ETV Bharat / state

ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত উপস্থিত থাকি কি ক’লে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰকাশ ঝাই ?

author img

By ETV Bharat Assamese Team

Published : Dec 18, 2023, 2:33 PM IST

8th Brahmaputra Valley Film Festival has been concluded
অষ্টম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল

8th Brahmaputra Valley Film Festival : অন্ত পৰিল অষ্টম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ । ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত আদিল হুছেইন অভিনীত নাথালিয়া শ্যামৰ ছবি ‘ফুটপ্ৰিণ্টছ অন ৱাটাৰ’লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা ।

অষ্টম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেল

গুৱাহাটী, ১৮ ডিচেম্বৰ: দেওবাৰে অন্ত পৰিল অষ্টম সংখ্যক ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ । বি ভি এফ এফৰ অন্তিমটো দিনৰ আৰম্ভণি হয় হৰ্ষদ নালাৱাদেৰ চিন্তা-উদ্দীপক ছবি ‘ফল’ৱাৰ্ছ’ৰ প্ৰদৰ্শনেৰে । অন্তিম দিনৰ অনুষ্ঠানত উপস্থিত থাকে প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰকাশ ঝা, অভিনেতা আদিল হুছেইনকে ধৰি সাংস্কৃতিক জগতৰ সৈতে জড়িত বহু বিশিষ্ট ব্যক্তি ।

চলচ্চিত্ৰ মহোৎসৱৰ অন্তিম দিনটোত শিৱম সিং ৰাজপুতৰ দ্বাৰা পৰিচালিত ‘লাডাখ ৪৭০’ শীৰ্ষক আন এখন তথ্যচিত্ৰও উপস্থাপন কৰা হয় । এই তথ্যচিত্ৰখন, কাৰ্গিল বিজয় দিৱস ২০২২ৰ সময়ত ভাৰতীয় সেনাক সন্মান জনোৱাৰ বাবে ৪৭০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা, চুফীয়া চুফী ৰানাৰৰ দৌৰৰ ওপৰত আধাৰিত ।

এই বৰ্ষৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰবীণ অভিনেত্ৰী মৃদুলা বৰুৱালৈ জীৱনজোৰা কৃতিত্ব বঁটা প্ৰদান কৰা হয় । লগতে আদিল হুছেইন অভিনীত নাথালিয়া শ্যামৰ ছবি 'ফুটপ্ৰিন্টছ অন ৱাটাৰ'লৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয় । ইউ কেত এক উন্নত জীৱনৰ বাবে আকাংক্ষা কৰা এটা গোপন অবৈধ অনুপ্ৰৱেশকাৰীৰ দলৰ ওপৰত আধাৰ কৰি নিৰ্মাণ কৰা হৈছিল চলচ্চিত্ৰখন । ইফালে মনোজ সিন্দেক তেওঁৰ মাৰাঠী ভাষাৰ ফিচাৰ ছবি 'ভল্লী'ৰ বাবে শ্ৰেষ্ঠ ফিচাৰ চলচ্চিত্ৰ পৰিচালকৰ বঁটা প্ৰদান কৰা হয় ।

ৰোনাল হুছেইনৰ ছবি 'স্নিকাৰছ'লৈ শ্ৰেষ্ঠ চুটি চলচ্চিত্ৰ বঁটা আগবঢ়োৱা হয় । শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা আগবঢ়োৱা হয় উৎপল বৰপূজাৰীৰ দ্বাৰা পৰিচালিত 'মাস্ক আৰ্ট অফ মাজুলী'লৈ । এই অনুষ্ঠানত উপস্থিত থাকি প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা প্ৰকাশ ঝাই অসম তথা চলচ্চিত্ৰ মহোৎসৱৰ সন্দৰ্ভত কয়, ‘‘অসমত আহি সদায় ভাল লাগে । যেতিয়াই অসমলৈ আহিবলৈ সুবিধা পাওঁ অসমলৈ আহোঁ । ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলত দ্বিতীয়বাৰলৈ মই আহিছোঁ । অসমৰ লোকসকলৰ ছবিৰ বা ছবি নিৰ্মাণৰে প্ৰতি যি আগ্ৰহ সেয়া ইয়াত আহি বুজিবলৈ সহজ হয় ।’’

আনহাতে বিশিষ্ট অভিনেতা আদিল হুছেইনে মন্তব্য কৰি কয়, ‘‘জ্যোতি চিত্ৰৱনৰ সৈতে সম্পৰ্ক মোৰ বহুত পুৰণি । মই অভিনীত বহু ছবিৰ শ্বুটিং ইয়াত হৈছে । মই বহুত সুখী ব্ৰহ্মপুত্ৰ ভেলী ফিল্ম ফেষ্টিভেলৰ অংশীদাৰ হ’বলৈ পায় ।

লগতে পঢ়ক: ‘কুকি’ৰে আৰম্ভ অষ্টম বাৰ্ষিক ব্ৰহ্মপুত্ৰভেলী চলচ্চিত্ৰ মহোৎসৱ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.