ETV Bharat / state

MLA Akhil Gogoi: উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ নিয়া হ’ব অখিল গগৈক

author img

By

Published : Oct 30, 2022, 8:40 PM IST

Updated : Oct 31, 2022, 6:17 AM IST

Akhil Gogoi taken to Delhi for further treatment
MLA Akhil Gogoi: উন্নত চিকিৎসাৰ বাবে বিধায়ক অখিল গগৈক লৈ যোৱা হব দিল্লীলৈ

হৃদৰোগত আক্ৰান্ত অখিল গগৈ(Akhil Gogoi Admitted in GMCH) ৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগত ভৰ্তি হৈ আছে বিধায়ক অখিল গগৈ ৷ এক জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজন আছে অখিল গগৈক । যাৰবাবে দিল্লীলৈ নিয়া হ'ব গগৈক ।

গুৱাহাটী, ৩০ অক্টোবৰ: শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈক প্ৰয়োজন হৈছে উন্নত চিকিৎসাৰ(MLA Akhil Gogoi) ।হৃদৰোগত আক্ৰান্ত অখিল গগৈ ৷ বুকুৰ বিষৰ বাবে শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় বিধায়কগৰাকীক(Akhil Gogoi Admitted in GMCH) ৷ চিকিৎসকৰ পৰামৰ্শমতে বিধায়ক অখিল গগৈক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ লৈ যোৱা হ’ব বুলি জানিবলৈ পৰা গৈছে ।

জেলত থকা সময়ৰে পৰাই হৃদৰোগে শৰীৰত বাঁহ লোৱাৰ কথা উল্লেখ কৰিছিল বিধায়কগৰাকীয়ে । হৃদৰোগত আক্ৰান্ত অখিল গগৈয়ে ইয়াৰ পূৰ্বে দিল্লীত থকা সময়ত ২৬ অক্টোবৰত অসুস্থ অনুভৱ কৰাত দিল্লীৰ এখন হাস্পতালত চিকিৎসাধীন হৈছিল(MLA Akhil Gogoi Health Condition) । পিছত স্বাস্থ্যৰ উন্নতি হোৱাত তেওঁ ঘৰলৈ ঘূৰি আহিছিল যদিও দিল্লীৰ পৰা উভতি আহিয়েই ২৮ অক্টোবৰত পুনৰ স্বাস্থ্যৰ অৱনতি ঘটাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হয় বিধায়কগৰাকী(Guwahati medical college and hospital) ।

লগতে পঢ়ক: Jogen mohan reaction on miyan museum: কোনো শক্তিয়েই অসমীয়া জাতিৰ সংস্কৃতি, পৰম্পৰাক নিঃশেষ কৰিব নোৱাৰে

কিন্তু ৰোগে লগ এৰা দিয়া নাই বিধায়কগৰাকীৰ ৷ উন্নত হোৱা নাই বিধায়ক অখিল গগৈৰ স্বাস্থ্য । ২৮ অক্টোবৰৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালতে চিকিৎসাৰ বাবে ভৰ্তি হৈ আছে বিধায়কগৰাকী । গুৱাহাটী মেডিকেল কলেজ হাস্পতালত কাৰ্ডিঅ’লজি বিভাগত ভৰ্তি হৈ আছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ ।

চিকিৎসকে দিয়া প্ৰতিবেদন অনুসৰি বিধায়ক অখিল গগৈক এক জটিল অস্ত্ৰোপচাৰৰ প্ৰয়োজন আছে । কিন্তু এই অস্ত্ৰোপচাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সম্ভৱ নহয় । যাৰ বাবে উন্নত চিকিৎসাৰ বাবে অখিল গগৈক বাহিৰলৈ লৈ যোৱাৰ প্ৰয়োজনীয়তা আছে বুলিও জনাইছে চিকিৎসকে । চিকিৎসকৰ পৰামৰ্শ অনুসৰি দুই-এদিনতে অখিল গগৈক দিল্লীলৈ উন্নত চিকিৎসাৰ বাবে লৈ যোৱা হ'ব বুলি জানিবলৈ দিছে বিধায়কগৰাকীয়ে ।

লগতে পঢ়ক: DAC Election at Jonai: নিৰ্বাচনী প্ৰচাৰ অভিযানত শাসকীয় দলক প্ৰত্যাহ্বান নিৰ্দলীয় প্ৰাৰ্থীৰ

Last Updated :Oct 31, 2022, 6:17 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.