হঠাৎ বৃদ্ধি বিদ্যুতৰ মাচুল, গুৱাহাটীত আম আদমী পাৰ্টিৰ প্ৰতিবাদ

author img

By

Published : Sep 16, 2022, 2:12 PM IST

AAP
গুৱাহাটীত আম আদমী পাৰ্টিৰ প্ৰতিবাদ ()

অসমৰ জনসাধাৰণৰ ওপৰত পুনৰ মাধমাৰ সোধাইছে চৰকাৰে । শক্তি বিভাগে অস্বাভাৱিকভাৱে বৃদ্ধি কৰিছে বিদ্যুতৰ মাচুল । চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ বিভিন্ন দল-সংগঠনৰ । আম আদমী পাৰ্টিৰ কৰ্মীসকলে বিজুলী ভৱনৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (AAP protest at Bijulee Bhawan)। বিদ্যুতৰ মাচুল ৰেহাইৰ ক্ষেত্ৰত দিল্লী আৰু পাঞ্জাৱ চৰকাৰক অনুসৰণ কৰিবলৈ অসম চৰকাৰক আহ্বান প্ৰতিবাদকাৰীৰ ।

গুৱাহাটী,১৬ ছেপ্টেম্বৰ : শেহতীয়া বিদ্যুতৰ বিলখনত হয়টো কিছু পৰিৱৰ্তন আপুনি লক্ষ্য কৰিছে । হয়টো আপুনি পূৰ্বতকৈ যথেষ্ট বেছি মাচুল পৰিশোধ কৰিবলগীয়া হৈছে ! সম্প্ৰতি এই বিষয়টোৱে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে । হঠাৎ বিদ্যুৎ মাচুল বৃদ্ধি হোৱাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে (Electricity charges hiked in Assam)। ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে আকৌ শক্তি বিভাগ লগতে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়ণ কৰা দেখা গৈছে (Protest over electricity charges hike)।

আম আদমী পাৰ্টিৰ ৰাজ্যিক সমিতিয়েও শুকুৰবাৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । পল্টনবজাৰস্থিত বিজুলী ভৱনৰ সন্মুখত দলটোৱে প্ৰতিবাদৰ জৰিয়তে পৰিৱেশ উত্তাল কৰি তোলে । চৰকাৰে হঠাৎ অত্যাধিক হাৰত বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বিৰুদ্ধে আপ অসমে গৰজি উঠা দেখা গৈছে ।

ইফালে বিজুলী ভৱনৰ প্ৰৱেশ পথত থকা গেট খুলি ভিতৰলৈ সোমাই APDCLৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে আপ অসমে (AAP protest against APDCL)। ৰাজ্যৰ শক্তি মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদী শ্ল'গান দিয়ে আম আদমী পাৰ্টিৰ কৰ্মীসকলে ।

গুৱাহাটীত আম আদমী পাৰ্টিৰ প্ৰতিবাদ

আপৰ নেতাসকলে অভিযোগ কৰা মতে যোৱা দুই-তিনি মাহৰ পৰা অসমৰ বিদ্যুতৰ গ্ৰাহকসকললৈ অস্বাভাৱিকভাৱে বৰ্ধিত হাৰত মাচুল আহিছে । যি সময়ত এক ইউনিটো বিদ্যুৎ উৎপাদন নকৰা দিল্লী চৰকাৰে ২০০ ইউনিটলৈকে বিদ্যুৎ মাচুল ৰেহাই দি আছে আৰু ২০০ৰ পৰা ৪০০ ইউনিট বিদ্যুৎ ব্যৱহাৰকাৰী গ্ৰাহকক ৫০ শতাংশ মাচুল ৰেহাই দি আছে, সেই একেই সময়তে অসমৰ APDCL কৰ্তৃপক্ষই অতি গোপনে অসমৰ গ্ৰাহকসকলৰ মাচুল ৮০ৰ পৰা ১০০ শতাংশ পর্যন্ত বৃদ্ধি কৰিছে ।

কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে ৰাইজৰ ওপৰত বিভিন্ন ধৰণৰ কৰ জাপি দি এইবাৰ বিদ্যুতৰ মাচুল অনৈতিকভাৱে বঢ়াই দিছে বুলি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে আপৰ নেতা-কৰ্মীসকলে । ইয়াৰ দ্বাৰা সাধাৰণ জনতাৰ মাহেকীয়া ঘৰুৱা বাজেটত ব্যয়ৰ পৰিমাণ বৃদ্ধি হৈছে বুলিও অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে । যোৱা দুই-তিনি মাহত APDCL কৰ্তৃপক্ষই গোপনে মাচুল বৃদ্ধি কৰি অনৈতিকতাৰ আশ্ৰয় লৈছে আৰু ইয়াৰ বিপৰীতে ২৪ ঘণ্টাই বিজুলী যোগানৰ যি ৰাজনৈতিক শ্ল'গান আছিল, তাক সফলকাম কৰিব নোৱাৰি APDCLয়ে চৰকাৰখনকে শ'লঠেকত পেলাবলৈ গৈ আছে ।

সেয়েহে সাধাৰণ জনতাৰ ওপৰত চৰকাৰে আৰু মাধমাৰ দিয়া বন্ধ কৰিবলৈ আপ অসমে দাবী জনায় । ইয়াৰ উপৰিও গোপনে মাচুল বৃদ্ধি কৰা কাৰ্য বন্ধ কৰা, দিল্লী আৰু পাঞ্জাৱ চৰকাৰৰ দৰে অসমতো ৩০০ ইউনিট পর্যন্ত বিদ্যুৎ মাচুল ৰেহাই দিয়া, প্ৰতিশ্ৰুতি অনুসৰি ২৪ ঘণ্টাই বিজুলী যোগান নিশ্চিত কৰা, অসমত বিদ্যুৎ শক্তিৰ উৎপাদন বৃদ্ধি কৰা আৰু নৱীকৰণযোগ্য শক্তিৰ উৎস বিশেষকৈ সৌৰ শক্তি, বতাহ শক্তিৰ পৰা বিদ্যুৎ আহৰণত অধিক গুৰুত্ব দিবলৈ আম আদমী দলৰ নেতাসকলে চৰকাৰক দাবী জনায় ।

লগতে পঢ়ক :ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে মৰাণত প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.