অক্টোবৰত নগা সমস্যা সমাধানৰ সম্ভাৱনা

author img

By

Published : Sep 30, 2021, 12:14 PM IST

solves the Naga problem

নগা‌ সমস্যা সমাধানৰ বাবে ১৯৯৭ চনৰ পৰাই চলি থকা শান্তি আলোচনাই শেহতীয়াকৈ এক বিশেষ ক্ষণত উপনীত হৈছেহি । কেন্দ্ৰীয় চৰকাৰৰ এক শীৰ্ষ সূত্ৰৰ মতে, আগন্তুক অক্টোবৰ মাহৰ ভিতৰতে এন এছ চি এন-আই এম ৰ লগত চলি‌ থকা শান্তি আলোচনাই শেষ পৰ্যায়ত উপনীত হ'ব ।

গুৱাহাটী,30 ছেপ্তেম্বৰ : সূদীৰ্ঘ ওঠৰ বছৰ ধৰি নগা সমস্যা সমাধান ৰ বাবে নগা বিদ্ৰোহী সংগঠন এন এছ চি‌ এন-আই এম আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত চলি‌ অহা শান্তি আলোচনাই এক বিশেষ ক্ষণত আহি‌ উপনীত হৈছেহি । কেন্দ্ৰীয় চৰকাৰৰ এক শীৰ্ষ সূত্ৰৰ জনোৱা অনুসৰি, আগন্তুক অক্টোবৰ মাহৰ ভিতৰতে এই‌ শান্তি আলোচনা শেষ পৰ্যায়ৰ বৈঠক নতুন দিল্লীত অনুষ্ঠিত হ'ব । আনকি এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি হিচাপে অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ।

এনে এছ চি এন-আই‌ এম ৰ হৈ বৈঠকত থাকিব সংগঠনটোৰ নেতা থুইংগালে মুইভা ।‌‌ উল্লেখ্য যে, ২০১৫ চনৰ ৩ আগষ্টত বিদ্ৰোহী সংগঠন টোৱে নাগালিমৰ প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ এটা গুৰুত্বপূৰ্ণ খোজ হিচাপে এক ফ্ৰেমৱৰ্ক চুক্তিত সাক্ষৰ কৰিছিল । কিন্তু সংগঠনটোৱে নাগলিমৰ বাবে নিজা পতাকা আৰু সংবিধান প্ৰণয়ন কৰিব বিচৰা কাৰ্যত কেন্দ্ৰীয় চৰকাৰ সৈমান নহ'ল । ফলত বিগত সাত বছৰ ধৰি নগা শান্তি চুক্তিৰ বিষয়টোৱে কোনো সমাধানৰ দিশে আগবঢ়া নাছিল ।

নগা শান্তি আলোচনাক বিশেষ ধৰণে আগবঢ়াই অনাত অতি‌ লক্ষণীয় ভাবে উজুটি খাই ৰোৱা ২২ ছেপ্তেম্বৰত এই আলোচনাৰ মধ্যস্থতাকাৰী তথা ৰাজ্যখনৰ ৰাজ্যপাল আৰু এন ৰবিয়ে পদত্যাগ কৰাৰ পিছতে বিষয়টোৱে এক নতুন মূৰ লয় ।

লগতে পঢ়ক: কেৰালাৰ পাৰ্শীৰাজাৰ ব্ৰিটিছ সাম্ৰাজ্যবিৰোধী সংগ্ৰামৰ কাহিনী

২০১৫ চনৰ আগষ্টত হোৱা‌ ফ্ৰেমৱৰ্ক চুক্তিত সাক্ষৰ কৰাৰ যি প্ৰক্ৰিয়া তাত আগভাগ লৈছিল আৰ এন ৰবিয়ে । কিন্তু অতি লক্ষণীয় ভাবে ৰবি আৰু এছ এছ চি এন প্ৰধান থুইংগালে মুইভাৰ মাজত কোনো কাৰণত মনোমালিন্য হয় । আনকি মুইভাই শান্তি আলোচনাৰ বিষয়টোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক প্ৰত্যক্ষ ভাবে হস্তক্ষেপ কৰিবলৈ মুকলিকৈ আহ্বান জনাইছিল । ইয়াৰ পিছতে আৰু এন ৰবিক তামিলনাডুৰ ৰাজ্য পালৰ দায়িত্ব দিয়া হয় ‌।

