ETV Bharat / state

Ajmal meets Nitish Kumar: আজমলক নীতিশ কুমাৰৰ বৰপীৰা; এঘণ্টা জোৰা বৈঠক

author img

By

Published : May 12, 2023, 8:08 PM IST

Updated : May 12, 2023, 8:27 PM IST

Ajmal meets Nitish Kumar
Ajmal meets Nitish Kumar

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সৈতে বৈঠকত মিলিত হ’ল AIUDFৰ এটা সঁজাতী দল ৷ অসমত বিৰোধী ঐক্যই আজমলক এলাগী কৰিলেও ৰাষ্ট্ৰীয় ৰাজনীতিৰ বিৰোধী গোটত AIUDF চামিল হোৱা বিষয়টোৱেই বহন কৰিছে বিশেষ ৰাজনৈতিক তাৎপৰ্য (AIUDF JDU meet) ৷

ৰাষ্ট্ৰীয় বিৰোধী ঐক্যক লৈ কি স্থিতি AIUDF ৰ?

গুৱাহাটী, ১২ মে’ : অসমত কংগ্ৰেছ বা আন বিৰোধীয়ে এলাগী কৰিছে যদিও ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিত বৰপীৰা পাৰি চাহ-জলপান খুৱালে বদৰুদ্দিন আজমলক (Badruddin Ajmal) ৷ কংগ্ৰেছে অসমত গুৰুত্ব দিব নোখোজা AIUDF ক ৰাষ্ট্ৰীয় শক্তিৰ অংশীদাৰ হ’বলৈ মাতি নি ফুলৰ থোপাৰে আদৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে (Ajmal meets Nitish Kumar) ৷

অসমত কংগ্ৰেছৰ নেতৃত্বত গঠিত ১১ দলীয় সন্মিলিত বিৰোধী শক্তিয়ে আঁতৰত ৰাখিলেও AIUDFয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ ৰাজনৈতিক সঞ্চালন অব্যাহত ৰাখিছে ৷ শুকুৰবাৰে AIUDF ৰ এক সঁজাতী দলে সাক্ষাৎ কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক ৷ নেতৃত্বত AIUDF ৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমল ৷ আগন্তুক ২০২৪ ৰ লোকসভাৰ বাবে তৃতীয় সংগঠিত বিকল্প শক্তিৰ প্ৰচেষ্টাত থকা নীতিশ কুমাৰক শুকুৰবাৰে আগবেলা সাক্ষাৎ কৰে AIUDFৰ নেতৃত্বই (Opposition front led by Nitish Kumar) ৷

প্ৰায় এঘণ্টা সময় ধৰি নেতিশ কুমাৰে AIUDF ৰ দলটোৰ সৈতে আলোচনা কৰিলে দেশৰ সাম্প্ৰতিক ৰাজনীতি প্ৰসংগত ৷ সাংসদ বদৰুদ্দিন আজমলৰ নেতৃত্বত যোৱা দলটোত আছিল AIUDFৰ জ্যেষ্ঠ নেতা তথা সাধাৰণ সম্পাদক তথা মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, বিধায়ক কৰিমুদ্দিন বৰভূঞা আৰু ধুবুৰীৰ বিধায়ক নজৰুল হক ৷

ইটিভি ভাৰতৰ সাংবাদিকৰে হোৱা টেলিফোনিক বাৰ্তালাপত আমিনুল ইছলামে সদৰী কৰে যে নীতিশ কুমাৰৰ আমন্ত্ৰণ মৰ্মেই AIUDFৰ দলটো গৈ বিহাৰৰ পাটনা উপস্থিত হয় ৷ নীতিশ কুমাৰে AIUDFক বিজেপি বিৰোধী শক্তিৰ সৈতে চামিল হ’বলৈ আদৰণি জনায় ৷ AIUDFয়েও নীতিশৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিজেপি বিৰোধী তৃতীয় শক্তিত চামিল হৈ সক্ৰিয় অংশীদাৰ হোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে (AIUDF joins opposition front) ৷

লগতে আমিনুল ইছলামে কয় যে, ইতিমধ্যে বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধী দল একত্ৰিত হ’ব লাগে বুলি কংগ্ৰেছ অধ্যক্ষ মল্লিকাজুৰ্ন খাৰ্গেৰ সৈতে নীতিশ কুমাৰে কথা পাতিছে বুলিও AIUDFৰ সঁজাতী দলটোক সদৰী কৰে ৷ অসমৰ কংগ্ৰেছ আৰু আন বিৰোধী ১০ ৰাজনৈতিক শক্তিৰে AIUDFৰ মত-প্ৰাৰ্থক্য প্ৰসংগইয়ো নীতিশ কুমাৰৰ সৈতে আলোচনাত স্থান লাভ কৰে বুলি AIUDFৰ তৰফৰ পৰা জনোৱা হৈছে ৷

কেৱল ২০২৪ত বিজেপিৰে যুঁজাৰ পণ লোৱা অভিজ্ঞ ৰাজনীতিবিদ নীতিশ কুমাৰকেই নহয় শুকুৰবাৰৰ সন্ধিয়ালৈ RJDৰ নেতৃত্বকো AIUDFৰ সঁজাতী দলটোৱে সাক্ষাৎ কৰাৰ কথা ৷ যোৱা কিছুদিনৰ ভিতৰত নীতিশ কুমাৰে মিচন ২০২৪ আগত ৰাখি মহাৰাষ্ট্ৰত শাৰদ পাৱাৰ, পশ্চিমবংগত মমতা বেনাৰ্জী আৰু ওড়িশাত নবীন পাটনায়কক সাক্ষাৎ কৰি আহিছে নীতিশ কুমাৰে (Lok Sabha election 2024) ৷

স্বাভাৱিকতে অসমত বিৰোধী কংগ্ৰেছৰ ছত্ৰাধীন ১১ দলীয় সন্মিলিত শক্তিয়ে AIUDFক এলাগী কৰি ৰাখিলেও আগন্তুক লোকসভা নিৰ্বাচনত বিৰোধীৰ চানক্যৰ ভূমিকাত অৱতীৰ্ণ হ’ব খোজা নীতিশ কুমাৰে আজমলক আমন্ত্ৰণে বিশেষ ৰাজনৈতিক তাৎপৰ্য বহন কৰিছে ৷

মনকৰিবলগীয়া যে অসমত বিশেষ প্ৰভাৱশালী নহ’লেও কিন্তু কংগ্ৰেছৰ বিজেপি বিৰোধী ১০ সতীৰ্থ দলৰ মাজত আছে নীতিশ কুমাৰৰ দল জেডিইউ ৷ উল্লেখ্য যে AIUDF বিধায়ক তথা সাঃ সম্পাদক আমিনুল ইছলামৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হৈছিল ইটিভি ভাৰতৰ ব্যুৰ চীফ্ প্ৰশান্ত বৰুৱা ৷

লগতে পঢ়ক: Lok Sabha election 2024: পুনৰ ভূপেন বৰাক হেমামালিনী হৈ নাচিবলৈ প্ৰত্যাহ্বান আজমলৰ

Last Updated :May 12, 2023, 8:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.