ETV Bharat / state

গুৱাহাটীত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

author img

By

Published : Sep 3, 2022, 6:23 PM IST

abhiruchi krira divas observed in guwahati
গুৱাহাটীত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে ৩৯ সংখ্যক অভিৰুচি ক্ৰীড়া দিৱস(Abhiruchi Krira Divas observed in Assam) । ৰাজ্যৰ ১০৬ টা অঞ্চলৰ উপৰিও মহানগৰীতো আড়ম্বৰপূৰ্ণভাবে উদযাপন কৰা হয় দিৱসটি(Abhiruchi Krira Divas observed in Guwahati) । অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে মহানগৰীৰ চানমাৰী উৰনীয়া সেতুৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা হয় সামূহিক দৌৰ ।

গুৱাহাটী,৩ ছেপ্টেম্বৰ: আজি ৩ ছেপ্টেম্বৰ । অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটাপ্ৰাপক ভোগেশ্বৰ বৰুৱাৰ জন্মদিন (Abhiruchi Krira Divas observed in Assam) । এসময়ৰ অসমৰ আগশাৰীৰ ক্ৰীড়া আলোচনী 'অভিৰুচি'য়ে ভাৰতৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈগৰাকীৰ জন্মদিনটো 'অভিৰুচি" ক্ৰীড়া দিৱসৰূপে পোন প্ৰথমে পালন কৰিছিল । তাৰ পিছৰে পৰাই অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটো সৰ্বস্তৰতে অভিৰুচি ক্ৰীড়া দিৱস হিচাবে পালন কৰি অহা হৈছে ।

গুৱাহাটীত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে মহানগৰীতো অনুষ্ঠিত কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস(Abhiruchi Krira Divas observed in Guwahati) । মহানগৰীৰ চানমাৰী উৰনীয়া সেতুৰ পৰা নেহৰু ষ্টেডিয়ামলৈ উলিওৱা হয় সামূহিক দৌৰ । উক্ত সামুহিক দৌৰত অংশগ্ৰহণ কৰে বিভিন্ন সংগঠনৰ উপৰিও একাংশ বিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীয়ে । সামূহিক দৌৰত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে অলিম্পিয়ান দীপা কৰ্মকাৰ আৰু তেওঁৰ প্ৰশিক্ষক দ্ৰোনাচাৰ্য বিশ্বেশ্বৰ নন্দীয়ে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে প্ৰাক্তন মন্ত্ৰী ডাঃ কমলা কলিতা,বিজেপিৰ সাংগঠনিক সম্পাদক ফনী শৰ্মা, প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা ।

উল্লেখ্য, ভোগেশ্বৰ বৰুৱাৰ জন্ম ৩ ছেপ্টেম্বৰ, ১৯৪০ চনত (Indian former athlete and coach Bhogeswar Baruah) । ১৯৬৬ চনৰ এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰা প্ৰথমগৰাকী অসমীয়া হিচাবে ইতিহাসৰ পৃষ্ঠাত নাম খোদিত কৰায় । তেওঁ ১৯৭০ চনৰ এছিয়ান গেমছত ৪x৪০০ মিটাৰ ৰিলেত ৰূপৰ পদকো জয় কৰিছিল । ভোগেশ্বৰ বৰুৱা হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া (First Assamese Arjuna awardee Bhogeswar Baruah) ।

ভোগেশ্বৰ বৰুৱাৰ সৰুৰে পৰা ক্ৰীড়াৰ প্ৰতি বিশেষ অনুৰাগ আছিল । বিশেষকৈ তেওঁ ফুটবল খেল অতি ভাল পাইছিল । তেওঁ 1960 চনত ভাৰতীয় প্ৰতিৰক্ষা বাহিনীত যোগদান কৰে (Bhogeswar Baruah joined Indian Defence Force in 1960) । সেনাবাহিনীত যোগদান কৰাৰ কিছুদিন পিছতে ভোগেশ্বৰ বৰুৱাই তেওঁৰ দৌৰৰ প্ৰাৰম্ভিক কেৰিয়াৰ আৰম্ভ কৰে । তেওঁ কেইবাটাও দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি অসংখ্য ইভেণ্টত স্বৰ্ণ জয় কৰিছিল ।

1965 চনত বাংগালোৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় এথলেটিকছ প্ৰতিযোগিতাত (National Athletics Competition) তেওঁ 1 মিনিট 49.9 ছেকেণ্ডত 800 মিটাৰ দৌৰ সমাপ্ত কৰি ৰাষ্ট্ৰীয় অভিলেখ গঢ়ে । ১৯৬৬ চনৰ এছিয়ান গেমছত তেওঁ ১ মিনিট ৪৯.৪ ছেকেণ্ডত ৮০০ মিটাৰ দৌৰি স্বৰ্ণ জয় কৰে । যিটো আছিল এছিয়াৰ এক নতুন অভিলেখ (Bhogeswar Baruah set new Asian record in 1966) । আনহাতে, 1970 চনৰ এছিয়ান গেমছত তেওঁ 4x400 মিটাৰ ৰিলেত ৰূপৰ পদক জয় কৰিছিল ।

২০২১ চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (Chief Minister Himanta Biswa Sarma) চৰকাৰে ঘোষণা কৰে যে ভোগেশ্বৰ বৰুৱাৰ জন্মদিন অসমত ক্ৰীড়া দিৱস হিচাপে পালন কৰা হ'ব (Bhogeswar Baruah Birthday celebrated as sports day)। 3 ছেপ্টেম্বৰ, 2021 তাৰিখে ক্ৰীড়া পেঞ্চন বঁটা প্ৰদান অনুষ্ঠানত হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে পেঞ্চন অনুমোদন-পত্ৰ প্ৰদান কৰা 13 জন ব্যক্তিৰ ভিতৰত ভোগেশ্বৰ বৰুৱা আছিল অন্যতম । মুখ্যমন্ত্ৰীৰ ভাষাত, ভোগেশ্বৰ বৰুৱাৰ জীৱন আৰু কৃতিত্বই আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব ।

লগতে পঢ়ক: ৰাজ্যৰ ক্ৰীড়া ক্ষেত্রৰ বাবে মুখ্যমন্ত্রীয়ে কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.