ETV Bharat / state

Guwahati protest: ডি ভোটাৰৰ নামত খিলঞ্জীয়াক হাৰাশাস্তি চলোৱাৰ বিৰুদ্ধে চচলত প্ৰতিবাদ

author img

By

Published : Mar 13, 2023, 10:15 PM IST

Protest against govt in Guwahati
AAMSU indigenous protest in Guwahati

অসম বিধানসভাৰ বাজেট অধিবেশনৰ দ্বিতীয় দিনা চচলত প্ৰতিবাদত বহিল সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা ‘খিলঞ্জীয়া’ ৷ ডি-ভোটাৰৰ নামত খিলঞ্জীয়াক হাৰাশাস্তি নকৰাৰ দাবী ৷ মুখ্যমন্ত্ৰীলৈ আঠ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ (Protest against govt in Guwahati) ৷

প্ৰতিবাদত বহিল সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা খিলঞ্জীয়া

গুৱাহাটী, ১৩ মাৰ্চ: ৰাজ্যৰ সংখ্যালঘু খিলঞ্জীয়া লোকসকলক ডি-ভোটাৰৰ নামত চৰকাৰে অযথা হাৰাশাস্তি কৰাৰ অভিযোগত সোমবাৰে গুৱাহাটীৰ চচলত প্ৰতিবাদ সাব্যস্ত কৰিলে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা ‘খিলঞ্জীয়া’ই ৷ অসম বিধানসভাৰ বাজেট অধিবেশনৰ দ্বিতীয় দিনা দিনৰ ১১ বজাৰ পৰা ১ বজালৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠনটোৱে ৷ প্ৰতিবাদকাৰীসকলে হাতে হাতে বেনাৰ-ফেষ্টুন লৈ ডি-ভোটাৰৰ নামত সংখ্যালঘুক হাৰাশাস্তি কৰা নচলিব, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা হায় হায়, বিজেপি চৰকাৰ গ’ বেক, নিবনুৱা সমস্যা সমাধান কৰক, বাঘ হাজৰিকাৰ স্মৃতি ক্ষেত্ৰ নিৰ্মাণ কৰক আদি শ্ল’গান দিয়া দেখা যায় (Protest against Assam govt) ৷

ইয়াৰ লগতে, চৈয়দ আব্দুল মালিক আৰু ৰেকিবুদ্দিন আহমেদৰ নামত স্মৃতিভৱন নিৰ্মাণ, জলহাসকলক চাহ জনগোষ্ঠীৰ মৰ্যাদা পুনৰাই প্ৰদান, আজান পীৰৰ নামত চিকিৎসা মহাবিদ্যালয় স্থাপন আদিকে ধৰি বিভিন্ন দাবীৰে শ্ল’গান দি প্ৰতিবাদস্থলী উত্তাল কৰি তোলা দেখা যায় । প্ৰায় পাঁচ সহস্ৰাধিক প্ৰতিবাদকাৰীৰ প্ৰতিবাদত কঁপি উঠে চচলৰ প্ৰতিবাদস্থলী (AAMSU indigenous protest in Guwahati) ৷

লগতে পঢ়ক: AASU slams education minister: শিক্ষামন্ত্ৰী তথা ছেবাৰ অধীক্ষকৰ পদত্যাগ দাবী আছুৰ

এই প্ৰতিবাদস্থলীত অংশগ্ৰহণ কৰি সংগঠনটোৰ মুখ্য সাংগঠনিক সম্পাদক বাবুল আলী হাজৰিকাই কয়, অসমত শ শ বছৰ ধৰি বসবাস কৰি থকা খিলঞ্জীয়া সংখ্যালঘু লোকৰ একাংশক চৰকাৰে ডি ভোটাৰ সজাই সন্দেহজনক নাগৰিক হিচাপে সজাব বিচাৰিছে । এনে খিলঞ্জীয়া লোকক সন্দেহযুক্ত বাংলাদেশী সজাই বিদেশী ন্যায়াধীকৰণত গোচৰ তৰি অযথা হাৰাশাস্তি কৰাত আক্ষেপ প্ৰকাশ কৰে নেতাগৰাকীয়ে (D voter issue in Assam)।

ইফালে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা আমছু খিলঞ্জীয়াৰ সভাপতি ইছাদ হুছেইন, কাৰ্যকৰী সভাপতি নুৰুল আলী আৰু সাধাৰণ সম্পাদক পাপু হাজৰিকাই কয় যে, খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰখনে অসমৰ প্ৰায় ৩০০০ অধিক খিলঞ্জীয়া সংখ্যালঘু লোকক ডি-ভোটাৰ সজাইছে । যাৰ ফলত গোচৰৰ নামত মাটি-ভেটি, সা-সম্পত্তি হেৰুৱাই একাংশ সংখ্যালঘুৱে আত্মহত্যাৰ দৰে চৰম পন্থা ল’বলগীয়া হৈছে বুলি অভিযোগ উত্থাপন কৰে (Protest against D voter issue) ৷

যি সময়ত ৰাজ্য চৰকাৰে খিলঞ্জীয়া সংখ্যালঘুৰ ৫ টা জনগোষ্ঠীক খিলঞ্জীয়া বুলি স্বীকৃতি প্ৰদান কৰিছে, সেই সময়তে সংখ্যালঘুক ডি-ভোটাৰৰ নামত হাৰাশাস্তি কৰাতো কিমান যুক্তিসংগত বুলি মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰে । বিশেষ আইনী প্ৰক্ৰিয়াৰ মাজেৰে সংখ্যালঘুৰ ওপৰত তৰা ডি-ভোটাৰৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ সন্থাৰ তৰফৰ পৰা চৰকাৰলৈ সজোৰে দাবী উত্থাপন কৰে (Protest against govt in Guwahati)।

লগতে পঢ়ক: Adani stock manipulation: আদানীৰ বিয়াগোম বিত্তীয় কেলেংকাৰী তদন্তৰ দাবীৰে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

এইক্ষেত্ৰত সংখ্যালঘু সকলৰ সমস্যা সমূহ শীঘ্ৰে সমাধান নকৰিলে বৃহৎ গণ আন্দোলন গঢ়ি তোলা হ’ব বুলিও হুংকাৰ দিয়ে সংগঠনটোৰ নেতৃবৃন্দই ।সোমবাৰৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত সংগঠনটোৱে দিছপুৰ আৰক্ষীৰ জৰিয়তে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ ৮ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰায় ৫ শতাধিক লোক উপস্থিত থাকে (Assam protest news) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.