ETV Bharat / state

AJP President Lurinjyoti Gogoi : অপৰাধীতো মন পছন্দ আছে মুখ্যমন্ত্ৰীৰ; লুৰীণজ্যোতি গগৈ

author img

By

Published : Jul 29, 2023, 7:52 AM IST

অপৰাধীৰ আৰু অপৰাধৰ ক্ষেত্ৰত ৰাজনীতি কৰিব নালাগে বুলি বুলি মন্তব্য অজাপৰ সভাপতিৰ ৷ অপৰাধীটো মন পছন্দ আছে মুখ্যমন্ত্ৰীৰ বুলি মন্তব্য লুৰীণজ্যোতি গগৈৰ ৷

AJP President Lurinjyoti Gogoi
জাতীয় মহিলা শক্তিৰ সাধাৰণ সভা

অপৰাধৰ ক্ষেত্ৰত ৰাজনীতি কৰিব নালাগে বুলি বুলি মন্তব্য অজাপৰ সভাপতিৰ

গুৱাহাটী, 29 জুলাই : "মুখ্যমন্ত্ৰীয়ে জোনমণি ৰাভাৰ ঘৰলৈ যাবলৈ সময় নাপালে ৷ এতিয়া গোলাঘাটত গৈ বাণী বচন আঁওৰাইছে মুখ্যমন্ত্ৰীয়ে ৷ অপৰাধীক ধৰিব নোৱাৰাটো গৃহবিভাগৰ বাবে ডাঙৰ বিফলতা ৷ অপৰাধীৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীৰ মনৰ পচন্দতা আছে ৷ অপৰাধকলৈ ৰাজনীতিকৰণ কৰা উচিত নহয় ৷ অপৰাধৰ বিষয়বস্তুৰ লগত ধৰ্মান্তকৰণ কৰিব নালাগে ৷" এই মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ৷

লাভ জেহাদ আৰু মহাভাৰতৰ প্ৰসংগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য ৷ অপৰাধীৰ আৰু অপৰাধৰ ক্ষেত্ৰত ৰাজনীতি কৰিব নালাগে বুলি বুলি মন্তব্য অজাপৰ সভাপতিগৰাকীৰ ৷ দিছপুৰ লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত শুকুৰবাৰে হোৱা জাতীয় মহিলা শক্তিৰ সাধাৰণ সভাত উপস্থিত থাকি এই মন্তব্য লুৰীণজ্যোতি গগৈৰ ৷

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, মুখ্যমন্ত্ৰীৰ সংকীৰ্ণতাৰ কথাটো ওলাই গ’ল ৷ অপৰাধীটো মন পছন্দ আছে তেওঁৰ ৷ তেওঁৰ ভাতৃৰ লগত কাৰোবাৰ বন্ধুত্ব হোৱাৰ বাবে তদন্তৰ আওতালৈ অহা নাই নেকি বুলি প্ৰশ্ন কৰে নেতাগৰাকীয়ে ৷ তেওঁ কয় যে, এইবোৰৰ পৰা পলাই ফুৰে তেওঁ ৷ কিন্তু পলাই ফুৰিব নোৱাৰিব তেওঁ অসমৰ ৰাইজৰ পৰা বুলি উল্লেখ কৰে নেতাজনে ৷ তেওঁ ভাবি ল’ব নালাগে যে সকলোতে বেলেগে একো নাজানে ৷ অপৰাধী সদায় অপৰাধীয়েই ৷ তেওঁ যি ধৰ্ম, ভাষা, জাতি-জনগোষ্ঠীৰে নহওক কিয় ৷ অপৰাধ কৰিছে শাস্তি পাব লাগে ৷ ভাল লাগিলে যাব বেয়া লাগিলে নাযাব সেইটো মুখ্যমন্ত্ৰীৰ কেনেকুৱা ধৰণৰ কথা বুলি কয় অজাপৰ সভাপতিগৰাকীয়ে ৷ লগতে মুখ্যমন্ত্ৰীৰ আসনখনৰ পদমৰ্যদা হানি কৰিছে আন একো কৰা নাই বুলিও কয় তেওঁ তীৰ্যক মন্তব্য কৰে ৷

তেওঁ পুনৰ কয় যে, আমি লাভ জেহাদৰ কথা আলোচনা কৰা নাই ৷ আমি আলোচনা কৰিছোঁ অপৰাধীৰ কথা ৷ অপৰাধীক শাস্তি আইনে দিব, সংবিধানে দিব ৷ অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰক ৷ সকলোৱে সমানেই শাস্তি পাব লাগে ৷ অপৰাধকলৈ, অপৰাধীকলৈ ৰাজনীতিকৰণ কৰিব নালাগে ৷ অপৰাধক লৈ সাম্পদায়িক নীতি, মেৰুবিভাজন কৰিব নালাগে বুলি কয় তেওঁ ৷ জোনমণি ৰাভাক হত্যা কৰা বা মৃত্যু হোৱা যি অপৰাধী তেওঁ সমানে শাস্তি পাব লাগে, লগতে গোলাঘাটত এগৰাকী ব্যক্তিয়ে তিনিগৰাকী লোকক অতি বৰ্বৰভাৱে হত্যা কৰিছে সেইগৰাকীয়েও সমানে শাস্তি পাব লাগিব বুলি কয় তেওঁ ৷

উল্লেখযোগ্য যে, শুকুৰবাৰে অসম জাতীয় পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ সাধাৰণ সভা অনুষ্ঠিত হয় ৷ দিছপুৰ লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই সাধাৰণ সভা ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞা, পবীন্দ্ৰ ডেকাৰ লগতে অসম জাতীয় পৰিষদৰ নেতা-কৰ্মীসকল ৷ লোকনিৰ্মাণ বিভাগৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ ২২খন জিলাৰ প্ৰতিনিধিয়ে ৷ মহিলা জাতীয় শক্তিৰ পুনৰ গঠনৰ উদ্দেশ্য অনুষ্ঠিত হয় এই সভা ৷ লগতে এই সভাত দলৰ আগন্তুক কাৰ্যব্যৱস্থা আৰু কৰ্মপন্থাৰ বিষয়ে আলোচনা কৰা হয় ৷

লগতে পঢ়ক : Pijush Hazarika criticized Bhupen Borah; অসমৰ ৰাইজে ভূপেন বৰাক কেতিয়াও ক্ষমা নকৰে : পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.