AASU slams education minister: শিক্ষামন্ত্ৰী তথা ছেবাৰ অধীক্ষকৰ পদত্যাগ দাবী আছুৰ

author img

By

Published : Mar 13, 2023, 7:20 PM IST

AASU slams education minister

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ আৰ চি জৈনৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত আছুৰ ৷ CBI তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী সংগঠনটোৰ ৷ ছেবাৰ অধ্যক্ষক অপদাৰ্থ, ব্যৰ্থ, অকর্মণ্য আখ্যা সদৌ অসম ছাত্ৰসন্থাৰ (AASU protest against SEBA) ৷

শিক্ষামন্ত্ৰী তথা ছেবাৰ অধীক্ষকৰ পদত্যাগ দাবী আছুৰ

গুৱাহাটী, ১৩ মাৰ্চ: মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে গুৱাহাটীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই । সোমাবাৰে উজানবজাৰস্থিত শ্বহীদ ন্যাসৰ সন্মুখত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু ছেবাৰ অধ্যক্ষ আৰ চি জৈনৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে । শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ পদত্যাগৰ দাবী জনায় সমগ্ৰ ঘটনাৰ CIB তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনাই আছুৱে (AASU demands CBI probe on question paper leak) ।

আনহাতে, আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই এক সংবাদমেলত কয়, ‘‘এইবাৰ মেট্ৰিক পৰীক্ষাৰ আৰম্ভণিৰে পৰা বিভিন্ন বেমেজালি দেখা দিছিল ৷ দেওবাৰে বিজ্ঞানৰ প্ৰশ্নকাক ফাদিল হ’ল আৰু সাধাৰণ বিজ্ঞানৰ পৰীক্ষা বাতিল কৰিলে । এয়া লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি অন্যায় ৷ বিভাগটো চলোৱাত শিক্ষামন্ত্ৰী ব্যৰ্থ হৈছে । শিক্ষামন্ত্ৰীয়ে নিজৰ দায়িত্ব মূৰপাতি লোৱা উচিত ।’’ (AASU demands resignation of education minister)

ড৹ ভট্টাচাৰ্যই লগতে কয় যে, অতি শীঘ্ৰে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকক গ্ৰেপ্তাৰ কৰিব লাগে । তেওঁ ৰাজ্যিক ব’ৰ্ড পুনৰ গঠনৰো দাবী জনায় । ৰাজ্যিক ব’ৰ্ড ধ্বংস কৰি কেন্দ্ৰীয় ব’ৰ্ডৰ প্ৰতি আগ্ৰহী কৰা ষড়যন্ত্ৰ চলিছে বুলি মন্তব্য কৰি দিছপুৰৰ হাতোৰাৰ পৰা ৰাজ্যিক ব’ৰ্ডক মুক্ত কৰাৰ বাবে দাবী জনায় আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে (AASU demands reconstruction of state board)।

লগতে পঢ়ক: HSLC Paper Leak: পৰীক্ষা বাতিলৰ সিদ্ধান্তই লখিমপুৰত জ্বলাইছে প্ৰতিবাদৰ জুই

ইপিনে ছেবাৰ অধ্যক্ষগৰাকীক অপদাৰ্থ, ব্যৰ্থ তথা অকৰ্মণ্য আখ্যা দি আৰ চি জৈনে ছেবাৰ অধ্যক্ষ পদত্যাগ কৰিব লাগে বুলিও মন্তব্য কৰে ভট্টাচাৰ্যই । পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল কৰা লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ CBI তদন্তৰ দাবী জনায় তেওঁ । ৰাজ্যিক পৰ্যায়ত বহু শিক্ষাবিদ আছে, এইসকল শিক্ষাবিদক লৈ ৰাজ্যিক ব’ৰ্ড গঠন কৰি স্বতন্ত্ৰভাৱে কাম কৰিবলৈ আহ্বান জনায় আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে (AASU slams SEBA chief) ।

লগতে, আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মাক চিবিআইৰ তদন্তৰ আওতালৈ আনিবলৈ দাবী জনায় ৷ লগতে অদক্ষ, অযোগ্য বুলি কটাক্ষ কৰি শিক্ষামন্ত্ৰীক দাম্ভিকতা এৰি পদত্যাগ কৰিবলৈ দাবী জনাইছে ছাত্ৰ নেতাগৰাকীয়ে (Demand for resignation of education minister) ।

উল্লেখ্য যে, সোমবাৰে পৰীক্ষাসূচী মতে অনুষ্ঠিত হোৱাৰ কথা আছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা ৷ কিন্তু দেওবাৰে প্ৰশ্ন কাকত ফাদিল হোৱাৰ পাচতে এই পৰীক্ষা বাতিল কৰা হয় ৷ দুৰ্ভাগ্যজনকভাৱে পৰীক্ষা কেন্দ্ৰলৈ পৰীক্ষা দিবলৈ আহিহে বহু পৰীক্ষাৰ্থী অৱগত হয় এই সন্দৰ্ভত ৷ ছেবাই নিজৰ গাফিলতি ঢাকিবলৈ বিভিন্ন ধৰণে চেষ্টা কৰিছে যদিও ৰাজ্যজুৰি এতিয়া দল-সংগঠন তথা অভিভাৱকসকল ক্ষোভত জ্বলিছে ছেবাৰ বিৰুদ্ধে (HSLC gen science question paper leak) ৷

লগতে পঢ়ক: HSLC Gen Science exam: 30 মাৰ্চত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা

সোমবাৰে এক সংবাদমেল সম্বোধন কৰি ছেবাৰ সচিব নৰনাৰাণ নাথে বাতিল কৰা সাধাৰণ বিজ্ঞানৰ পৰীক্ষাৰ নতুন তাৰিখ ঘোষণা কৰে ৷ সিদ্ধান্ত অনুসৰি অহা 30 মাৰ্চত অনুষ্ঠিত হ’ব মেট্ৰিকৰ সাধাৰণ বিজ্ঞানৰ পৰীক্ষা ৷ কিন্তু কথা হ’ল যে, প্ৰশ্ন কাকত ফাদিল হোৱা, পৰীক্ষা বাতিল হোৱা আৰু পুনৰ পৰীক্ষাৰ বাবে সাজু হ’ব লগীয়া হোৱা বিষয় সমূহে পৰীক্ষাৰ্থীক বাৰুকৈয়ে মানসিকভাৱে অশান্তি দিছে ৷ কিন্তু বিসংগতিয়ে লগ নেৰা ছেবাৰ যেন এইসমূহ বিষয়লৈ কোনো ভ্ৰূক্ষেপ নাই (SEBA controversy in Assam) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.