ETV Bharat / state

New Year Celebration : সাৱধান ! আজি নিশা গোলাপী হৈ ৰাস্তালৈ নোলাব

author img

By

Published : Dec 31, 2022, 5:23 PM IST

New Year Celebration
সুৰাপান কৰি আজি নিশা ৰাজপথত উদ্ভণ্ডালি কৰিলে ৰক্ষা নাই

বছৰৰ শেষ দিনটো উদযাপনৰ সময়ত হ’ব লাগিব যথেষ্ট সতৰ্ক ৷ কাৰণ নিয়ম ভংগ কৰিলেই পৰিব লাগিব বিপদত ৷ কঠোৰতকৈও কঠোৰ হৈছে প্ৰশাসন, আৰক্ষী, আবকাৰী বিভাগ ৷ যুদ্ধকালীন তৎপৰতাৰে অভিযানত নামি পৰিছে পৰিবহন বিভাগ আৰু আৰক্ষী (New Year Celebration in Guwahati) ৷

সাৱধান! আজি নিশা গোলাপী হৈ ৰাস্তালৈ নোলাব

গুৱাহাটী, ৩১ ডিচেম্বৰ: নতুন বছৰক আদৰাৰ নামত আজি নিশা উদ্ভণ্ডালি কৰিলে ৰক্ষা নাই । কাৰণ নিশা ৰাজপথত উদ্ভণ্ডালি কৰাসকলক কঠোৰ হাতেৰে দমন কৰাৰ বাবে সাজু হৈছে মহানগৰ আৰক্ষী, প্ৰশাসন, আবকাৰী বিভাগ আৰু পৰিবহণ বিভাগ । নৱবৰ্ষ উদযাপনৰ ক্ষেত্ৰত ইতিমধ্যেই মহানগৰ আৰক্ষী আৰু প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে (Rules and Regulation of new year celebration in Guwahati)।

সেই অনুসৰি আজি নিশা ৰাজপথত চলিব ব্যাপক অভিযান ৷ ঠায়ে ঠায়ে আৰক্ষীৰ লগতে বিভাগীয় কৰ্তৃপক্ষই চলাব ব্যাপক অভিযান ৷ সুৰাপান কৰি গাড়ী চলালে সাৰি যাব নোৱাৰিব । মূলতঃ সুৰাপান কৰি গাড়ী চলালে বিপদত পৰাটো নিশ্চিত ৷ ইফালে পৰিবহন বিভাগেও ৩১ ডিচেম্বৰৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে । দুৰ্ঘটনা ৰোধৰ বাবে ইতিমধ্যেই পৰিবহণ বিভাগে কেতবোৰ বিশেষ উদ্যোগ গ্ৰহণ কৰিছে ।

নৱবৰ্ষ দুৰ্ঘটনামুক্ত কৰাৰ লক্ষ্যৰে আজি মহানগৰ জিলা পৰিবহণ বিভাগে গুৱাহাটীত সজাগতামূলক বাটৰ নাট প্ৰদৰ্শন কৰে (Street play in Guwahati)। নৱবৰ্ষক সুন্দৰভাৱে উদযাপন কৰাৰ আহ্বান জনাই বাটৰ নাট পৰিৱেশন কৰে পৰিবহন বিভাগে । পৰিবহণ বিভাগৰ সহকাৰী পৰিবহন আয়ুক্ত গৌতম দাসে(DTO Gautam Das) নিজেও এই বাটৰ নাটত অংশগ্ৰহণ কৰি ৰাইজক সুৰা পৰিহাৰ কৰি বাহন চলোৱাৰ লগতে সুৰক্ষিতভাৱে নতুন বছৰক আদৰাৰ আহ্বান জনায় ।

দিনৰ ভাগত পৰিবহণ বিভাগে পথ সুৰক্ষাৰ সজাগতা অনুষ্ঠান কৰি ৰাইজক সজাগ-সচেতন কৰি দিছে । কিন্তু নিশা সজাগ-সচেতন নহ'লে বিপদত পৰাটো খাটাং । ইফালে মহানগৰ আৰক্ষীও সাজু হৈছে নৱবৰ্ষ উদযাপনৰ নামত উদ্ভণ্ডালি কৰাসকলক কঠোৰভাৱে দমন কৰাৰ বাবে (New Year Celebration in Guwahati)। ইতিমধ্যে মহানগৰ আৰক্ষীয়ে নৱবৰ্ষ উদযাপনৰ ক্ষেত্ৰত কেতবোৰ নিয়ম মানি চলাৰ বাবে আহ্বান জনাইছে । এক কথাত কেতবোৰ চৰ্ত বান্ধি দিছে ।

