ETV Bharat / state

Abdul Khaleque: মুখ্যমন্ত্রীৰ পৰিবাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত সদন কমিটিৰ পোষকতা সাংসদ আব্দুল খালেকৰ

author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 7:30 PM IST

Abdul Khaleque
Abdul Khaleque

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ভূমি ক্ৰয় প্ৰসংগক লৈ এতিয়া তোলপাৰ লাগিছে সমগ্ৰ ৰাজ্য ৷ এই সন্দৰ্ভত তদন্ত সমিতি গঠন কৰাৰ দাবী উত্থাপন কৰিছে সাংসদ আব্দুল খালেকে ৷ তেওঁ কয় যে এই বিষয়টো সৰ্বদলীয় সদন কমিটিয়েহে নিষ্পত্তি কৰিব পাৰিব ।

হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ ভূমি ক্ৰয় প্ৰসংগক লৈ তোলপাৰ ৰাজ্য

গুৱাহাটী, ১২ ছেপ্টেম্বৰ: মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ বিৰুদ্ধে উত্থাপন হোৱা ভূমি কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত সদন কমিটি গঠনৰ পোষকতা কৰিছে সাংসদ আব্দুল খালেকে । মঙলবাৰে বিধানসভা চৌহদত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীৰ পত্নীৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত সাংসদ খালেকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

তেওঁ কয় যে এই বিষয়টোত বিৰোধী বিধায়কসকলে সদনত উত্থাপন কৰি সদন কমিটি দাবী কৰিব লাগে । কাৰণ সৰ্বদলীয় সদন কমিটিয়েহে বিষয়টো নিষ্পত্তি কৰিব পাৰিব । মুখ্যমন্ত্রীৰ পৰিবাৰৰ বিৰুদ্ধে এটাৰ পাছত আনটোকৈ অভিযোগ অহা বিষয়টো সন্দৰ্ভত সৰ্বদলীয় সদন কমিটিয়েহে নিষ্পত্তি কৰিব পাৰিব ।

এইক্ষেত্রত মুখ্যমন্ত্রীয়েও সদন কমিটি গঠনত সন্মতি প্ৰদান কৰিব লাগে বুলি উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্রীগৰাকী সদায় সন্দেহৰ আৱৰ্তত থাকিলে ৰাজ্যৰ উন্নতি সম্ভৱ নহয় । আনহাতে এ আই ইউ ডি এফৰ সাংসদ বদৰুদ্দিন আজমলে মুখ্যমন্ত্রীক সাক্ষাৎ কৰা প্ৰসংগত তেওঁ কয় যে আজমলে মুছলমানক লৈ ৰাজনীতি কৰে ।

তেওঁ আশ্চৰ্য্য প্ৰকাশ কৰি কয় যে তিনিখনকৈ মাদ্ৰাছাত বুলড'জাৰ চলোৱা বিষয়ত আজমল সম্পূৰ্ণ নিমাত । কোনো ধৰণৰ প্ৰতিবাদ নকৰিলে । আজমল উলেমাৰ ৰাজ্যিক সভাপতি হোৱাৰ পিছতো কোনো ধৰণৰ প্ৰতিবাদ সংগঠনটোৰ তৰফৰ পৰা কৰা দেখা নগ'ল ।

এই কাৰ্যক তেওঁ ৰহস্যজনক বুলি উল্লেখ কৰে । তেওঁ লগতে কয় যে মাদ্ৰাছা ভাঙি পেলোৱা সন্দৰ্ভত দুই ধৰণৰ যুক্তি দাঙি ধৰা হৈছে । আচলতে কোনোটো সঁচা বুলি তেওঁ প্ৰশ্ন কৰে ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে ব্যাপক হাৰত ভূমি ক্ৰয় কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ শৰ্মাৰ পত্নীয়ে দুটা দিনত ক্ৰয় মুঠ ১০৬ বিঘা ৩ কঠা ৬ লেচা মাটি ক্ৰয় কৰা তথ্য প্ৰকাশ পোৱাৰ পাছতেই উত্তপ্ত হৈ পৰিছে অসম বিধানসভা ৷

লগতে পঢ়ক: Akhil Gogoi Vs CM in Assembly : এইবাৰো বিধানসভাত মুখ্যমন্ত্ৰী আৰু অখিল গগৈৰ বাক্যযুদ্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.