ETV Bharat / state

Rahul Gandhi Defamation Case Update : উচ্চতম ন্যায়ালয়ৰ ৰায়দানক আদৰণি AIUDF ৰ

author img

By

Published : Aug 5, 2023, 10:26 AM IST

দোষমুক্ত হ’ল ৰাহুল গান্ধী ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ বাহাল ৰখাৰ ক্ষেত্ৰত উচ্চতম ন্যায়লয়ে তেওঁৰ পক্ষত দিলে ৰায়দান ৷ উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানক আদৰণি AIUDF দলেও ৷

Rahul Gandhi Defamation Case Update
দোষমুক্ত হ’ল ৰাহুল গান্ধী

দোষমুক্ত হ’ল ৰাহুল গান্ধী

গুৱাহাটী, ৫ আগষ্ট : উচ্চতম ন্যায়ালয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ক্ষেত্ৰত দিয়া ৰায়ক আদৰণি জনাইছে এ আই ইউ ডি এফ দলে । এই সন্দৰ্ভত দলৰ সাধাৰণ সম্পাদক তথা মানকাচাৰৰ বিধায়ক আমিনুল ইছলামে কয় যে স্বেচ্ছাচাৰী বিজেপি চৰকাৰৰ অন্যায় অবিচাৰৰ বিৰুদ্ধে জনগনৰ শেষ ভৰষা হ’ল আদালত ।

উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ সাংসদ পদ বাহাল ৰখাৰ ক্ষেত্ৰত দিয়া ৰায়ক আদৰণি জনাইছো বুলি উল্লেখ কৰে ৷ তেওঁ আৰু কয় যে এই ৰায় গণতন্ত্ৰৰ জয় আৰু অন্যায়ৰ পৰাজয় । উল্লেখ্য যে, মোদী উপাধিৰ গোচৰত ৰাহুল গান্ধীৰ বিৰুদ্ধে গুজৰাটৰ আদালতে দিয়া ৰায়দানত শুকুৰবাৰে স্থগিতাদেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে ।

উচ্চতম ন্যায়ালয়ৰ এই ৰায়দানৰ ফলত এতিয়া ৰাহুল গান্ধীয়ে সাংসদ পদ ওভতাই পোৱাৰ পথ প্ৰশস্ত হ’ল । লগতে নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ৰাহুল গান্ধীয়ে । মানহানিৰ এটা গোচৰত চুৰাটৰ এখন নিম্ন আদালতে ৰাহুল গান্ধীক দুবছৰৰ কাৰাদণ্ড দিছিল ।

পৰৱৰ্তী সময়ত সেই ৰায়দানক গুজৰাট উচ্চ ন্যায়ালয়ে বাহাল ৰখিছিল । কিন্তু শুকুৰবাৰে দেশৰ উচ্চতম ন্যায়ালয়ে এই ৰায়দানত স্থগিতাদেশ জাৰি কৰে । ন্যায়ালয়ৰ এই ৰায়দানক কংগ্ৰেছ দলৰ উপৰি বিৰোধী দলসমূহে আদৰণি জনাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । সকলোৱে এই ৰায়দানক ভাৰতবৰ্ষৰ সংবিধান আৰু গণতন্ত্ৰৰ জয় আখ্যা দিছে ।

আনহাতে, গুজৰাট উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীক প্ৰদান কৰা শাস্তিৰ ৰায় শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়ে স্থগিত ৰখাৰ পাচতে সমগ্ৰ দেশতেই কংগ্ৰেছ নেতা-কৰ্মীসকলৰ মাজত উঠিছে আনন্দৰ জোৱাৰ উঠা দেখিবলৈ পোৱা যায় ৷ ন্যায়াধীশ বি আৰ গাভাই, পি এছ নৰসিংহ আৰু সঞ্জয় কুমাৰক লৈ গঠিত এখন বিচাৰপীঠে কয় যে বিচাৰ আদালতৰ ন্যায়াধীশে গোচৰটোত গান্ধীৰ ওপৰত সৰ্বাধিক দুবছৰৰ শাস্তি আৰোপ কৰাৰ কোনো উপযুক্ত কাৰণ উল্লেখ কৰা নাই ৷

লগতে পঢ়ক : Rahul Gandhi: মোৰ মনত এই কথা স্পষ্ট যে মই কি কৰিব লাগিব আৰু মোৰ কাম কি; ৰাহুল গান্ধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.