ETV Bharat / state

Lok Sabha election preparation : তৃতীয় মৰ্চাৰ অপেক্ষাত এ আই ইউ ডি এফৰ মুৰব্বী আজমল

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 2:16 PM IST

MP Badruddin Ajmal
সাংসদ বদৰুদ্দিন আজমল

সংগ বিচাৰি হাবাথুৰি খাই ফুৰিছে সাংসদ বদৰুদ্দিন আজমলে । কাৰো সংগ নাপালে অকলেই নিৰ্বাচনী যুঁজত নামিব এ আই ইউ ডি এফ । ধুবুৰীত আজমলেই আগবঢ়াব প্রতিদ্বন্দ্বিতা । তিনিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব দলটোৱে । বাৰম্বাৰ প্ৰত্যাখ্যান কৰাৰ পাচতো 'ইণ্ডিয়া'ৰ মোহ এৰিব পৰা নাই আজমলে । বাদ দিয়া নাই আশা । প্ৰতিটো মুহূৰ্ততে কংগ্ৰেছক কটাক্ষ আজমলৰ ।

গুৱাহাটী, ২৯ অক্টোবৰ : সংগ নাপাই যেন দিশাহাৰা হৈছে এ আই ইউ ডি এফৰ মুৰব্বী তথা ধুবুৰী সমষ্টিৰ সাংসদ বদৰুদ্দিন আজমল । মিত্রতাৰ বাবে বাৰম্বাৰ হাত আগবঢ়াই বিফল হোৱা আজমলে এইবাৰ 'একলা চল’ নীতি ল’বলৈ বাধ্য হৈছে । অৱশ্যে এতিয়াও আশা বাদ দিয়া নাই আজমলে । সৰ্বভাৰতীয় পৰ্যায়ত গঠন হোৱা বিৰোধীৰ 'ইণ্ডিয়া'ত অন্তৰ্ভুক্ত হোৱাৰ আশা এতিয়াও আছে এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীৰ । অৱশ্যে আশাত বন্দী হৈ থকা আজমলে প্ৰতি মূহুৰ্ততে কংগ্ৰেছ দল আৰু কংগ্ৰেছ নেতাক সমালোচনা কৰাৰ পৰা বিৰত থকা নাই ।

ইফালে, আগন্তুক লোকসভা নিৰ্বাচনত আজমলে ধুবুৰী সমষ্টিত প্রতিদ্বন্দ্বিতাত নামিব । আজমলৰ মতে তেওঁ জীয়াই থকালৈকে ধুবুৰীত কোনো জয়ী হ'ব নোৱাৰে । আনহাতে, কংগ্ৰেছ বা আন বিৰোধী দলে ইণ্ডিয়াত অংশগ্ৰহণ কৰিবলৈ আজমলক আমন্ত্রণ নজনোৱাত একপ্ৰকাৰ বিফল মনোৰথেৰে এ আই ইউ ডি এফে অকলশৰীয়াকৈ তিনিটা লোকসভা সমষ্টিত প্রার্থী থিয় কৰাবলৈ সাজু হৈছে ।

MP Badruddin Ajmal
সাংসদ বদৰুদ্দিন আজমল

অৱশ্যে ইণ্ডিয়াৰ পৰা আঁতৰত থকা দলৰে তৃতীয় মৰ্চা গঠন কৰাৰ অপেক্ষাতো আছে এ আই ইউ ডি এফ । মুঠতে দলটোক সংগী লাগে । দলটোৰ সাধাৰণ সম্পাদক বিধায়ক আমিনুল ইছলামে উল্লেখ কৰা মতে, তেওঁলোকে কৰিমগঞ্জ, নগাঁও আৰু ধুবুৰীত প্ৰাৰ্থী থিয় কৰাব । যদি তৃতীয় মৰ্চা গঠন হয় তেতিয়া বিষয়টো পুনৰ বিবেচনা কৰা হ’ব ।

