গৰু চিণ্ডিকেটৰ ন্যায়িক তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ

author img

By

Published : Aug 25, 2021, 9:47 PM IST

গৰু চিণ্ডিকেটৰ ন্যায়িক তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ
গৰু চিণ্ডিকেটৰ ন্যায়িক তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ ()

গৰু চিণ্ডিকেটৰ জৰিয়তে হোৱা অবৈধ লেনদেন আৰু কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে । পত্ৰখনত কোৱা হৈছে, স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে সংবাদ মেলৰ আয়োজন কৰি গৰু ছিণ্ডিকেটৰ তথ্য ৰাজহুৱা কৰিছে ।

গুৱাহাটী, ২৫ আগষ্ট : অসমত সংঘটিত গৰু চিণ্ডিকেটৰ জৰিয়তে হোৱা অবৈধ লেনদেন আৰু কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছে অসম জাতীয় পৰিষদে । বুধবাৰে দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই স্বাক্ষৰ কৰি প্ৰেৰণ কৰা পত্ৰখনত কোৱা হৈছে, স্বয়ং অসমৰ মুখ্যমন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে সংবাদ মেলৰ আয়োজন কৰি গৰু ছিণ্ডিকেটৰ তথ্য ৰাজহুৱা কৰিছে ।

মুখ্যমন্ত্ৰীগৰাকী যিহেতু অসমৰ গৃহ বিভাগৰো মন্ত্ৰী সেয়ে তেওঁৰ এই বক্তব্য অতিশয় গুৰুত্বপূৰ্ণ । সেয়েহে সমগ্ৰ বিষয়টো উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰোৱাৰ দাবী উত্থাপন কৰিছে এজেপিয়ে । উল্লেখ্য যে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৩ জুলাইত নতুন দিল্লীত সংবাদমেলৰ আয়োজন কৰি সদৰী কৰিছিল যে অসমত গৰু চিণ্ডিকেটত প্ৰতি মাহে এহেজাৰ কোটি টকাৰ অবৈধ লেনদেন হয় ।

গৰু চিণ্ডিকেটৰ ন্যায়িক তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ
গৰু চিণ্ডিকেটৰ ন্যায়িক তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ পত্ৰ অসম জাতীয় পৰিষদৰ

অসম জাতীয় পৰিষদৰ মতে, মুখ্যমন্ত্ৰীয়ে দাঙি ধৰা তথ্য যদি সঁচা হয় তেনেহ'লে প্ৰতি মাহে এহেজাৰ কোটি টকা হিচাপত বিগত বিজেপি চৰকাৰৰ পাঁচ বছৰত ৬০ হাজাৰ কোটি টকাৰ অবৈধ লেনদেন সংঘটিত হৈছে । কিন্তু অসমত গৰু চিণ্ডিকেট বিগত পাঁচ ধৰি চলা নাই, তাৰ বহু আগৰে পৰা চলি আছে । তৰুণ গগৈ চৰকাৰৰ প্ৰথম কাৰ্যকালৰ শেষৰ ফালে অসমত গৰু চিণ্ডিকেট আৰম্ভ হৈ ২০০৬ চনত গঠিত কংগ্ৰেছৰ দ্বিতীয়টো চৰকাৰৰ কালত ব্যাপক ৰূপ ধাৰণ কৰে ।

লগতে পঢ়ক:ACS বিষয়া চাইবুৰ ৰহমানৰ বিলাসী অট্টালিকাত মুখ্যমন্ত্রীৰ তদাৰকী কোষৰ অভিযান

যদি ২০০৬ চনৰ পৰা ধৰা যায় তেনেহ'লে বিগত ১৫ বছৰত ১ লাখ ৮০ হাজাৰ কোটি টকাৰ অবৈধ লেনদেন হৈছে । এই কেলেংকাৰী ৰাজ্যৰ ইতিহাসৰ অন্যতম সৰ্ববৃহৎ কেলেংকাৰী হ'ব । এক বিবৃত্তি যোগে জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, এই মাৰাত্মক তথ্যটো যিহেতু স্বয়ং মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিছে, নিশ্চয় তেওঁ তথ্য-প্ৰমাণ হাতত লৈয়ে তেনেকৈ কৈছে ৷

কিন্তু মুখ্যমন্ত্ৰীৰ কাম কেৱল তথ্য ৰাজহুৱা কৰা নহয়, তাৰ তদন্তও কৰোৱা । ইতিপূৰ্বে অসম জাতীয় পৰিষদে একাধিকবাৰ দাবী উত্থাপন কৰাৰ পিছতো মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ তদন্ত ঘোষণা কৰা নাই । সেয়েহে বিষয়টোত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচৰা হৈছে বিবৃত্তিত উল্লেখ কৰে এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই ৷

প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা পত্ৰখনত জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে কয়, বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ২০০৬-২০১৬ৰ কংগ্ৰেছৰ কেবিনেট মন্ত্ৰীসভাৰো সদস্য আছিল । গতিকে এইটো সহজে ধাৰণা কৰিব পাৰি যে উক্ত সময়ছোৱাত হৈ থকা গৰুৰ অবৈধ সৰবৰাহ আৰু লেনদেনৰ ওপৰত তেখেতৰ পৰ্যাপ্ত জ্ঞান থাকিব । গতিকে ২০০৬-২০১৬ৰ সময়ছোৱা তদন্তৰ আওতালৈ আনিলে অপ্ৰত্যাশিত তথ্য উন্মোচিত হ'ব বুলি সন্দেহ প্ৰকাশ কৰে এজেপিৰ নেতাদ্বয়ে ৷

লগতে পঢ়ক: অসম-মেঘালয় সীমান্তৰ উমলাফেৰত উত্তেজনাময় পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.