ETV Bharat / city

অম্বুবাচী মেলাৰ সময়ত নাথাকিব VIP, VVIP ৰ কোনো ব্যৱস্থা

author img

By

Published : Jun 20, 2022, 9:04 PM IST

No special preference to VIP’s during Ambubachi Mela
অম্বুবাচীমেলাৰ সময়ত নাথাকিব VIP, VVIP ৰ কোনো ব্যৱস্থা

স্বচ্ছতাৰ বাৰ্তা লৈ এইবাৰৰ অম্বুবাচী মেলাৰ আয়োজন কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । অম্বুবাচী মেলাৰ সময়ত নীলাচল পাহাৰত তিনিখন এম্বুলেন্স আৰু স্বাস্থ্য বিভাগৰ দল সকলো সময়তে উপলব্ধ থাকিব । যান-বাহন আৰক্ষীৰ DCP হিৰণ্য বৰ্মনে কয় যে, কামাখ্যা মন্দিৰৰ ওপৰলৈ কোনো ধৰণৰ যান-বাহন তলৰ পৰা ওপৰলৈ যাব নোৱাৰিব ।

গুৱাহাটী, ২০জুন: দুবছৰৰ বিৰতিৰ পিছত নীলাচল পাহাৰৰ বুকুত অনুস্থিত হ’ব অম্বুবাচী মেলা (Ambubashi mela in Kamakhya temple) । অম্বুবাচী মেলাক লৈ উখল মাখল হৈ পৰিছে কামাখ্যা দেৱালয় (Preparation for Ambubachi) । ক’ভিডৰ বাবে বিগত দুটা বছৰত অনুষ্ঠিত হোৱা নাছিল অম্বুবাচী মেলা (Guwahati to Host Ambubachi Mela after 2 Years) । কিন্তু এইবাৰ পৰিস্থিত স্বাভাৱিক হোৱাত ২২ -২৬ জুনৰ পৰা নীলাচল পাহাৰত অৱস্থিত শক্তিপীঠ কামাখ্যা দেৱালয়ত অনুষ্ঠিত হ’ব অম্বুবাচী মেলা (Ambubashi mela 2022) ।

অম্বুবাচী মেলাক কেন্দ্ৰ কৰি কামাখ্যা দেৱালয়লৈ ইতিমধ্যে ভক্তৰ সোঁত বোৱা আৰম্ভ হৈছে । মেলাৰ আয়োজনক লৈ ইতিমধ্যে দেৱালয় কৰ্তৃপক্ষ, জিলা প্ৰশাসনৰ প্ৰস্তুতিও সম্প্ৰতি তুংগত উঠিছে । অম্বুবাচী মেলা সন্দৰ্ভত সোমবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, মহানগৰ আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ উপ আৰক্ষী আয়ুক্ত (DCP) হিৰণ্য বৰ্মন আৰু মহানগৰ পশ্চিম আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত নৱনীত মহন্তই যুটিয়াভাৱে এখন সংবাদমেল আয়োজন কৰি অম্বুবাচীক লৈ কেতবোৰ বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰে ।

অম্বুবাচীমেলাৰ সময়ত নাথাকিব VIP, VVIP ৰ কোনো ব্যৱস্থা

উপায়ুক্ত ঝাই কয়, ‘স্বচ্ছতাৰ বাৰ্তা’লৈ এইবাৰৰ অম্বুবাচী মেলা আয়োজন কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে । কামাখ্যা মন্দিৰলৈ যোৱা পথত কোনো ধৰণৰ বিপনী, কেম্প আদি থাকিব নোৱাৰিব । কেৱল খোৱাপানী, ORS আদি সামগ্ৰীৰহে বিক্ৰীৰ অনুমতি দিয়া হৈছে কেইটামান NGO ক । দেশৰ বিভিন্ন প্ৰান্তৰ পৰা কামাখ্যা লৈ অহা দর্শনাৰ্থীসকলৰ বাবে কামাখ্যা ষ্টেচন, ফাচী বজাৰৰ পুৰণি জেল চৌহদ আৰু পাণ্ডু পৰ্টোত মুঠ ৩ টা কেম্পৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব দিয়ে উপায়ুক্তগৰাকীয়ে ৷

