ETV Bharat / state

BVFCL Namrup: নামৰূপ সাৰ কাৰখানা বন্ধৰ সিদ্ধান্তৰ বিৰোধিতা আছুৰ; তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ

author img

By

Published : Jul 23, 2023, 2:46 PM IST

AASU General Secretary
বন্ধ হ'ব নামৰূপৰ সাৰ কাৰখানা

নামৰূপ সাৰ কাৰখানা অসমবাসীৰ হৃদপিণ্ড। কোনো কাৰণতে সাৰ কাৰখানা বন্ধ হ'বলৈ দিয়া নহ'ব। তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ সদৌ অসম ছাত্ৰ সন্থাৰ।

নামৰূপ সাৰ কাৰখানা বন্ধৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ

গুৱাহাটী, 23 জুলাই : জাগীৰোডৰ কাগজ কলৰ দৰেই অতি শীঘ্ৰে বন্ধ হ'ব নামৰূপৰ সাৰ কাৰখানা ৷ লোকসভাত সাংসদ গৌৰৱ গগৈৰ এক প্ৰশ্নৰ উত্তৰত এই কথা নিশ্চিত কৰে কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাই ৷ কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ভগৱন্ত খুবাই দিয়া লিখিত উত্তৰৰ তথ্য মতে নামৰূপৰ সাৰ কাৰখানা বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ চৰকাৰৰ এই তথ্যৰ পিচতেই এতিয়া হাহাকাৰময় পৰিবেশৰ সৃষ্টি হৈছে নামৰূপ সাৰ কাৰখানাৰ শ্ৰমিক-কৰ্মচাৰীৰ মাজত ৷

আনহাতে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তক তীব্ৰ বিৰোধিতা কৰিছে জাতীয় দল-সংগঠনসমূহে ৷ দেওবাৰে সাৰ কাৰখানা বন্ধ কৰাৰ চৰকাৰৰ যি সিদ্ধান্ত তাৰ বিৰোধিতা কৰি প্ৰতিক্ৰিয়া আগবঢ়াই সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ৷ শংকৰজ্যোতি বৰুৱাই মন্তব্য কৰি কয় যে কোনো কাৰণতে সাৰ কাৰখানা বন্ধ হ'বলৈ দিয়া নহ'ব ৷ নামৰূপ সাৰ কাৰখানা অসমবাসীৰ হৃদপিণ্ড | অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি অৰ্থনীতি তথা কৃষক সকল নিৰ্ভৰ কৰে নামৰূপৰ সাৰ কাৰখানাৰ ওপৰত | নামৰূপস্থিত এই সাৰ কাৰখানাৰ পৰা উত্তৰ-পূৰ্বাঞ্চলত প্ৰয়োজনীয় 5 লাখ মেট্ৰিক'টন সাৰৰ 70 শতাংশ সাৰ যোগান ধৰি আহিছে ৷

তেওঁ আৰু কয়, ‘‘সাৰ কাৰখানাটোৰ ইতিমধ্যেই দুটা গোটৰ উৎপাদন বন্ধ হৈ গৈছে ৷ তৃতীয় গোটৰ উৎপাদন চলি আছে যদিও, সেই উৎপাদনৰ জৰিয়তে ৰাজ্যৰ সমগ্ৰ কৃষি অৰ্থনীতিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা নাই ৷ এই সম্পৰ্কে আছুৱে বিভিন্ন সময়ত মন্তব্য প্ৰদান কৰি আহিছে ৷ কেইবছৰমান পূৰ্বে সাৰ কাৰখানাটোলৈ 5 হাজাৰ কোটি টকা প্ৰদান কৰাৰ কথাও চৰকাৰে ঘোষণা কৰিছিল ৷ কিন্তু চৰকাৰৰ সেই ঘোষণা এতিয়া অসাৰ প্ৰতিপন্ন হোৱাহে পৰিলক্ষিত হ’ল ৷

লগতে তেওঁ মন্তব্য কৰি কয়, "এই সাৰ কাৰখানাত বহু থলুৱা লোক কৰ্মৰত হৈ আছে ৷ শেহতীয়াকৈ ইয়াৰ দায়িত্ব বহিৰাগতক প্ৰদান কৰাৰ পাচত, সেই ব্যক্তিসকলে অনুষ্ঠানটোৰ উন্নতিৰ বিপৰীতে এই অনুষ্ঠানটো কেনেকৈ বন্ধ কৰি ইয়াৰ পৰা যাব লাগে সেই কথাতে নিমজ্জিত হৈ থাকিল ৷ চৰকাৰখনে যে অসমীবাসী ৰাইজৰ কথা নুশুনে সেই কথা চৰকাৰৰ এই সিদ্ধান্তৰ পিছত এতিয়া স্পষ্ট হৈ পৰিছে বুলি কয় ছাত্ৰ নেতাজনে ৷ কাৰ অভিসন্ধিত চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে সেইটো এতিয়া লাখ টকীয়া প্ৰশ্ন বুলি মন্তব্য কৰে শংকৰজ্যোতি বৰুৱাই ৷ এই উদ্যোগটোৰ সৈতে অসমবাসীৰ আবেগ জড়িত হৈ আছে ৷ প্ৰধানমন্ত্ৰীক সৈমান কৰায় সাৰ কাৰখানাটো পুনৰ্জীৱিত কৰি তুলিবলৈ চৰকাৰক দাবী জনায় শংকৰজ্যোতি বৰুৱাই ৷

চৰকাৰে যদি এই দাবী মানি নলয় তেন্তে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সাধাৰণ সম্পাদকগৰাকীয়ে ৷ ইতিমধ্যে দেওবাৰে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে তেওঁ ৷ লগতে 25 জুলাইত গণ বিক্ষোভৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ৷

লগতে পঢ়ক : Protest in Namrup: নামৰূপ সাৰ কাৰখানাৰ ইউনিয়নক আমন্ত্ৰণ সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.