ETV Bharat / state

পূৰ্ৱতকৈও কঠিন ৰূপত আহিব নাগৰিকত্ব সংশোধনী বিধেয়ক !! গাঁৱে-গাঁৱে অভিযান চলাব কৃষক মুক্তিয়ে

author img

By

Published : Oct 2, 2019, 5:25 PM IST

Updated : Oct 2, 2019, 6:03 PM IST

পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ অখিল গগৈ ৷ বুধবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক সংবাদমেল সম্বোধন কৰি ১১ অক্টোবৰৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ গাঁও, চৰ-চাপৰি, পাহাৰ, ভৈয়াম ইত্যাদিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সজাগতা অভিযান চলোৱাৰ কথা ঘোষণা কৰে কৃষক নেতাগৰাকীয়ে ।

পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

গুৱাহাটী,2অক্টোবৰঃ "যোৱা বাৰতকৈ কঠিন ৰূপত আহিব নাগৰিকত্ব সংশোধনী বিধেয়ক । উত্তৰ-পূৱৰ কিছুমান ৰাজ্যক বিধেয়কখনৰ পৰা আঁতৰাই ৰখা হ'ব । বিশেষ ৰাজ্যৰ মৰ্যদা পোৱা ৰাজ্য বিলাক আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত ৰাজ্য সমূহক সম্ভৱতঃ এই বিধেয়কৰ পৰা আঁতৰাই ৰাখিব । তেতিয়া অসম ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব ।"-বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৃষক নেতা অখিল গগৈৰ ৷

পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সৰৱ অখিল গগৈ

তেওঁ লগতে মন্তব্য কৰে যে, এতিয়া অসমত ২০ লাখ হিন্দু বাংলাদেশী আছে । এই বিধেয়ক গৃহীত হ'লে নতুনকৈ ১ কোটি ৭০ লাখ হিন্দু বাংলাদেশী ভাৰতলৈ আহিব কিয়নো 'বুড়ো অব বাংলাদেশ ষ্ট্ৰেটেটিক্স'ত এই তথ্য আছে । ইপিনে অহা ১১ অক্টোবৰৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ গাঁও, চৰ-চাপৰি, পাহাৰ, ভৈয়াম ইত্যাদিত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সজাগতা অভিযান চলোৱাৰ কথা ঘোষণা কৰে কৃষক নেতাগৰাকীয়ে । ইমানেই নহয়, অক্টোবৰ মাহৰ শেষৰ ফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত কেন্দ্ৰীয় জাতীয় অভিৱৰ্তন অনুষ্ঠিত হ'ব বুলিও মন্তব্য কৰে অখিল গগৈয়ে । য'ত অসমৰ সকলো জাতি-জনগোষ্ঠীয়, বামপন্থী, সংখ্যালঘু সংগঠনৰ নেতাৰ উপস্থিতিত থাকিব ।

আৰু পঢ়কঃ গান্ধীৰ প্ৰতিমূৰ্তিৰ তলত প্ৰতিবাদত বহিল প্ৰাক্তন শিক্ষামন্ত্ৰী

Intro:কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সংবাদমেল।
যোৱাবৰতকৈ কঠিন ৰূপত নাগৰিকত্ব সংশোধনী বিধেয়ক আহিব। উত্তৰ পূৱৰ কিছুমান ৰাজ্যক বিধেয়কখনৰ পৰা আঁতৰাই ৰখা হ'ব। বিশেষ ৰাজ্যৰ মৰ্যদা পোৱা ৰাজ্য বিলাক আৰু ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত ৰাজ্য সমূহক সম্ভৱতঃ এই বিধেয়কৰ পৰা আঁতৰাই ৰাখিব। কিয়নো তেতিয়া অসম ভয়ংকৰ বিপদৰ সন্মুখীন হ'ব।

Body:এতিয়া অসমত ২০ লাখ হিন্দু বাংলাদেশী আছে । এই বিধেয়ক গৃহীত হ'লে নতুনকৈ ১ কোটি ৭০ লাখ নতুনকৈ হিন্দু বাংলাদেশী ভাৰতলৈ আহিব কিয়নো বুড়ো অব বাংলাদেশ ষ্ট্ৰেটেটিক্সত এই তথ্য আছে।
এন আৰ চিৰ বৈধতাক অস্বীকাৰ কৰাটো উচিত নহ'ব। হিন্দু মুছলমান উভয় বিদেশীকে অসমৰ পৰা বহিস্কাৰ কৰিব লাগিব।

১১ অক্টোবৰৰ পৰা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ গাঁও, চৰ, চাপৰি, পাহাৰ, ভৈয়াম ইত্যাদিত সজাগতা অভিযান চলাব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

Conclusion:অক্টোবৰ মাহৰ শেষৰ ফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে গুৱাহাটীত কেন্দ্ৰীয় জাতীয় অভিবৰ্তন অনুষ্ঠিত হ'ব। অসমৰ সকলো জাতীয় জনগোষ্ঠীয়, বাম পন্থী, সংখ্যালঘু সংগঠনৰ নেতাৰ উপস্থিতিত এই অভিবৰ্তন অনুষ্ঠিত হ'ব।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰা জাতীয় সংগঠনে বিজেপিৰ নেতাৰ সৈতে আলাপ আলোচনাত ব্যস্ত আছে। তেওঁলোকে কেবৰ বিৰুদ্ধে যিমান সংগ্ৰাম বা অভিযান চলাব লাগিছিল কোনেও চলোৱা দেখা নাই। তেওঁলোকো একত্ৰিত হৈ এই জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে যুঁজ দিব লাগে।
Last Updated : Oct 2, 2019, 6:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.