ETV Bharat / state

Assam Assembly Autumn session: বনানীকৰণৰ ক্ষেত্ৰত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ বিজেপি বিধায়ক অতুল বৰাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 5:10 PM IST

বিধানসভাত অগ্নিশৰ্মা বিজেপি বিধায়ক অতুল বৰা ৷ বন আৰু পৰিৱেশ‌ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰে বিজেপি বিধায়কগৰাকীয়ে ৷ দিশপুৰ সমষ্টিত গছপুলি ৰোপণৰ নামত চৰম অনিয়ম সংঘটিত হোৱাৰ অভিযোগ বিজেপি বিধায়কগৰাকীৰ ৷

Assam Assembly Autumn session
বিধানসভাত অগ্নিশৰ্মা বিজেপি বিধায়ক অতুল বৰা

বিধানসভাত অগ্নিশৰ্মা বিজেপি বিধায়ক অতুল বৰা

গুৱাহাটী, 14 ছেপ্টেম্বৰ: বনানীকৰণৰ সন্দৰ্ভত এইবাৰ স্বয়ং বিজেপি বিধায়কয়েই গৰজি উঠিল বিজেপি মন্ত্ৰীৰ বিৰুদ্ধে ৷ অসম বিধানসভা অধিৱেশনৰ বৃহস্পতিবাৰে গছপুলি ৰোপণৰ প্ৰশ্ন উত্থাপন কৰি বিজেপিৰ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাক অগ্নিশৰ্মা হৈ পৰা দেখা যায় । বিধায়ক অতুল বৰাই তেওঁৰ সমষ্টিত গছপুলি ৰোপণৰ নামত চৰম অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তোলে ।

সদনত বিধায়ক অতুল বৰাই দিছপুৰ সমষ্টিত গছ পুলি ৰোপণৰ সন্দৰ্ভত লিখিত প্ৰশ্ন উত্থাপন কৰে । বন আৰু পৰিৱেশ‌ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই সন্দৰ্ভত লিখিত উত্তৰ সদনত দাখিল কৰে । কিন্তু এই উত্তৰত বিধায়ক অতুল বৰাই অসন্তুষ্টি প্ৰকাশ কৰে । তেওঁ কয়- "যোৱা কিছুদিন আগতে মোৰ সমষ্টিৰ অন্তৰ্গত তপাতলিত বন আৰু পৰিৱেশ‌ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গছ পুলি ৰোপণৰ বাবে গৈছিল । মোক মানুহ এজনে তালৈ যাম নেকি বুলি সুধিছিল ।‌ মই উত্তৰত কৈছিলো যে তালৈ মই নাযাওঁ । মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক মই সহযোগ নকৰোঁ । যোৱা এবছৰে সোণাপুৰৰ ৰেঞ্জাৰগৰাকীক বদলি কৰাৰ বাবে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক এশবাৰ কৈছোঁ । কিন্তু তেওঁ বিষয়টোত গুৰুত্ব নিদিলে । গতিকে তেওঁৰ লগত মই একেলগে গছ পুলি ৰোপণ নকৰোঁ ।"

সদনত বিধায়ক অতুল বৰাই আকৌ ক্ষোভ উজাৰি কয় - "তপাতলিৰ যিখিনি ঠাইত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গছপুলি ৰোপণৰ বাবে গৈছিল তাত যোৱা বন মহোৎসৱৰ সময়ত তদানীন্তন বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই 8 লাখ টকা খৰছ কৰি গছপুলি ৰোপণ কৰি আহিছিল । কিন্তু তাত এতিয়া এডালো গছ নাই । গছ কটা বন্ধ নহ'লে, গছ সংৰক্ষণ কৰিব নোৱাৰিলে গছপুলি ৰোপণ কৰি‌ লাভ নাই । "

অতুল‌ বৰাই লগতে কয়-" তাত গছ সংৰক্ষণ কৰিব লাগিলে ষ্টাৰ চিমেণ্ট কোম্পানীক তাৰ পৰা উচ্ছেদ কৰিব লাগিব ।" বিধায়ক অতুল‌ বৰাৰ প্ৰশ্নৰ উত্তৰ দি বন আৰু পৰিৱেশ‌ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, "বিধায়ক অতুল‌ বৰাই কোৱাৰ দৰে আমি একে ঠাইতে গছপুলি ৰোপণ কৰা নাই । আকৌ বন মহোৎসৱৰ সময়ত তদানীন্তন বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই তাত কোনো আঁচনিৰ অধীনত ধন খৰছ কৰি গছপুলি ৰোপণ কৰা নাছিল । মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে লগতে বিধায়ক অতুল‌ বৰাক আশ্বাস দিয়ে যে সোণাপুৰৰ ৰেঞ্জাৰগৰাকীক শীঘ্ৰে বদলি কৰা হ'ব ।

লগতে পঢ়ক: Assam Assembly Autumn session: সদনৰ মজিয়াত বিৰোধীক কিয় বুঢ়া আঙুলি দেখুৱালে মন্ত্ৰী চন্দ্ৰমোহনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.