাৰ অম্বুবাচী মেলাৰ উদ্বোধনী অনুষ্ঠান তথা সাংস্কৃতিক অনুষ্ঠান নাথাকিব । সম্পূর্ণ ধৰ্মীয় নীতি-নিয়মৰ মাজেৰে অম্বুবাচী পালন কৰা হ'ব (Guidelines for Ambubachi Mela 2022)।

জিলা প্ৰশাসনে ভক্তৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ৫০০ টা আৰু দেৱালয় কর্তৃপক্ষই ৩০০ টা চিচি টিভি কেমেৰা স্থাপনৰ ব্যৱস্থা কৰিছে । যান-বাহনৰ চলাচলৰ ক্ষেত্রতো ইতিমধ্যে বাধ্যবাধকতা আৰোপ কৰা হৈছে । ২২ জুন অৰ্থাৎ আজিৰ পৰা ২৬ জুনলৈকে বাহাল থাকিব এই নীতি নিৰ্দেশনা । উল্লেখ্য যে ২৬ জুনৰ পুৱা দেৱী স্নান-নিত্য পূজা সমাপনৰ পাছত মন্দিৰৰ দুৱাৰ তীৰ্থযাত্ৰীৰ বাবে মুকলি কৰা হ'ব ।

লগতে পঢ়ক :অম্বুবাচী মেলাৰ সময়ত নাথাকিব VIP, VVIP ৰ কোনো ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.