ETV Bharat / state

Scam of Gautam Adanis Company: ৰাজহুৱা খণ্ডৰ বিত্তীয় প্ৰতিষ্ঠানত অসমৰ বিনিয়োগকাৰীৰ ধন সুৰক্ষাৰ দাবী অজাপৰ

author img

By

Published : Jan 30, 2023, 6:48 PM IST

AJP Demand for protection of investment money
অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ

আদানী-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ ? মুখ্যমন্ত্ৰীক স্থিতি স্পষ্ট কৰিবলৈ দাবী অসম জাতীয় পৰিষদৰ (AJP) ।

গুৱাহাটী, ৩০ জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘনিষ্ঠ উদ্যোগপতি গৌতম আদানীৰ কোম্পানীয়ে বৃহৎ বিত্তীয় অনিয়ম সংঘটিত কৰাৰ বাতৰি প্ৰকাশৰ পিচতেই উদ্বিগ্ন হৈ পৰিছে বিনোগকাৰীসকল (Financial irregularities in Gautam Adanis company)। অসমৰ যিসকল গ্ৰাহকে আদানীয়ে ঋণ লোৱা ষ্টেট বেংক অৱ ইণ্ডিয়া, পাঞ্জাব নেচনেল বেংক আৰু এল আই চি আদি ৰাজহুৱা খণ্ডৰ আগশাৰীৰ বেংক তথা বিত্তীয় প্ৰতিষ্ঠানসমূহত বিনিয়োগ কৰিছিল, তেওঁলোক এতিয়া উদ্বিগ্ন হৈ পৰিছে ৷

কিয়নো আদানীয়ে ঋণ লোৱা প্ৰতিষ্ঠানসমূহৰ শ্বেয়াৰ বজাৰৰ সূচাংক হুৰাহুৰে নামি অহাৰ ফলত লাখ লাখ গ্ৰাহকো লোকচানৰ মুখত পৰিছে ৷ এনে পৰিস্থিতিত অসমৰ বিনিয়োগকাৰীসকলৰ বিনিয়োগৰ ধনৰ সুৰক্ষা ৰাজ্য চৰকাৰে নিশ্চিত কৰিব লাগে বুলি দাবী জনাইছে অসম জাতীয় পৰিষদে (AJP Demand for protection of investment money) ৷

এই ক্ষেত্ৰত সংশ্লিষ্ট বেংক-বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে কথা পাতি এই বিষয়ত চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অসম জাতীয় পৰিষদক দাবী জনাইছে (AJP demand for Protection of Assam investors money)। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই আজি এক বিবৃতিত কয় যে ইতিপূৰ্বে নীৰব মোডী, মেহুল চৌকচিকে ধৰি গুজৰাটৰ ৩৭ গৰাকী ব্যৱসায়ীয়ে এক লাখ কোটিতকৈ অধিক টকা ঋণ লৈ ইতিমধ্যেই ভাৰতৰ পৰা পলায়ন কৰিছে ৷

তেওঁলোকে পুনৰ কয় যে এতিয়া আকৌ প্ৰধানমন্ত্ৰী মোডীৰ আশীষধন্য উদ্যোগপতি গৌতম আদানীৰ কোম্পানীয়ে বৃহৎ অনিয়মেৰে বিনিয়োগকাৰীৰ ধন নিজৰ বুলি দেখুৱাই সেই ধন 'মৰ্টগেজ'ত ৰাখি ষ্টেট বেংক ইণ্ডিয়া,পাঞ্জাব নেচনেল বেংক,এল আই চি আদি ৰাষ্ট্ৰীয়কৃত বেংক তথা বিত্তীয় প্ৰতিষ্ঠানৰ পৰা প্ৰায় ৮ লাখ কোটি টকাৰ ঋণ লৈ উক্ত বেংক-প্ৰতিষ্ঠানসমূহক বিপদত পেলাইছে ৷ সেয়েহে বিনিয়োগকাৰীসকলৰ নিদ্ৰাহৰণ হোৱাটো স্বাভাৱিক কথা ।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই পুনৰ কয় যে নাগৰিকৰ আৰ্থিক নিৰাপত্তা নিশ্চিত কৰাৰ দায়িত্ব যিহেতু ৰাজ্য চৰকাৰৰ ওপৰত ন্যস্ত, সেয়ে আদানী-কাণ্ডৰ ফলত এছ বি আই, পি এন বি, এল আই চি আদি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত ধন বিনিয়োগকাৰীসকলক তেওঁলোকৰ ধন সুৰক্ষিত হৈ থাকিব নে নাই, সেয়া অৱগত কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰে লোৱা উচিত ৷

লগতে পঢ়ক:World NTD Day: NTD ৰ পৰা হাত সাৰিবলৈ কেৱল সজাগতাই নহয়; প্ৰতিৰোধৰ প্ৰচেষ্টাও প্ৰয়োজনীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.