ETV Bharat / city

Fake encounter in Assam: এনকাউণ্টাৰৰ ৰেকৰ্ড গঢ়িবলৈ গৈ অসম আৰক্ষীয়ে ল’লে অন্য ৰূপ

author img

By

Published : Feb 9, 2022, 9:43 PM IST

Fake encounter in Assam
এনকাউণ্টাৰৰ ৰেকৰ্ড গঢ়িবলৈ গৈ অসম আৰক্ষীয়ে ল’লে অন্য ৰূপ

স্মাৰ্ট অসম পুলিচ এতিয়া আতংকৰ আন এক নাম ৷ এনকাউন্টাৰ জৰিয়তে শক্তি প্ৰদৰ্শন কৰা অসম আৰক্ষীৰ কীৰ্তিকমলৰ ওপৰত কৰা গুলীচালনা(Encounter in Nagaon)ৰ তদন্তৰ ৰিপৰ্টৰ পাছতেই হৈছে পট পৰিৱৰ্তন ।

নিউজ ডেস্ক: সঘনাই ড্ৰাগছ্ মাফিয়াক এনকাউন্টাৰ কৰি হিৰ’ হোৱা অসম পুলিছ এতিয়া হৈছেগৈ জিৰ’। নগাঁৱৰ ছাত্ৰনেতা কীৰ্তিকমলৰ ওপৰত কৰা গুলীচালনা(Encounter in Nagaon)ৰ তদন্তৰ ৰিপৰ্টৰ পাছতেই হৈছে এই পট পৰিৱৰ্তন । এই গুলীচালনাৰ ওপৰত অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ তদন্তৰ প্ৰতিবেদনে উদঙাইছে আৰক্ষীৰ এনকাউন্টাৰৰ স্বৰূপ । বৰঠাকুৰৰ ৰিপৰ্টৰ পাছতেই গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দ্বাৰা গঠিত বৰ্তমানৰ এণ্টি নাৰ্ক'টিক স্কোৱাডটো(Anti narcotic squad formed by Nagaon SP) ভংগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

এই প্ৰতিবেদনত ছাত্ৰনেতা কীৰ্তিকমলৰ ওপৰত গুলীচালনাৰ ঘটনাত জড়িত উপ-পৰিদৰ্শক প্ৰদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ লগতে এণ্টি নাৰ্ক’টিক স্কোৱাৰ্ডৰ সকলো সদস্যক তাৎক্ষণিকভাৱে নগাঁও জিলাৰ বাহিৰলৈ বদলি কৰিবলৈ পৰামৰ্শ দিয়া হৈছে । মুঠতে এই ৰিপৰ্টে উদঙাই দিছে এনকাউন্টাৰৰ নামত অসম পুলিছে চলোৱা বৰ্বৰতা (Fake encounter in Assam)।

এনকাউণ্টাৰৰ ৰেকৰ্ড গঢ়িবলৈ গৈ অসম আৰক্ষীয়ে ল’লে অন্য ৰূপ

প্ৰতিবেদনে উদঙাই দিছে যে, জনহিতাৰ্থে, জনসেৱাৰ্থে শপত লোৱা আৰক্ষী এতিয়া জনসাধাৰণৰ বাবে হৈ পৰিছে আতংকৰ কাৰণ ৷ অপৰাধীক আটক কৰি ন্যায়পালিকালৈ অপেক্ষা নকৰে অসম আৰক্ষীয়ে ৷ গুলীয়াই আহত অথবা নিহত কৰাৰ পিছত তাক নাম দিয়ে এনকাউণ্টাৰ ৷

অতিৰিক্ত মুখ্য সচিবগৰাকীৰ তদন্তৰ প্ৰতিবেদনৰ পাছতেই প্ৰশ্ন উঠিছে এই চৰকাৰৰ দিনত বিগত প্ৰায় ছটা মাহত অপৰাধ দমনৰ নামত ৰাজ্যত সংঘটিত হোৱা প্ৰায় 20 টাকৈ এনকাউণ্টাৰৰ বিষয়ে, য’ত মৃত্যু হৈছে দুজন অভিযুক্তৰ ৷ এই সন্দৰ্ভত ইতিমধ্যেই মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ তুলিছে দিল্লীৰ অধিবক্তা আৰিফ জৱাড্ডাৰে ৷ তেওঁ এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ হস্তক্ষেপৰো দাবী জনাইছে । এই সন্দৰ্ভত শীঘ্ৰেই নিৰ্দেশনা দিব গুৱাহাটী উচ্ছ ন্য়ায়ালয়ে ।

উল্লেখ্য যে, স্মাৰ্ট পুলিচৰ ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থান দখল কৰা অসম আৰক্ষীৰ আছে আন এক দুৰ্নামো ৷ আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ ক্ষেত্ৰত শীর্ষত আছে অসম ৷ বিগত বৰ্ষত আৰক্ষীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সংখ্যা আছিল ২,১৭৯ টা (FIR against Assam police) ৷

এতিয়া প্ৰশ্ন হয়, অসম আৰক্ষীৰ এই তানিবানী শাসন নিয়ন্ত্ৰণ কৰি ৰাজ্যবাসীক আৰক্ষীতংকৰ পৰা সকাহ দিবৰ বাবে ৰাজ্য চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব নে এনেদৰেই চলাই যাব বৰ্বৰতা ?

লগতে পঢ়ক: Nagaon fake encounter case: কীৰ্তিকমল বৰাই লাভ কৰিলে জামিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.