ঘটনাক্ৰমে ২২ ছেপ্তেম্বৰত ৰবিয়ে নগা শান্তি আলোচনাৰ মধ্যস্থতাকাৰী ৰ ভূমিকাৰ পৰাও পদত্যাগ কৰে । কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই সদৰি কৰা অনুসৰি, আৰ এন ৰবিয়ে পদত্যাগ কৰাৰ পিছত শান্তি আলোচনাৰ বিষয়টো আগবঢ়াই অনাৰ দায়িত্ব দিয়া হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ' ৰিঅ'ক । শেহতীয়াকৈ এই দুই নেতাই থুইংগালে মুইভাৰ লগত এক আলোচনাত মিলিত হৈছে ।

সূত্ৰটোৰ মতে, নগা সমস্যাৰ ৰাজনৈতিক সমাধানৰ এই পদক্ষেপত মুইভাই এইবাৰ এক বিশেষ ভূমিকা ল'ব যিয়ে দীৰ্ঘ দিনীয়া সমস্যা ৰ সমাধানৰ বাট কটাৰ সম্ভাৱনা স্পষ্ট কৰিছে । উল্লেখ্য যে, আগন্তুক মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্দেশ মৰ্মে নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিৎ ডোভালে অংশ ল’বলগীয়া এই বৈঠকৰ আয়োজন কৰাৰ বাবে দায়িত্ব দিয়া‌ হৈছে গৃহ বিভাগৰ ইন্টালিজেঞ্চ বু'ৰিঅৰ বিশেষ সঞ্চালক এ কে মিশ্ৰক ।

লগতে পঢ়ক: তিনি বছৰত ত্ৰিপুৰাত দহজন বিধায়কক আক্ৰমণ

মনকৰিবলগীয়া যে, নগা শান্তি আলোচনাৰ বিষয়টোৱে প্ৰায় দুটা দশক ধৰি গেঠেলা মাৰি‌ থকা বাবেই ইতিমধ্যে কেইবাজনো এন এছ চি‌ এন-আই এম নেতাই পুনৰ জংঘললৈ উভটি গৈছে । এই সকল নেতাই পুনৰ নগালেণ্ডক অশান্ত কৰাৰ বাবে চীনৰ দৰে বহিঃৰাষ্ট্ৰৰ পৃষ্ঠপোষকতা পোৱা বুলি চোৰাং চোৱাৰ হাতত তথ্য আছে । সেই বাবেই নগা সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰ উঠিপৰি লাগিছে বুলি সূত্ৰ টোৱে আঙুলিয়াই দিছে ।

সামগ্ৰিক ভাবে নগা সমস্যা সমাধানৰ বাবে লোৱা এই তৎপৰতাৰ অংশ হিচাবে শেহতীয়াকৈ এনে এছ চি এন-কে ক নেতৃত্ব দি থকা সংগঠনটোৰ মুখ্য সেনাধ্যক্ষ নিকি ছুমিৰ লগতো কেন্দ্ৰীয় চৰকাৰে যুদ্ধ বিৰতিৰ চুক্তি সাক্ষৰ কৰিছে । এছ এছ চি এন-কে ২০১৫ চনতে এবাৰ যুদ্ধ বিৰতি ঘোষনা কৰি শান্তি আলোচনাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাছিল । কিন্তু পৰিস্থিতি নিজৰ হাতলৈ অনাৰ তাগিদাত কেন্দ্ৰীয় চৰকাৰে এইবাৰ সংগঠনটোৰ খাপলাং গোটকো প্ৰক্ৰিয়াটোৰ অংশীদাৰ কৰিব বিচাৰিছে বুলি সূত্ৰটোৱে আঙুলিয়াই দিছে ।

লগতে পঢ়ক: বাদুলীৰ নমুনাত পোৱা গৈছে নিপা ভাইৰাছৰ অৱস্থিতি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.