তেওঁ কয় যে ধুবুৰীত বদৰুদ্দিন আজমলে প্রতিদ্বন্দ্বিতাত নামিব । কৰিমগঞ্জত কে এম বাহাৰুল ইছলাম, চিৰাজউদ্দিন আজমল, চাহাবুদ্দিন চৌধুৰী, ৰাধেশ্যাম বিশ্বাস আৰু নগাঁৱত বিধায়ক আমিনুল ইছলাম, জেহিৰুল ইছলাম, চম্পক কলিতা আৰু আদিত্য লাংথাছাৰ নাম চৰ্চাত আছে বুলি সাধাৰণ সম্পাদক আমিনুল ইছলামে জানিবলৈ দিয়ে । ইফালে, কংগ্ৰেছৰ নেতৃত্বত গঠন হোৱা বিৰোধী ঐক্যমঞ্চত স্থান নোপোৱা এ আই ইউ ডি এফৰ সভাপতি তথা সাংসদ আজমলৰ মতে, আসনক লৈ হোৱা আলোচনাৰ পাছতেই ভাঙিব অসমৰ বিৰোধীৰ ঐক্য ।

আনহাতে, আজমলে দাবী কৰে যে কংগ্ৰেছৰ বাবেই সংখ্যালঘুৰ মূৰত আজি 'বাংলাদেশী'ৰ দাগ । বৰ্তমানৰ পৰিস্থিতিত ডলাৰ বগৰী স্বৰূপ হৈ পৰা এ আই ইউ ডি এফ দলটো কংগ্ৰেছৰ মতে বিজেপিৰ 'বি টিম' আৰু বিজেপিৰ মতে কংগ্ৰেছৰ 'বি টিম' । বিজেপি আৰু কংগ্ৰেছৰ এনে তৰ্কৰ বিপৰীতে সাংসদ আজমলৰ দাবী যে বিজেপিৰ চক্ৰান্তৰ বাবেই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত মিত্ৰতা হোৱা নাই ।

সাংসদগৰাকীৰ মতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ সকলো নেতা-পালিনেতা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ জেপত সোমাই আছে । এ আই ইউ ডি এফৰে মিত্ৰতা নকৰিবলৈ কংগ্ৰেছক হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত দিছে । কংগ্ৰেছক কটাক্ষ কৰিলেও কিন্তু আজমলে এতিয়াও 'ইণ্ডিয়া'ত চামিল হোৱাৰ আশা পুহি ৰাখিছে ৷

আনকি চামিল নহ’লেও 'ইণ্ডিয়া'ৰ প্ৰতি পূৰ্ণ সমৰ্থন থকাৰ কথা পুনৰ দোহাৰে আজমলে । আজমলৰ দৃঢ় বিশ্বাস যে আগন্তুক লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভা সমষ্টিত তেওঁ অনায়াসে জয়ী হ’ব । সমান্তৰালকৈ নগাঁও আৰু কৰিমগঞ্জ লোকসভা সমষ্টিতো তেওঁলোকৰ প্ৰাৰ্থী জয়ী হ’ব বুলি নিশ্চিত সাংসদগৰাকী ।

ইফালে, কংগ্ৰেছ দলে অসমত এখনো আসন নাপাই বুলি সদৰি কৰি আজমলে কয় যে এইবাৰ নিৰ্বাচনত অসমৰ ৰাইজে কংগ্ৰেছক আৰু ভোট ভিক্ষা নিদিয়ে । লক্ষণীয় বিষয় যে নিৰ্বাচন আহিলে বোকা ছটিওৱাৰ ৰাজনীতি আৰম্ভ হোৱাটো নতুন কথা নহয় । বৰ্তমান সময়ত তাৰেই প্ৰতিফলন ঘটিছে । সংখ্যালঘুৰ ভোটক লৈ ৰাজনীতি কৰা এ আই ইউ ডি এফ দলে এইবাৰ কি অংকৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব সেয়া লক্ষণীয় হ'ব ।

ইফালে, নিৰ্বাচন আহিলে আৰম্ভ কৰা জৰা-ফুকাৰ ৰাজনীতি পুনৰ আৰম্ভ কৰিছে আজমলে ।

লগতে পঢ়ক:Erosion of Beki river : বেঁকীৰ কাল খহনীয়া; মানচিত্ৰৰ পৰা নিঃচিহ্ন হোৱাৰ পথত জনীয়া গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.