ETV Bharat / state

বাঘজান কাণ্ডৰ ক্ষতিগ্ৰস্তক নিৰাপত্তা,ক্ষতিপূৰণ,পুনঃসংস্থাপন প্ৰদানত চৰকাৰ গুৰুত্বহীনতা !

author img

By

Published : Nov 10, 2020, 9:38 PM IST

ajd-press-meet-baghjan-oil-fire
বাঘজান কাণ্ডৰ ক্ষতিগ্ৰস্তক নিৰাপত্তা, ক্ষতিপূৰণ, পুনঃসংস্থাপন প্ৰদানত চৰকাৰ গুৰুত্বহীনতা !

বাঘজান গাঁও আৰু নতুন ৰঙাগড়া গাঁৱৰ লোকসকলে কঠোৰ আৰু তীব্ৰ আন্দোলন কৰাৰ ফলত সামান্যতম আর্থিক সহায় লাভ কৰিছে যদিও বাঘজান কাণ্ডৰ নিচেই ওচৰতে থকা অর্থাৎ ২ৰ পৰা ৬ কিলোমিটাৰ দূৰত থকা বহুকেইখন গাঁৱৰ লোকসকলে আজিলৈকে ক্ষতিপূৰণৰ কোনো নাম-গোন্ধ পোৱা নাই বুলি আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত মন্তব্য কৰে অসম জনতা দল আৰু আঞ্চলিক গণ মৰ্চাৰ নেতৃত্বই।

গুৱাহাটী,10 নৱেম্বৰঃ চলিত বৰ্ষৰ 27 মেত বাঘজান অইল কাণ্ড সংঘটিত হোৱা দিনৰপৰাই বাঘজানৰ দাঁতিকাষৰীয়া লোকসকলে ব্যাপক ৰূপত ক্ষতিগ্রস্ত হৈ আহিছে যদিও অইল তথা চৰকাৰে ক্ষতিগ্ৰস্তসকলক ক্ষতিপূৰণ প্রদান কৰা, নিৰাপত্তা প্রদান কৰা অথবা পুণঃসংস্থাপনৰ কোনো ব্যৱস্থা কৰা নাই । বাঘজান গাঁও আৰু নতুন ৰঙাগড়া গাঁৱৰ লোকসকলে কঠোৰ আৰু তীব্ৰ আন্দোলন কৰাৰ ফলত সামান্যতম আর্থিক সহায় লাভ কৰিছে যদিও বাঘজান কাণ্ডৰ নিচেই ওচৰতে থকা অর্থাৎ ২ৰ পৰা ৬ কিলোমিটাৰ দূৰত থকা বহুকেইখন গাঁৱৰ লোকসকলে আজিলৈকে ক্ষতিপূৰণৰ কোনো নাম-গোন্ধ পোৱা নাই বুলি আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত মন্তব্য কৰে অসম জনতা দল আৰু আঞ্চলিক গণ মৰ্চাৰ নেতৃত্বই।

বাঘজান কাণ্ডৰ ক্ষতিগ্ৰস্তক নিৰাপত্তা, ক্ষতিপূৰণ, পুনঃসংস্থাপন প্ৰদানত চৰকাৰ গুৰুত্বহীনতা !

সংবাদমেলত অসম জনতা দলৰ সভাপতি নিৰন্ত গোহাঁইয়ে কয় যে, ভাৰত চৰকাৰৰ প্রতিস্থান WII ৰ তদন্ত প্রতিবেদনত স্পষ্টকৈ উল্লেখ আছিল যে বাঘজান অইল কাণ্ডৰ পৰা উৎপন্ন শব্দই ১২ কি:মি: দূৰলৈকে ক্ষতিগ্রস্ত কৰিছে। প্ৰদূষণ পৰিষদৰ প্রতিবেদনতে উল্লেখ আছে বাঘজান কাণ্ডৰ পৰা নিৰ্গত কণ্ডেনচেটসমূহ ৬ কি: মি: দূৰলৈকে পৰিছিল।

ইপিনে অইল আৰু জিলা প্রশাসনে ৰহস্যজনকভাৱে নতুৰঙাগড়া গাঁও আৰু বাঘজান গাৱঁৰ লোকসকলৰ ক্ষতিগ্রস্তৰ তালিকাত বৈষ্যমত প্ৰদৰ্শন কৰি বহু লোকৰ নাম তালিকাৰ পৰা বাহিৰ কৰি ৰাখিছে । ন্যায়াধিকৰণে এই বঞ্চিত লোকসকলক নির্দিষ্ট সময়ৰ ভিতৰত ক্ষতিপূৰণ কৰিবলৈ নির্দেশ দিছিল যদিও প্রশাসনে সেই নির্দেশ অমান্য কৰিছে । ইয়াৰ বাবে প্রশাসনে সদায় থলুৱা দাবী সমিতিবোৰেহে ইয়াৰ তালিকা প্রস্তুত কৰা বুলি অপপ্রচাৰ কৰি থলুৱা লোকসকলৰ মাজত সংঘাট সৃষ্টি কৰি বিভাজনৰ কুটিল ৰাজনীতিৰে ক্ষতিগ্রস্তসকলক বঞ্চিত কৰাৰ নীতি পালন কৰি আহিছে ।

আনহাতে বাঘজান কাণ্ডৰ সংঘটিত ঠাইৰ পৰা ১২ কি: মি: দূৰত্বলৈকে ক্ষতিগ্রস্ত প্রতিজন বাসিন্দাক অইলে শ্রেণীবিভাগ কৰি উপযুক্ত ক্ষতিপূৰণ দিয়া তথা ৬ কি:মি: দুৰত্বলৈকে অতিকৈ ক্ষতিগ্রস্ত বাসিন্দা সকলক ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণে নির্ধাৰিত কৰি দিয়া তিনিটা শ্রেণী ভিত্তিত ক্ষতিপূৰণ দিবই লাগিব বুলি সংবাদমেলত আঞ্চলিক গণ মৰ্চা তথা অসম জনতা দলে দাবী উত্থাপন কৰে।


লগতে পঢ়কঃ বিহাৰ নিৰ্বাচন ভাৰতবৰ্ষত বিজেপি ধূলিসাৎ হোৱাৰ আগজাননী : জাকিৰ হুছেইন শিকদাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.