ETV Bharat / state

পত্নী পুত্ৰক পাই আবেগিক অখিল গগৈ

author img

By

Published : Jun 26, 2021, 2:33 PM IST

mla akhil gogoi comment
পত্নী পুত্ৰক পাই আবেগিক অখিল গগৈ

একাধিক গোচৰত অভিযুক্ত হৈ স্বাস্থ্যজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়(GMCH) হাস্পতালত চিকিৎসাধীন হৈ আছিল বিধায়ক অখিল গগৈ ৷ শুকুৰবাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (National Investigation Agency)ৰ আদালতে বৃদ্ধা মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎ কৰাৰ বাবে দুদিনৰ বাবে মুকলি কৰি দিয়ে অখিল গগৈক ।

গুৱাহাটী, 26 জুন : সুদীৰ্ঘ দিনৰ মূৰত পত্নী আৰু পুত্ৰক কাষত পাই আবেগিক হৈ পৰে কৃষক নেতা তথা বৰ্তমান শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ(AKHIL GOGOI) ৷ চানমাৰিস্থিত নিজ ঘৰখনত উপস্থিত হোৱাৰ আনন্দত নিশাটো পুত্ৰৰ লগত প্ৰায় অনিদ্ৰাৰে কটাই অখিল গগৈয়ে ৷ ইয়াৰ পাচতেই শনিবাৰে পুৱাই মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎ কৰাৰ বাবে যোৰহাট অভিমুখে ৰাওনা হয় বিধায়কগৰাকী । গুৱাহাটী চানমাৰিস্থিত বাসগৃহৰ পৰা যোৰহাট অভিমুখে যোৱাৰ সময়ত অখিল গগৈ(AKHIL GOGOI)য়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে এই কথা ৷

পত্নী পুত্ৰক পাই আবেগিক অখিল গগৈ

সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত বিধায়কগৰাকীয়ে কয় য়ে, "নিশাটো একেবাৰে শোৱা নহ'ল । বহু দিনৰ মূৰত ঘৰত অহা বাবে বৰ দুখত থকা ল’ৰাটোৰ লগতে নিশাটো কটালো । এটা ভাল খবৰ যে, বহু দুৰ্যোগৰ মাজতো মোৰ পত্নী গীতাশ্ৰী তামুলীয়ে দুদিন পূৰ্বে পিএইছডি ডিগ্ৰী লাভ কৰিছে । আইআইটি গুৱাহাটীৰ পৰা 'লক্ষ্মীনাথ বেজবৰুৱা এণ্ড হিজ টাইমচ' বিষয়টোৰ ওপৰত তেওঁ পিএইচডি ডিগ্ৰী লাভ কৰিছে ।

mla akhil gogoi comment
পত্নী পুত্ৰক পাই আবেগিক অখিল গগৈ

জানিব পৰা মতে, অখিল গগৈয়ে শিৱসাগৰলৈ যোৱাৰ বাবে অনুমতি বিচাৰিছিল যদিও তেওঁক সেই অনুমতি দিয়া নহ’ল ৷ কিন্তু, তথাপি তেওঁ আগন্তুক বাজেট অধিৱেশনত শিৱসাগৰৰ প্ৰশ্নসমূহ উত্থাপন কৰাৰ কথা উল্লেখ কৰে । বিধায়কগৰাকীয়ে লগতে সকলো শিৱসাগৰবাসীক হাতযোৰ কৰি নমস্কাৰ জনাই তেওঁ জেলত থকা অৱস্থাত বিপুল ভোটত জয়ী কৰাই ইতিহাস ৰচাৰ বাবে কৃতজ্ঞতা জনায় ৷ তেওঁ কিছুদিনৰ ভিতৰতে মুকলি আকাশৰ তললৈ ওলাই অহাৰ উপৰি শিৱসাগৰৰ ৰাইজৰ বাবে কাম কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰে । তেওঁ শিৱসাগৰক ঐতিহ্য নগৰী ৰূপে গঢ়ি তোলাৰ বাবে উদ্যোগ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

mla akhil gogoi comment
পত্নী পুত্ৰক পাই আবেগিক অখিল গগৈ

উল্লেখ্য যে, একাধিক গোচৰত অভিযুক্ত হৈ স্বাস্থ্যজনিত কাৰণত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় (GMCH) হাস্পতালত চিকিৎসাধীন হৈ থকা বিধায়ক অখিল গগৈক বৃদ্ধা মাতৃ প্ৰিয়দা গগৈক সাক্ষাৎ কৰাৰ বাবে শুকুৰবাৰে ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা (National Investigation Agency)ৰ আদালতে দুদিনৰ বাবে মুকলি কৰি দিয়ে । অখিল গগৈ (AKHIL GOGOI) চানমাৰিস্থিত নিজ ঘৰখনত উপস্থিত হোৱাৰ পাছতেই সংবাদ মাধ্যমৰ আগত মনৰ কথা ব্যক্ত কৰে ৷ তেওঁ কয় যে, বৰ্তমান আমাৰ সকলো মানুহৰে অৱস্থা বেয়া । গতিকে এতিয়া সকলোৱে ভেল্কিবাজী এৰি অৰ্থনীতিটো ভাল কৰাৰ প্ৰয়াস কৰিব লাগে ।

তেওঁ লগতে কয় যে, সকলোৱে নিজৰ গাত চিকুটি চাব লাগে যে এতিয়া আমি কেনেকৈ চলি আছো । অৰ্থনৈতিক অৱস্থা খুব বেয়া । সেইবাবে মই সকলোকে অনুৰোধ জনাইছো যে অসমখনক পুনৰ গঠনৰ বাবে ভেল্কিবাজী তথা ফাঁকিবাজীৰে নহয় আন্তৰিকতাৰে কাম কৰিব লাগিব । মই পুনৰ কৈছো যে লক ডাউনত ক্ষতিগ্ৰস্ত হোৱা প্ৰত্যেকটো পৰিয়ালক তিনি মাহৰ নাইবা ছয় মাহৰ নগদ ধনৰ ক্ষতিপূৰণ দি আমি জাতিটোক বচাব লাগিব ।

লগতে পঢ়ক : দুদিনৰ বাবে মুকলি আকাশৰ তললৈ আহিব অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.