Adani stock manipulation: আদানীৰ বিয়াগোম বিত্তীয় কেলেংকাৰী তদন্তৰ দাবীৰে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Mar 13, 2023, 3:47 PM IST

Adani stock manipulation

গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ ৷ আদানী গ্ৰুপৰ বিত্তীয় কেলেংকাৰীৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীৰে কংগ্ৰেছে সাব্যস্ত কৰে এই প্ৰতিবাদী কাৰ্যসূচী (Guwahati congress protest) ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত প্ৰতিবাদকাৰীক বাধা প্ৰদান আৰক্ষীৰ ৷ কেইবাগৰাকীও প্ৰতিবাদকাৰীক আটক ৷

আদাবীৰ বিয়াগোম বিত্তীয় কেলেংকাৰী তদন্তৰ দাবীৰে গুৱাহাটীত কংগ্ৰেছৰ প্ৰতিবাদ

গুৱাহাটী, 13 মাৰ্চ: সোমবাৰে গুৱাহাটীত কংগ্ৰেছে সাব্যস্ত কৰিলে উত্তাল প্ৰতিবাদ ৷ আদানী গ্ৰুপৰ বিত্তীয় প্ৰৱঞ্চনাৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু 30 কোটি এল আই চি পলিচি, 45 কোটি ষ্টেট বেংক একাউন্টত জমা থকা সাধাৰণ গ্ৰাহকৰ ধন সুৰক্ষাৰ দাবীত কংগ্ৰেছে সাব্যস্ত কৰে প্ৰতিবাদ (Adani scam update) ৷

বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হায় হায় ইত্যাদি শ্লোগানৰে দীঘলী পুখুৰীৰ পাৰত শতাধিক কৰ্মীয়ে কংগ্ৰেছে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ কিন্তু প্ৰতিবাদৰ পূৰ্বৰে পৰা সষ্টম হৈ আছিল আৰক্ষী ৷ আৰক্ষীৰ বাধা ওফৰাই ‘চলো ৰাজভৱন’ যাত্ৰা আৰম্ভ কৰে কংগ্ৰেছ কৰ্মীসকলে ৷ দীঘলী পুখুৰীৰ পৰা তৈব্বুল্লা ৰোড হৈ ৰাজভৱনলৈ আগবাঢ়ে কংগ্ৰেছৰ প্ৰতিবাদী সমদল (Congress protest in Guwahatai) ৷

অৱশ্যে প্ৰতিবাদকাৰীক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সন্মুখত বাধা প্ৰদান কৰে আৰক্ষীয়ে ৷ যাৰবাবে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় হতাহতিৰ ৷ কেইবাগৰাকীও প্ৰতিবাদকাৰীক চোঁচৰাই লৈ যায় আৰক্ষীয়ে ৷ ফলত উজানবজাৰ বিবেকানন্দ কেন্দ্ৰৰ সমীপত প্ৰতিবাদী কাৰ্যসূচী সামৰণি মাৰে (Protest against Gautam Adani) ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৃষ্ঠপোষকতাত গৌতম আদানীয়ে বৃহৎ পৰিমাণৰ বিত্তীয় প্ৰৱঞ্চনা কৰা বুলি উত্থাপন হৈ আহিছে অভিযোগ ৷ বিৰোধী ৰাজনৈতিক দলসমূহে আদাবীৰ ষ্টক হেৰফেৰ আৰু বিত্তীয় কেলেংকাৰীৰ তদন্তৰ দাবী উত্থাপন কৰি আহিছে যদিও কেন্দ্ৰীয় চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ যাৰবাবে দেশৰ বিভিন্ন প্ৰান্তত বিৰোধী ৰাজনৈতিক দলসমূহে সাব্যস্ত কৰি আহিছে প্ৰতিবাদ (Adani stock manipulation) ৷

সোমবাৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কংগ্ৰেছৰ কৰ্মীসকল আহি সমবেত হয় দীঘলী পুখুৰীৰ পাৰত ৷ দীঘলী পুখুৰীৰ পাৰত প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ পাচতেই ৰাজভৱনলৈ আগবাঢ়িছিল প্ৰতিবাদী সমদল ৷

প্ৰতিবাদী কাৰ্যসূচীত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকে ধৰি জাকিৰ হুছেইন চিকদাৰ, ৰেকিবুদ্দিন আহমেদ, প্ৰণতি ফুকন, ৰাণা গোস্বামীকে আদি কৰি কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু কংগ্ৰেছৰ বিধায়ক উপস্থিত আছিল ৷

লগতে পঢ়ক: HSLC Paper Leak: পৰীক্ষা বাতিলৰ সিদ্ধান্তই লখিমপুৰত জ্বলাইছে প্ৰতিবাদৰ জুই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.