ETV Bharat / state

Gender equality and education: পাঠ্যপুথিত লিংগ বৈষম্যহীন পাঠ্যক্ৰম অন্তৰ্ভুক্তিৰ প্ৰসংগৰে পৰামৰ্শমূলক আলোচনা সভা

author img

By

Published : Feb 11, 2023, 8:11 PM IST

Gender Equality Education
Actionaid ৰ পৰামৰ্শমূলক আলোচনা সভা

আজি গুৱাহাটীত অনুষ্ঠিত হয় ৰাজ্যিক পৰ্যায়ৰ এখনি পৰামৰ্শমূলক আলোচনা সভা ৷ NCRT য়ে প্ৰস্তুত কৰা অসমৰ বিদ্যালয়ৰ পাঠ্যপুথিত লিংগ বৈষম্যহীন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে বেচৰকাৰী সংস্থা Actionaid য়ে অনুষ্ঠিত কৰে এই আলোচনা সভাখন (Consultation meeting for gender neutral curriculum) ৷

Actionaid ৰ উদ্যোগত পৰামৰ্শমূলক আলোচনা সভা

গুৱাহাটী, 11 ফেব্ৰুৱাৰী: NCRT য়ে প্ৰস্তুত কৰা অসমৰ বিদ্যালয়ৰ পাঠ্যপুথিত লিংগ বৈষম্যহীন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্য আগত ৰাখি বেচৰকাৰী সংস্থা Actionaid য়ে গুৱাহাটীত শনিবাৰে ৰাজ্যিক পৰ্যায়ৰ এক পৰামৰ্শমূলক আলোচনা সভা অনুষ্ঠিত কৰে (Actionaid conducted state level consultation meeting) । সভাত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২২ লগত সংগতি ৰাখি অসমৰ বিদ্যালয়ৰ পাঠ্যপুথিত লিংগ বৈষম্যহীন পাঠ্যক্ৰমৰ প্ৰয়োজনীয়তা সম্পৰ্কে গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় (Consultation meeting for gender neutral curriculum) ।

এই কাৰ্যসূচীৰ সম্পৰ্কত একচনএইড (Actionaid) প্ৰকল্পৰ নেতৃত্ব দিয়া নয়নজ্যোতি ভূঞাই কয় যে বৰ্তমান ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২২ ৰ পাঠ্যক্ৰম প্ৰস্তুতি প্ৰক্ৰিয়া আৰম্ভ হৈছে । একচনএইডৰ উদ্দেশ্য হ’ল ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২২ ত শিক্ষাৰ লগত লিংগভিত্তিক কথা যেনে পুৰুষ, মহিলা, তৃতীয় লিংগৰ সমতাৰ কথা পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা । দেখা যায় যে পাঠ্যক্ৰমত এক পক্ষীয় কথা থাকে । NCRT য়ে প্ৰস্তুত কৰা অসমৰ বিদ্যালয়ৰ পাঠ্যপুথিত লিংগ ভিত্তিক বৈষম্য যাতে নাথাকে, সমতা থাকে সেইবিষয়ৰ ওপৰত গুৰুত্ব দি একচনএইডয়ে এই আলোচনাৰ‌ মাজেদি পাঠ্যক্ৰমৰ এক ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে চৰকাৰী পক্ষক পৰামৰ্শ দিয়াৰ পদক্ষেপ লৈছে ।

তেওঁ লগতে কয় যে আজিৰ এই সভাত শিক্ষাবিদ, সমাজসেৱী, বিভিন্ন অগ্ৰগণী সংগঠনৰ বিভিন্ন পক্ষৰ ব্যক্তি উপস্থিত আছিল । তেওঁলোকে বিভিন্ন পৰামৰ্শ আগবঢ়াইছে । এই পৰামৰ্শসমূহ প্ৰতিবেদন আকাৰে প্ৰস্তুত কৰি চৰকাৰৰ সংশ্লিষ্ট বিভাগক প্ৰদান কৰা হ’ব (Actionaid conducted consultation meeting) ।

উল্লেখযোগ্য যে সভাৰ আৰম্ভণিতে একচনএইডৰ পৰামৰ্শদাতা ৰত্মা ভৰালী তালুকদাৰে বিষয়বস্তুৰ সম্পৰ্কত আলোচনা কৰে। সভাত আদৰণি ভাষণ দিয়ে একচনএইডৰ ৰাষ্ট্ৰীয় জ্যেষ্ঠ নেতৃত্ব মৃনাল গোহাঁইয়ে আদৰণি ভাষণ দিয়ে । আলোচনা সভাৰ কাৰিকৰী সত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ মহিলা অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক পুনম কে বৰাই শিক্ষাত লিংগৰ জন্ম দিয়া: প্ৰতিফলন আৰু সম্ভাৱনা (Gender in Education, Reflections and Possibilities) সম্পৰ্কে আলোচনা কৰে ।

আকৌ ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপক ডেইজী বৰাই লিংগ ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০: চাহ বাগিচা অঞ্চল, অসমৰ পৰা পৰ্যবেক্ষণ (National Education Policy 2020 through a gender lens: Observations from the tea garden area, Assam) সম্পৰ্কে আলোচনা কৰে ।

আনহাতে গোৱালপাৰা চৰকাৰী বি টি কলেজৰ প্ৰবক্তা অপৰাজিতা গগৈয়ে অসমৰ বৃহত্তৰ গোৱালপাৰা অঞ্চলৰ পাঠ্যক্ৰমত লিংগ দৃষ্টিকোণ কৰা (Gender perspectives in the Curriculum in greater Goalpara area of Assam) সম্পৰ্কে আলোচনা কৰে । সভাৰ অন্তত একচনএইডৰ ৰাষ্ট্ৰীয় নেতৃত্ব সুদাতা খুন্তীয়াই কয় যে একচনএইডয়ে অসম, বিহাৰ আৰু উত্তৰ প্ৰদেশত লিংগ বৈষম্যহীন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰাৰ উদ্দেশ্যে জৰীপ চলায় আছে । অসমৰ তিনিখন জিলাত ১০০০ মানুহক সামৰি জৰীপ চলায় আছে ।‌ ছাত্ৰী, অভিভাৱক, শিক্ষক আদিক এই জৰীপত সামৰি লোৱা হৈছে ।

লগতে পঢ়ক: Srimanta Sankaradeva Sangha: দ্বিতীয় দিনাও উদুলি মুদুলি জোনাইৰ পৰমানন্দ আতা সমন্বয় ক্ষেত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.