ETV Bharat / state

এনকাউণ্টাৰ-পিপিই কিট কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবী ৭ বিৰোধী দলৰ

author img

By

Published : Jun 16, 2022, 7:51 PM IST

গুৱাহাটী প্ৰেছ ক্লাৱত সাতটা বিৰোধী দলৰ সংবাদমেল(Seven opposition parties press conference at Guwahati Press Club) । ‘এনকাউণ্টাৰ'ৰ নামত অভিযুক্তক বিনা বিচাৰে হত্যা কৰাৰ ঘটনা আৰু সদ্যপ্রকাশিত পি পি ই কিট কেলেংকাৰিৰ ন্যায়িক তদন্তৰ দাবীত দল কেইটাই সম্বোধন কৰে সংবাদমেলখনৰ ।

এনকাউণ্টাৰ-পিপিই কিট কেলেংকাৰিৰ ন্যায়িক তদন্তৰ দাবী ৭ বিৰোধী দলৰ
এনকাউণ্টাৰ হত্যা আৰু পিপিই কিট কেলেংকাৰিৰ ন্যায়িক তদন্তৰ দাবী ৭টা বিৰোধী দলৰ

গুৱাহাটী,১৬ জুন: অসমত বিজেপি নেতৃত্বাধীন চৰকাৰে শাসনভাৰ গ্ৰহণ কৰাৰে পৰা ৰাজ্যখনত ‘এনকাউণ্টাৰ'ৰ নামত অভিযুক্তক বিনা বিচাৰে হত্যা কৰাৰ ঘটনা আৰু সদ্যপ্রকাশিত পি পি ই কিট কেলেংকাৰিৰ ন্যায়িক তদন্তৰ দাবী জনাইছে চি পি আই এমে । গুৱাহাটী প্ৰেছ ক্লাৱত বৃহস্পতিবাৰে অনুষ্ঠিত এখন সংবাদমেলত চি পি আই এমৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰে এই দাবী উত্থাপন কৰে ।

তালুকদাৰে কয় যে ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছৰে পৰা ৰাজ্যখনত 'এনকাউণ্টাৰ'ৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে (Number of encounters in Assam has increased alarmingly) । সন্দেহ কৰাৰ থল আছে যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ পৃষ্ঠপোষকতাতে এই অবৈধ, অসাংবিধানিক আৰু মানৱ অধিকাৰ হৰণকাৰী হত্যাকাণ্ডবোৰ সংঘটিত হৈছে ।

শেহতীয়াভাৱে বটদ্ৰৱাৰ ঘটনাক কেন্দ্ৰ কৰি দুজনকৈ লোকক পুলিচবাহিনীৰ দ্বাৰা হত্যা কৰা আৰু বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰা ঘটনাতো গভীৰ উদ্বেগ প্ৰকাশ কৰা হয় । বিজেপি চৰকাৰে যি সাম্প্ৰদায়িক ৰাজনীতি বিয়পাই দিছে তাৰে অংশ হিচাপেই মুছলমান লোকক 'এনকাউণ্টাৰ'ৰ বিশেষ লক্ষ্য কৰি লোৱা হৈছে । তেওঁ কয় যে অলপতে 'দি ৱায়াৰ' আৰু 'দি ক্ৰছকাৰেণ্ট' নামৰ সংবাদ প্রতিষ্ঠান দুটাই ক'ভিডৰ সময়ত পি পি ই কিট যোগানৰ নামত হোৱা কেলেংকাৰী তথ্যসহ দাঙি ধৰিছে ।

মুখ্যমন্ত্ৰীৰ পত্নী আৰু তেওঁৰ পৰিয়ালৰ ঘনিষ্ঠ ব্যৱসায়ীক সকলো নিয়ম নীতি ভংগ কৰি কিদৰে পি পি ই কিট যোগানৰ ঠিকা দিয়া হৈছিল সেই কথা সবিস্তাবে প্রকাশ পাইছে । তেওঁ কয় যে 'এনকাউণ্টাৰ'ৰ ঘটনাবোৰ এগৰাকী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰাব লাগে আৰু এই ঘটনাবোৰৰ সৈতে জড়িত অপৰাধী পুলিচ বিষয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ তত্ত্বাৱধানত চি বি আইৰ দ্বাৰা পি পি ই কিট কেলেংকাৰিৰ দ্রুত তদন্ত কৰিব লাগে । এই তদন্তৰ দাবী জনায় বুধবাৰে কংগ্ৰেছ, চি পি আই (এম), চি পি আই, চি পি আই (এম-এল), অসম জাতীয় পৰিষদ, ৰাইজৰ দল, আঞ্চলিক গণ মৰ্চাৰ দ্বাৰা যুটীয়াভাৱে ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান কৰিছে । সংবাদমেলত চিপি আই এমৰ নেতা ইচ্‌ফাকুৰ ৰহমান, অসম জাতীয় পৰিষদৰ ৰাজু ফুকন , ৰাইজৰ দলৰ ঘনশ্যাম নাথ আৰু আঞ্চলিক গণমৰ্চাৰ প্ৰণৱ জ্যোতি চেতিয়াই অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: Embankment damages in Jonai : জোনাইত প্লাৱিত কেইবাখনো গাঁও

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.