ETV Bharat / state

ACA Controversy : টিকটৰ নিয়মাৱলীৰ বেনাৰত মাতৃভাষাৰ শ্ৰাদ্ধ; অসম ক্ৰিকেট সন্থাৰ সভাপতিৰ প্ৰতিক্ৰিয়া

author img

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 9:05 PM IST

Updated : Sep 29, 2023, 10:06 PM IST

প্ৰস্তুতি মেচৰ টিকটৰ নিয়মীয়াৱলীত বানান ভুলৰ সন্দৰ্ভত অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈৰ প্ৰতিক্ৰিয়া ৷ আই চি চিয়ে এটা ব্যক্তিগত প্ৰতিষ্ঠানক ডিজিটেল প্ৰচাৰ তথা বেনাৰ লগোৱাৰ দায়িত্ব দিছিল বুলি কয় তেওঁ ৷

ACA President Taranga Gogoi
টিকটৰ নিয়মীয়াৱলীত বানান ভুল

অসম ক্ৰিকেট সন্থাৰ সভাপতিৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, 29 ছেপ্টেম্বৰ : আই চি চি এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’বলগীয়া প্ৰস্তুতি মেচৰ টিকটৰ নিয়মীয়াৱলীত বানান ভুলৰ সন্দৰ্ভত অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈৰ প্ৰতিক্ৰিয়া ৷ তেওঁ কয় যে, "অনাকাংক্ষিত ভুলৰ বাবে আমি দুঃখিত ৷ কিন্তু প্ৰকৃততে ভুল আমাৰ নহয় ৷ আমি কেৱল খেলপথাৰ খনহে দিছো "- এই মন্তব্য বিধায়ক তথা সন্থাৰ সভাপতি তৰংগ গগৈৰ ৷

গুৱাহাটীত অনুষ্ঠিত হোৱা আই চি চি বিশ্বকাপ ক্ৰিকেটৰ প্ৰথমখন ৱার্মআপ মেচৰ টিকটৰ নিয়মাৱলীৰ বেনাৰত ভুল অসমীয়া শব্দৰ সন্দৰ্ভত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে ৷ তেওঁ কয় যে, সংবাদ মাধ্যমে দোষটো আঙুলিয়াই দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো ৷ কিন্তু বাতৰিটো কৰাৰ পূৰ্বে আমাৰ পৰা অকণমান তথ্য লৈ বাতৰিটো পৰিৱেশন কৰিলে আৰু ভাল পালোঁ হয় বুলি কয় তেওঁ ৷ লগতে গগৈয়ে কয় যে, ভুলটো অসম ক্ৰিকেট সন্থাৰ বুলি বহুতেই প্ৰচাৰ কৰি আছে ৷ কিন্তু প্ৰকৃততে ভুল আমাৰ নহয় ৷ আমি কেৱল খেলপথাৰ খনহে দিছো ৷ তাৰ বিনিময়ত আমাক কেইটামান টকা দিব ৷ বাকী সকলো কাম কৰিছে আই চি চিয়ে ৷

আই চি চিয়ে এটা ব্যক্তিগত প্ৰতিষ্ঠানক ডিজিটেল প্ৰচাৰ তথা বেনাৰ লগোৱাৰ দায়িত্ব দিছিল বুলি কয় তেওঁ ৷ তেওঁলোকে পোনপটীয়াকৈ গুগল ট্ৰান্সলেট নকৰি এবাৰ অসম ক্ৰিকেট সন্থাক সুধিব লাগিছিল ৷ সেইটো তেওঁলোকে ভুল কৰিছে ৷ আমি আই চি চিক কথাটো জনাইছোঁ ৷ তেওঁলোকেৰ বিৰুদ্ধে পদক্ষেপ আই চি চিয়েহে ল'ব পাৰিব বুলি মন্তব্য কৰে সভাপতিজনে ৷

লগতে ভৰলুৰ ওপৰত তিৰপাল দিয়াক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সভাপতিগৰাকীয়ে ৷ সেই সন্দৰ্ভত মন্তব্য কৰি তেওঁ কয় যে, মহ নোলাবৰ বাবে প্ৰতিবাৰেই তিৰপাল দিয়া হয় ৷ কদৰ্য ঢাকিবলৈ নহয় ৷ কদৰ্য ঢাকিবলৈ কৰাহেতেঁন গোটেই গুৱাহাটীতেই কৰিলহেতেঁন ৷ আমি ভাল পাওঁ ভুলবোৰ আঙুলিয়াই দিলে ৷ কেৱল শুদ্ধভাৱে দিয়ক ৷ আমিও বহুত কষ্ট কৰি আছোঁ বুলি মন্তব্য কৰে সভাপতিগৰাকীয়ে ৷

লগতে পঢ়ক : APSC Cash for Job Scam: অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ বাবে পুনৰ তদন্ত সমিতি গঠন

Last Updated : Sep 29, 2023, 10:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.