ETV Bharat / state

পুৱাতেই প্ৰৱল ভূঁইকপে জোঁকাৰি গ’ল সমগ্ৰ ৰাজ্যক

author img

By

Published : Apr 28, 2021, 6:20 PM IST

earthquake in assam
অসমত ভূমিকম্পৰ জোকাৰণি

বুধবাৰে পুৱাৰ ভাগত 6 টাকৈ তীব্ৰ ভূমিকম্পই জোঁকাৰি গ’ল সমগ্ৰ ৰাজ্য ৷ ঢেকীয়াজুলিৰ অভিকেন্দ্ৰৰ পৰা উৎপত্তি হয় এই কম্পনৰ ৷ 6.7 ৰিখটাৰ স্কেলৰ এই ভূমিকম্পই বিস্তৰ ক্ষতিসাধন কৰে ৰাজ্যবাসীৰ ৷

নিউজ ডেস্ক, 28 এপ্ৰিল : কৰ’ণাতংকৰ মাজতে ৰাজ্যত দেখা দিয়ে আন এক আতংকই ৷ বুধবাৰে পুৱাৰ ভাগত ক্ৰমাগতভাৱে অহা 6 টাকৈ সৰু-বৰ ভূমিকম্পই কঁপাই গ’ল সমগ্ৰ ৰাজ্য ৷ ইয়াৰে ভিতৰত অধিক প্ৰাবল্যৰ ভূমিকম্পটো আছিল 6.4 ৰিখটাৰ স্কেলৰ ৷

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ অভিকেন্দ্ৰৰ পৰা উৎপত্তি হোৱা এই ভূমিকম্পৰ জোঁকাৰণিয়ে ৰাজ্যত বিস্তৰ ক্ষতিসাধন কৰে ৷ ক’ৰবাত যদি মাটি ফাটি পানী ওলাইছে, আন ক’ৰবাত আকৌ পথৰ মাজত বৃহৎ ফাঁট মেলা দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰোপৰি বহু অট্টালিকা, বাসগৃহ আদিৰ বিস্তৰ ক্ষতিসাধন হোৱা পৰিলক্ষিত হয় ৷

পুৱাতেই প্ৰৱল ভূঁইকপে জোঁকাৰি গ’ল সমগ্ৰ ৰাজ্যক

উল্লেখ্য যে, 2015 চনৰ 25 এপ্ৰিলত ভূমিকম্পৰ গ্ৰাসত পৰিছিল আমাৰ চুবুৰীয়া দেশ নেপাল ৷ এই ঘটনাই বহুতৰ জীৱনলৈ কাল-ধুমুহা মাতি আনিছিল ৷ পুনৰ চলিত বৰ্ষৰ এপ্ৰিল মাহৰ 28 তাৰিখে অৰ্থাৎ পূৰ্বৰ নেপালৰ ভূমিকম্পৰ দিনটোৰ ঠিক তিনিদিন পাচত একেই আতংকৰ সৃষ্টি হ’ল অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ৷

যিসময়ত মহামাৰী কৰ’ণাই সমগ্ৰ দেশৰ লগতে অসমকো শংকিত কৰি তুলিছে, তেনে সময়ত প্ৰকৃতিৰ এই ভয়ংকৰ ৰূপে অধিক আতংকিত কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীক ৷ ইফালে ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ কম্পনৰ পাচতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে ফোনযোগে বুজ লয় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : ভূমিকম্পৰ ফলত মহা মৃত্যুঞ্জয় মন্দিৰত ফাঁট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.