ETV Bharat / state

আধাৰ লিংকৰ বলত নিজ পৰিয়ালৰ ঠিকনা লাভ কৰিলে দুই বিশেষভাৱে সক্ষম কিশোৰে

author img

By

Published : Feb 10, 2022, 9:33 AM IST

Updated : Feb 10, 2022, 10:28 AM IST

টিংকু আৰু উমেশ । বিশেষভাৱে সক্ষম দুই কিশোৰ ৷ দুয়োৰে বৰ্তমান বয়স প্ৰায় 17 বছৰ । প্ৰায় 5 বছৰ পূৰ্বে দুয়োগৰাকী কিশোৰ বিচ্ছিন্ন হৈছিল নিজৰ পিতৃ-মাতৃৰ পৰা । কিন্তু কিছুদিন পূৰ্বে পৰিয়ালৰে পুনৰ মিলন ঘটিল দুই কিশোৰৰ (Childrens reunite with family after 5 years) ৷ কিন্তু ক’ত আৰু কেনেকৈ সন্ধানহীন হৈছিল দুয়ো ? কেনেকৈ পুনৰ পৰিয়ালৰে মিলন ঘটিল দুই কিশোৰৰ ? ক’ত আছিল টিংকু আৰু উমেশ ? জানিবলৈ পঢ়ক এই প্ৰতিবেদন...

aadhar link help to search to children's parents address
পাঁচবছৰৰ মূৰত পৰিয়ালৰ ঠিকনা লাভ কৰিলে দুই বিশেষভাৱে সক্ষম কিশোৰে

গুৱাহাটী, 10 ফেব্ৰুৱাৰী : সুদীৰ্ঘ ছবছৰৰ মূৰত গুৱাহাটী মহানগৰীৰ পুনৰ পিতৃ মাতৃৰে সাক্ষাৎ হ’ল দুই বিশেষভাৱে সক্ষম কিশোৰৰ ৷ আধাৰ লিংকৰ বাবে পাঁচবছৰৰ মূৰত পৰিয়ালৰ ঠিকনা লাভ কৰিলে কিশোৰ দুগৰাকীয়ে ৷ এই ইতিবাচক বাতৰিটোয়ে এতিয়া ৰাজ্যৰ সৰ্বত্ৰে লাভ কৰিছে বিশেষ চৰ্চা ৷ বিগত পাঁচবছৰ পূৰ্বে গুৱাহাটীৰ Destination নামৰ এটা বেচৰকাৰী সংস্থাই উদ্ধাৰ কৰা এই সন্ধানহীন শিশু দুগৰাকীক আধাৰ কাৰ্ডৰ লিংকে সুদীৰ্ঘ বছৰৰ মূৰত নিজৰ মাক দেউতাকৰ সৈতে সাক্ষাৎ কৰাৰ সুযোগ আনি দিয়ে (Aadhaar link reunited childrens with family)।

Destinationৰ অধ্যক্ষ চুমকী বৰাই কয় যে, 2017 চনতে কামৰূপ মহানগৰ জিলাৰ পৰা টিংকুক আৰু কামৰূপ জিলাৰ পৰা উমেশক উদ্ধাৰ কৰা হৈছিল । তেতিয়া তেওঁলোক দুয়োজনৰ বয়স প্ৰায় 10-12 বছৰ আছিল ৷ সময়ত দুয়োৰে আধাৰ কাৰ্ড বনোৱাৰ বাবে আধাৰ কেন্দ্ৰলৈ লৈ যোৱাত তেওঁলোকৰ আধাৰ কাৰ্ডৰ দুটা লিংক পোৱা গৈছিল ।

অৰ্থাৎ আগেয়ে কোনোবাই তেওঁলোকৰ আধাৰ কাৰ্ড বনায় থৈছিল । পিছত অনুসন্ধান কৰাত জানিব পৰা গ’ল যে, তেওঁলোকৰ অভিভাৱকে আগেয় দুয়োৰে আধাৰ কাৰ্ড বনায় থৈছিল ।

এই আধাৰ কাৰ্ডৰ লিংকৰ সহায় লৈ অৱশেষত চলিত বৰ্ষৰ জানুৱাৰীত বিশেষভাৱে সক্ষম টিংকু আৰু উমেশৰ পিতৃ-মাতৃৰ সন্ধান পোৱা যায় । টিংকু ওৰফে এম ডি গুজ্জৰৰ ঘৰ ঝাৰখণ্ডত । আকৌ উমেশ ওৰফে য়ালি লিঙ্গাৰৰ ঘৰ কৰ্ণাটকত । এম ডি গুজ্জৰৰ পিতৃ মাতৃয়ে জনোৱা মতে, বিশেষভাৱে সক্ষম এম ডি গুজ্জৰক ওচৰৰে গাঁও এখনত কবিৰাজৰ ওচৰলৈ জৰাফুকা কৰিবলৈ নিয়াৰ পথতে 2017 চনত তেওঁ হেৰাই গৈছিল ।

ঠিক একেদৰে য়ালি লিঙ্গাৰক বজাৰলৈ ফুৰাব নিয়াৰ পথত 2017 চনত সন্ধানহীন হয় । Destinationৰ অধ্যক্ষ চুমকী বৰাই উল্লেখ কৰা অনুসৰি, য়ালি লিঙ্গাৰৰ পিতৃ মাতৃয়ে 2 ফেব্ৰুৱাৰীত য়ালিক ঘৰলৈ লৈ যায় । আনহাতে, মঙলবাৰে এম ডি গুজ্জৰৰ পিতৃ-মাতৃয়ে তেওঁক ঘৰলৈ নিয়ে । এনেদৰে আধাৰ লিংকে সুদীৰ্ঘ পাঁচবছৰৰ মূৰত বিশেষভাৱে সক্ষম দুই কিশোৰক পৰিয়ালৰ সৈতে পুনৰ মিলন কৰাত সম্ভৱ কৰি তোলে (Aadhar link reunited family members) ।

লগতে পঢ়ক : Fake encounter in Assam: এনকাউণ্টাৰৰ ৰেকৰ্ড গঢ়িবলৈ গৈ অসম আৰক্ষীয়ে ল’লে অন্য ৰূপ

Last Updated : Feb 10, 2022, 10:28 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.