ইতিমধ্যে কামাখ্যা ষ্টেচন, ফাঁচী বজাৰৰ পুৰণি জেল চৌহদত থকা কেম্পলৈ ৫ হাজাৰ দৰ্শনাৰ্থী আহিছে । য’ত দৰ্শনাৰ্থীসকলৰ বাবে থকা খোৱাৰ ব্যৱস্থা থকাৰ লগতে স্বাস্থ্য শিবিৰো থাকিব । নীলাচল পাহাৰত তিনিখন এম্বুলেন্স আৰু স্বাস্থ্য বিভাগৰ দল সকলো সময়তে উপলব্ধ থাকিব । প্ৰশাসনে প্ৰস্তুত কৰা মুঠ ৯ টা স্বাস্থ্য শিবিৰত ল'ব পাৰিব সহায় দৰ্শনাৰ্থীয়ে । ইপিনে এইবাৰ VIP ,VVIP ৰ বাবে কোনো বিশেষ ব্যৱস্থা নাথাকিব বুলি উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে (No special preference to VIP’s during Ambubachi Mela ) ৷

তদুপৰি পাণ্ডুৰ নতুন পথটো সম্পূৰ্ণৰূপে বন্ধ থকাৰ লগতে সোণাৰাম খেলপথাৰ, আদাবাৰী বাছ আস্থান আৰু বৰিপাৰাত প্ৰশাসনৰ ফালৰ পৰা গাড়ী পাৰ্কিঙৰ ব্যৱস্থা কৰিছে । অম্বুবাচী মেলাত এইবাৰ ১০ লাখ ভক্তৰ সমাগম হ’ব বুলি আশা প্ৰকাশ কৰে উপায়ুক্তগৰাকীয়ে । আনহাতে ২২-২৬ জুনলৈ কিছু সাল-সলনি হ’ব কামাখ্যা -জালুকবাৰী পথৰ যাতায়ত । সংবাদমেলত যান-বাহন নিয়ন্ত্ৰণ শাখাৰ উপ আৰক্ষী আয়ুক্ত (DCP) হিৰণ্য বৰ্মনে কয় যে, কামাখ্যা মন্দিৰৰ ওপৰলৈ কোনো ধৰণৰ যান-বাহন যাব নোৱাৰিব ।

অম্বুবাচীমেলাৰ সময়ত নাথাকিব VIP, VVIP ৰ কোনো ব্যৱস্থা

২২ জুনৰ পৰা ২৬ জুনলৈ আন্তঃ জিলা যাতায়ত কৰা দূৰণিবটীয়া বাছসমূহ DG Road আৰু MG Road ৰে চলাচল কৰিব নোৱাৰিব । ভৰলুৰ দিশৰ কামাখ্যালৈ অহা দৰ্শনাৰ্থীৰ বাহনসমূহ বৰিপাৰা খেলপথাৰ আৰু আদাবাৰী বাছ আস্থানত থকা পাৰ্কিঙত ৰাখিব লাগিব বুলি মন্তব্য কৰি মালিগাঁৱৰ দিশৰ পৰা পৰা অহা বাহনসমূহ সোণাৰাম খেলপথাৰত থকা পাৰ্কিঙত ৰাখিব লাগিব বুলি কয় উপ আৰক্ষী আয়ুক্তগৰাকীয়ে । যিকোনো ধৰণৰ সামগ্ৰী কঢ়িওয়া গধুৰ, মধ্যম বা লঘু বাণিজ্যক বাহন সমূহ DG Road আৰু MG Roadত চলাচল কৰিব নোৱাৰিব বুলি উল্লেখ কৰে DCP হিৰণ্য বৰ্মনে ।

ইয়াৰ লগতে তিনিচকীয়া বাণিজ্যিক বাহনসমূহ নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ চলাচল কৰিব দিয়া হ’ব বুলি মন্তব্য কৰে । আনহাতে পশ্চিম আৰক্ষী জিলাৰ উপ আৰক্ষী আয়ুক্ত নৱনীত মহন্তই নিৰাপত্তাৰ দিশটো উল্লেখ কৰি কয় যে, প্ৰশাসনৰ ফালৰ পৰা ৫০০ ৰো অধিক চিচিটিভিৰ ব্যৱস্থা কৰাৰ লগতে দেৱালয় কৰ্তৃপক্ষই ৩০০ চিচিটিভি লগাব । তাৰোপৰি পৰ্যাপ্ত সংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হ'ব ।

তদুপৰি স্বচ্ছতাৰ ক্ষেত্ৰত জি এম চিৰ ফাৰ পৰা অম্বুবাচী মেলাৰ বাবে জি এম চিৰ কৰ্মচাৰীৰ লগতে অতিৰিক্তভাৱে ৭৫০ গৰাকী চাফাই কৰ্মচাৰী নিয়োগ কৰা হ’ব বুলিও এই সংবাদমেলযোগে জনায় নৱনীত মহন্তই ।

লগতে পঢ়ক: বিয়াৰ প্ৰস্তুতি আধৰুৱা হৈ ৰ’ল: অকালতে গুচি গ’ল সমুজ্জল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.