মহানগৰ আৰক্ষীয়ে সকলোকে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে ১৯ টা নিয়ম মানি চলাৰ বাবে আহ্বান জনাইছে । গুৱাহাটী মহানগৰ আৰক্ষীয়ে সুৰাপান কৰি গাড়ী নচলোৱাৰ লগতে নিৰ্ধাৰিত গতিবেগত গাড়ী চলোৱা, দুচকীয়া বাহনৰ চালক আৰু আৰোহী উভয়ে হেলমেট পৰিধান কৰাটো নিশ্চিত কৰা, গাড়ী চলোৱাৰ সময়ত বৈধ অনুজ্ঞাপত্ৰ লগত ৰখা, চাৰিকীয়া গাড়ী চলোৱাৰ সময়ত চালকে ‘চিটবেল্ট’ লগোৱা, চালকৰ লগতে সমুখৰ আসনত আৰু পিছৰ আসনত থকা আৰোহীয়েও ‘চিটবেল্ট’ লগোৱা, চাৰিকীয়া গাড়ী অথবা দুচকীয়া বাহন চলাই থাকোতে মোবাইল ফোন ব্যৱহাৰ নকৰাৰ বাবে আহ্বান জনাইছে ।

সেইদৰে মূলপথত উঠাৰ পূৰ্বে গাড়ীৰ গতিবেগ হ্ৰাস কৰা, গাড়ী চলোৱাৰ সময়ত সন্মুখৰ গাড়ীৰ পৰা নিৰাপদ ব্যৱধান বজাই ৰখা, নিৰ্ধাৰিত স্থানতহে গাড়ী ৰখা, নিৰ্ধাৰণ কৰি থোৱা পথ অনুসৰণ কৰাৰ বাবে আহ্বান জনাইছে । আনহাতে হোটেল, মল, ৰেষ্টুৰেণ্ট, ক্লাব ইত্যাদিয়ে নৱবৰ্ষ উদযাপনৰ বাবে বিশেষ অনুষ্ঠানৰ আয়োজন কৰিলে গ্ৰাহক নাইবা দর্শনার্থীৰ গতিবিধি দৃশ্যমান হোৱাকৈ চি চি কেমেৰা ব্যৱহাৰ কৰিব লাগিব ।

বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হোটেল, ক্লাব, ৰেষ্টুৰেণ্টসমূহে ভিৰ নিয়ন্ত্ৰণৰ বাবে পর্যাপ্ত সেচ্ছাসেৱক, ব্যক্তিগত নিৰাপত্তাৰক্ষীৰ ব্যৱস্থাও কৰিব লাগিব । সেইদৰে বিশেষ অনুষ্ঠানৰ অংশগ্ৰহণকাৰী তথা দর্শনার্থীৰ বাবে পর্যাপ্ত পাৰ্কিং স্থান, নিৰাপত্তা ব্যৱস্থা আৰু চি চি কেমেৰাৰ ব্যৱস্থা কৰিব লাগিব । প্ৰায়োজনতকৈ বেছি ভিৰ কোনো কাৰণতে হ’বলৈ অনুমতি দিয়া নহ'ব বুলি মহানগৰ আৰক্ষীয়ে সংশ্লিষ্ট সকলোকে সতৰ্ক কৰি দিছে ।

নৱবৰ্ষ উদযাপনৰ নামত উদ্ভণ্ডালি কৰিলে কঠোৰ হ'ব আৰক্ষী । মহানগৰ আৰক্ষীৰ এই চৰ্তসমূহ মানি নচলিলে আজি বিপদ পৰাটো নিশ্চিত ।

লগতে পঢ়ক: Reshuffle in administration of Assam : ৰাজ্য প্ৰশাসনৰ শীৰ্ষ মহলত পদোন্নতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.