ETV Bharat / state

AAP Slams Assam CM : হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত বৃদ্ধি পাইছে মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ; আপৰ অভিযোগ

author img

By

Published : Jul 7, 2023, 7:53 PM IST

অসমত ২০২০ চনৰ পিছত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ ১৫৪ শতাংশ বৃদ্ধি পাইছে । ২০২২ চনত অসমত ৯৪৩ টা ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২৩ চনত ১,২৪৩ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ।

AAP Slams Assam CM
AAP Slams Assam CM

গুৱাহাটী, ৭ জুলাই : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে বুলি গুৰুতৰত অভিযোগ কৰিছে আপৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজাই । শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত আপৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমত মহিলা আৰু শিশু সুৰক্ষিত নহয় । তেওঁ নেচনেল ক্ৰাইম ব্যুৰ'ৰ ৰিপোৰ্টৰ তথ্য দাঙি ধৰি কয় যে অসমত ২০২০ চনৰ পিছত মহিলা আৰু শিশুৰ বিৰুদ্ধে অপৰাধ ১৫৪ শতাংশ বৃদ্ধি পাইছে । ২০২২ চনত অসমত ৯৪৩ টা ধৰ্ষণৰ ঘটনা সংঘটিত হোৱাৰ বিপৰীতে ২০২৩ চনত ১,২৪৩ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে ।

উত্তৰ প্ৰদেশতকৈ অসমত মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে বুলি অভিযোগ আপৰ । আপৰ ৰাজ্যিক মুখপাত্ৰ অনুৰূপা ডেকাৰজাই কয়, "ৰাজ্যজুৰি নাৰী নিৰ্যাতনৰ লগতে নাৰীজনিত অপৰাধ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ কিন্তু বিজেপি চৰকাৰে এই ক্ষেত্ৰত একো কৰিব পৰা নাই । অর্থাৎ নাৰী সুৰক্ষাত ব্যৰ্থ হৈছে চৰকাৰ ৷" তেওঁ কয় যে বৰডুবিত বিজেপিৰ এগৰাকী পঞ্চায়ত সভাপতিৰ দ্বাৰা নাবালিকাক বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে । এই ক্ষেত্ৰত দোষীৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা শূন্য ।

আকৌ গোলাঘাট জিলাৰ দেৰগাঁৱত মন্দিৰৰ পুৰোহিতৰ দ্বাৰা ১৩ বছৰীয়া পালিত কন্যাক বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে । কিন্তু অভিযুক্ত শম্ভূ দোছাদক আৰক্ষীয়ে কৰায়ত্ত কৰিব পৰা নাই । ধনশিৰি মহকুমাৰ উৰিয়ামঘাটত জাহিৰুল আলম নামৰ লোকজনৰ দ্বাৰা নাবালিকাক অপহৰণ কৰি ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে । ইপিনে কাছাৰৰ ৰাজনগৰ কাটাটিল্লাত সঞ্জয় ৰয় নামৰ এজনৰ দ্বাৰা ৯ বছৰীয়া নাবালিকাক বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে । এই ক্ষেত্ৰতো আৰক্ষীৰ ব্যৱস্থা শূন্য ।

নগাঁও জিলাৰ বটদ্ৰৱাৰ মেৰাতলত দুই পথচাৰী মহিলাক ৫ দুৰ্বৃত্তৰ দ্বাৰা বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে । কিন্তু জাজৰি থানাত গোচৰ দিয়াৰ পাচতো অভিযুক্ত ছাহজাহান, নাছিৰুদ্দিন, ৱাজিউল ইছলাম,আনাৰ হুছেইন, হাবিজুদ্দিনৰ বিৰুদ্ধে আৰক্ষীৰ ব্যৱস্থা শূন্য । মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তৰ চেলেঙত টিংকু গড় নামৰ লম্পটৰ দ্বাৰা খুৰাকৰ ১২ বছৰীয়া কন্যা বলাৎকাৰৰ বলি হৈছে । লখিমপুৰ জিলাৰ বগীনদীৰ অকৰাবস্তি গাঁৱত আব্দুল আলী নামৰ জলজীৱন মিছনৰ কামত জড়িত ধুবুৰী জিলাৰ শ্ৰমিকৰ দ্বাৰা যুৱতীক ধৰ্ষণ কৰা হৈছে ।

আনহাতে, মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত মহিলাৰ ডিঙিৰ পৰা দিন দুপৰতে ডিঙিৰ চেইন বলপূৰ্বক ছিঙি লৈ যোৱা ঘটনা বিগত সময়ছোৱাত বৃদ্ধি পাইছে । কিন্তু কোনোটোতে আৰক্ষীক ব্যৱস্থা গ্ৰহণ কৰা দেখা নাই বুলি অভিযোগ কৰে আপ, অসমৰ মুখপাত্ৰ অনুৰূপা ডেকাৰজাই ।

লগতে পঢ়ক :APCC Slams CM Himanta Biswa Sarma : ৭ বছৰত অসম চৰকাৰৰ ঋণ ১ লাখ ৪২ হাজাৰ কোটি; মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.