ETV Bharat / state

APCC Slams CM Himanta Biswa Sarma : ৭ বছৰত অসম চৰকাৰৰ ঋণ ১ লাখ ৪২ হাজাৰ কোটি; মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সৰৱ কংগ্ৰেছ

author img

By

Published : Jul 7, 2023, 6:52 PM IST

সংবাদমেলত চৰকাৰক সমালোচনাৰে থকা-সৰকা প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা বিধায়ক ভৰত চন্দ্ৰ নৰহৰ । বিজেপি চৰকাৰখনে ৭ বছৰত ঋণ লৈছে ১ লাখ ৪২ হেজাৰ কোটি টকা । জনমূৰি ঋণৰ বোজা ৩৫ হেজাৰ টকা । ঋণৰ বোজাত ডুব যোৱা চৰকাৰখনে ৰাজ্যখনৰ ঐতিহ্যপূৰ্ণ প্ৰশাসনিক বিল্ডিংসমূহ এফালৰ পৰা ভাঙি পুনৰ নিৰ্মাণ কৰাত লাগিছে । অসমৰ সম্পদ বহিৰাগতক দিয়াৰ ষড়যন্ত্র বিজেপি চৰকাৰৰ ।

APCC Slams CM Himanta Biswa Sarma
APCC Slams CM Himanta Biswa Sarma

ৰাজ্য চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ প্ৰদেশ কংগ্ৰেছ

গুৱাহাটী, ৭ জুলাই : বিজেপি চৰকাৰে ৰাজ্যৰ প্ৰতিগৰাকী লোকৰ ওপৰত ৩৫ হাজাৰ টকাকৈ ঋণৰ বোজা জাপি দিছে । বিজেপিৰ বিগত সাত বছৰীয়া শাসনকালত ৰাজ্যখনৰ অৰ্থনীতি প্ৰায় মন্দাৱস্থাৰ দিশে গতি কৰিছে । সৰ্বসাধাৰণৰ ক্ৰয় ক্ষমতাক অতিক্ৰম কৰি মূল্যবৃদ্ধি দিনকদিনে ঊৰ্ধ্বমুখী হ'ব ধৰিছে । এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ মিডিয়া বিভাগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ তথা বিধায়ক ভৰত চন্দ্ৰ নৰহৰ । শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি তেওঁ কয় যে ৰাজ্যখনত নিৱনুৱাক সংস্থাপন দিয়াৰ প্ৰায় সকলো সুযোগ বন্ধ হৈ আহিছে । নতুন সংস্থাপন সৃষ্টিৰ বাবে চৰকাৰখনৰ কোনো বাস্তৱমুখী পৰিকল্পনা নাই ।

তেওঁ লগতে কয় যে কংগ্ৰেছ চৰকাৰৰ ১৫ বছৰীয়া কাৰ্যকালত ঋণ লোৱা হৈছিল মুঠ ৩৫ হাজাৰ কোটি টকা । অথচ বৰ্তমানৰ বিজেপি চৰকাৰখনে ৭ বছৰত ঋণ লৈছে ১ লাখ ৪২ হেজাৰ কোটি টকা । জনমূৰি ঋণৰ বোজা ৩৫ হেজাৰ টকা । অর্থাৎ অসমত আজি এজন নৱজাতকে জন্মৰ মুহূৰ্ততে ৩৫ হেজাৰ টকাৰ ঋণৰ বোজা মূৰ পাতি লব লাগে । তেওঁ কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অদূৰদৰ্শিতা আৰু পৰিকল্পনাবিহীনতাৰ বাবেই আজি ৰাজ্যখনে অভাৱনীয় সমস্যাৰে যুঁজিবলগীয়া হৈছে । মুখ্যমন্ত্রীয়ে ঋণৰ সিংহভাগ কেৱল অ'ভাৰব্ৰীজ নির্মাণতেই খৰচ কৰিছে । লগতে ৰাজ্যখনৰ ঐতিহ্যপূৰ্ণ প্ৰশাসনিক বিল্ডিংসমূহ এফালৰ পৰা ভাঙি পুনৰ নিৰ্মাণ কৰাত লাগিছে ।

গুৱাহাটীস্থিত উপায়ুক্তৰ কাৰ্যালয়টো অস্থায়ীভাৱে স্থানান্তৰ কৰি ভাঙি দিয়া বিল্ডিঙৰ স্থান এতিয়া বহিৰাগত পুঁজিপতিৰ হাতলৈ হস্তান্তৰ কৰাৰ গোপন ষড়যন্ত্ৰ কৰিছে বুলি তেওঁ অভিযোগ কৰে । আনহাতে, গুাৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদ উত্তৰ গুৱাহাটীলৈ নিয়াৰো ষড়যন্ত্র কৰিছে । প্ৰদেশ কংগ্ৰেছে ইয়াৰ তীব্ৰ বিৰোধিতা কৰা বুলি সদৰী কৰি তেওঁ কয় যে উচ্চ ন্যায়ালৰ ভৱন স্বাধীন ভাৰতৰ এক ঐতিহ্যমণ্ডিত সম্পদ । য'ত উত্তৰ-পূব ভাৰতৰ মহিমামণ্ডিত ৭টা দশকৰ ন্যায়িক ইতিহাস জড়িত হৈ আছে । তদুপৰি, উচ্চ ন্যায়ালয়ৰ দ্বিতীয় ভৱনটো নিৰ্মাণ কৰা ১০ বছৰো হোৱা নাই । তেনেক্ষেত্ৰত নতুন বিল্ডিং ভাঙি উচ্চ ন্যায়ালয়ক উত্তৰ গুৱাহাটীৰ আওহতীয়া কোনো স্থানলৈ স্থানান্তৰ কৰাৰ ৰহস্য কি বুলি তেওঁ প্ৰশ্ন কৰে ।

কোনো কাৰণতেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চৌহদ স্থানান্তৰ হোৱাটো নিবিচাৰোঁ বুলি উল্লেখ কৰি তেওঁ কয় যে ১৯৪৮ চনৰ ১৪ আগষ্টতে মুকলি হোৱা গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপনত তদানীন্তন মুখ্যমন্ত্রী প্রয়াত গোপীনাথ বৰদলৈৰ অহোপুৰুষাৰ্থ প্ৰচেষ্টা নিহিত হৈ আছে । নহ'লে শ্বিলঙতেই উচ্চ ন্যায়ালয়খন থাকি গ'লহেঁতেন বুলি তেওঁ কয় । আনহাতে, প্ৰায় দুহেজাৰ চৰকাৰী বিদ্যালয় বন্ধ কৰাটো অত্যন্ত গর্হিত কাম হৈছে বুলি সদৰী কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা গাঁৱলীয়া দুখীয়া শ্ৰেণীৰ সন্তানৰ শিক্ষাৰ অধিকাৰ কাঢ়ি লৈ বিদ্যালয়বোৰৰ মাটি-সম্পত্তিক লৈ এই বণিয়া মনোবৃত্তিৰ চৰকাৰখনে আন এক মাটি বিক্ৰীৰ বজাৰ খুলিব বিচাৰিছে ।

ইতিমধ্যেই কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ কৰা চৰকাৰী কল-কাৰখানা বিজেপি চৰকাৰে পুঁজিপতিক বিক্ৰী কৰি পেলাইছে । গুৱাহাটীৰ বিমানবন্দৰো ইতিমধ্যে গুজৰাটী বণিয়া আদানীৰ হাতলৈ হস্তান্তৰ কৰিলেই । দীঘলীপুখুৰীৰ দৰে ঐতিহ্যমণ্ডিত পুখুৰী আৰু সংলগ্ন পাৰ্কখন গুজৰাটী বণিয়াক গতাই দিয়া বুলি তেওঁ কয় । তেওঁ লগতে কয় যে গুৱাহাটীৰ অসম ৰাজ্যিক চিৰিয়াখানাও বিজেপি চৰকাৰে বহিৰাগত বণিয়ালৈ হস্তান্তৰ কৰাৰ ষড়যন্ত্ৰ ৰচিছে । এনে অসমবিৰোধী সিদ্ধান্তক আমি বিৰোধ কৰিছোঁ বুলি তেওঁ কয় ।

তেওঁ কয় যে অসমৰ সকলো ৰে'লৱে বিভাগৰ মাটি এতিয়া ব্যক্তিগত খণ্ডক বিক্ৰী কৰি অসমৰ ভূমি বহিৰাগতৰ হাতলৈ হস্তান্তৰ কৰাৰ অভিসন্ধি সম্পূৰ্ণ হৈছে । অসম চৰকাৰে এনেদৰে ৰে'ল বিভাগে বিক্ৰী কৰিব বিচৰা অসমৰ সকলো মাটি ঘূৰাই লৈ ৰাজহুৱা স্বাৰ্থত ব্যৱহাৰ কৰিব লাগে বুলি তেওঁ দাবী উত্থাপন কৰে । আনহাতে, সমষ্টি পুনৰ গঠনৰ খচৰা প্ৰচলিত আইনৰ পৰিপন্থী বুলি সদৰী কৰি তেওঁ কয় যে ২০১১ চনৰ লোকপিয়লৰ ভিত্তিত হ'বলগীয়া সমষ্টি পুনৰ গঠন ২০০১ চনৰ ভিত্তিত খৰখেদা আৰু জৰুৰীভাৱে কৰাৰ কোনো প্রয়োজন নাছিল ।

এনআৰচিৰ খচৰা তালিকা প্রকাশ পোৱাৰ পাছত চূড়ান্ত তালিকা প্ৰকাশ কৰিবলৈ চৰকাৰখনে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । অথচ বিদেশী সমস্যাটো সমাধান কৰিবলৈ চূড়ান্ত এনআৰচিখনেই অন্যতম বিশেষ দলিল হ'লহেঁতেন । তেওঁ লগতে কয় যে সাম্প্রদায়িক মেৰু বিভাজনৰ জৰিয়তে চলে-বলে-কৌশলে সমষ্টি পুনৰ গঠন কৰি পুনৰ ক্ষমতাত অধিষ্ঠিত হৈ ৰাজ্যখনৰ সম্পদ লুণ্ঠন কৰাৰ বিজেপিৰ মানসিকতাক প্ৰদেশ কংগ্ৰেছে ধিক্কাৰ দিছে । কংগ্ৰেছ দলে সমষ্টি পুনৰ গঠনৰ খচৰাখনৰ তীব্ৰ বিৰোধ কৰা বুলি তেওঁ উল্লেখ কৰে । সংবাদমেলত প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীকে ধৰি কেইবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক :Erosion in Dibrugarh: ডিব্ৰুগড়ৰ খহনীয়াৰ স্থায়ী সমাধানৰ আশ্বাস পীযুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.