ETV Bharat / state

State Award for Teachers: ৰাজ্যৰ ৩৬ গৰাকী শিক্ষাগুৰুলৈ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা

author img

By ETV Bharat Assamese Team

Published : Sep 3, 2023, 3:17 PM IST

অসমৰ পৰা এইবাৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটা লাভ কৰিছে পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ শিক্ষক কুমুদ কলিতাই। এইবাৰৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা আগবঢ়োৱা হৈছে মাধ্যমিক পর্যায়ৰ ২১ জন, উচ্চ প্রাথমিক পৰ্যায়ৰ দুজন আৰু নিম্ন প্ৰাথমিক পৰ্যায়ৰ ১৩ জন শিক্ষকলৈ।

Award for Teachers Day to 36 meritorious teachers
ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা

গুৱাহাটী, ৩ ছেপ্টেম্বৰ : শিক্ষক দিৱসৰ প্ৰাকঃক্ষণত ঘোষণা কৰা ৰাষ্ট্ৰীয় শিক্ষক বঁটা অসমৰ এগৰাকী শিক্ষাগুৰুৰ লগতে দেশৰ মুঠ ৭৫ গৰাকী শিক্ষাগুৰুলৈ আগবঢ়োৱা হৈছে ৷ ২০২৩ বৰ্ষত ৰাষ্ট্ৰপতিৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে বাছনি কৰা ৭৫ গৰাকী কৃতী শিক্ষকক ৫ ছেপ্তেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত বঁটাসমূহ প্ৰদান কৰা হ'ব ৷ অসমৰ পৰা এইবাৰ ৰাষ্ট্ৰপতিৰ শিক্ষক বঁটা লাভ কৰিছে পাঠশালাৰ পাঠশালা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰাজনীতি বিজ্ঞান বিষয়ৰ শিক্ষক কুমুদ কলিতাই ৷ ৫ ছেপ্টেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতিয়ে অসমৰ কুমুদ কলিতাক ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰে সন্মানিত কৰিব ৷

ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ উদ্দেশ্য হৈছে যে দেশৰ শিক্ষা খণ্ডলৈ অসামান্য বৰঙনি আগবঢ়োৱা শিক্ষকসকলক সন্মান জনোৱা ৷ এই কৃতী শিক্ষকসকলে উৎসৰ্গাৰ মনোভাৱেৰে গুণগত শিক্ষা প্ৰদান কৰি শিক্ষাৰ্থীৰ জীৱন পোহৰাই তুলিছে ৷ এই বঁটাৰ লগত থাকিব এখন মানপত্র, ৫০ হাজাৰ টকা আৰু এটা ৰূপৰ মেডেল ৷ বঁটাপ্ৰাপ্ত শিক্ষকসকলে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বাৰ্তালাপ কৰাৰ সুবিধা লাভ কৰিব ৷

ইফালে অসম চৰকাৰেও শিক্ষক দিৱস উপলক্ষে ৰাজ্যিক কৃতী শিক্ষকৰ তালিকা ৰাজহুৱা কৰিছে ৷ মাধ্যমিক পর্যায়ৰ ২১জন, উচ্চ প্রাথমিক পৰ্যায়ৰ দুজন আৰু নিম্ন প্ৰাথমিক পৰ্যায়ৰ ১৩জন শিক্ষকলৈ আগবঢ়োৱা হৈছে এই বছৰৰ ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা ৷ শিক্ষক দিৱসত মুঠ ৩৬জন কৃতী শিক্ষাগুৰুক এই বঁটাৰে সন্মানিত কৰিব অসম চৰকাৰে ৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে প্ৰকাশ কৰা কৃতী শিক্ষকৰ তালিকাত কেইবাগৰাকী ঠিকাভিত্তিক শিক্ষকো আছে ৷ আনকি আবেদন নকৰা শিক্ষকৰ নামো আছে এই তালিকাত ৷

শিক্ষা বিভাগে প্ৰকাশ কৰা তালিকা অনুসৰি উচ্চ প্রাথমিকত কৃতী শিক্ষকৰ বঁটা লাভ কৰিছে ডিব্ৰুগড় জিলাৰ কচাৰীপথাৰ এম ই স্কুলৰ নলিনী কুমাৰ মজুমদাৰ আৰু ধুবুৰীৰ মধুশোলমাৰী দাৰুল উলুম এম ই মাদ্ৰাছাৰ বাবুল ৰহমান সৰকাৰে ৷

আনহাতে নিম্ন প্ৰাথমিকত কৃতী শিক্ষকৰ বঁটা লাভ কৰিছে ক্ৰমে কামৰূপ (মহানগৰ) জিলাৰ ২নং মঠঘৰীয়া এল পি স্কুলৰ ৰবিয়া বেগম, ডিব্ৰুগড়ৰ শ্ৰী শংকৰদেৱ এল পি স্কুলৰ মাধুৰিমা বৰা, শোণিতপুৰৰ আকাবস্তি মিৰি এল পি স্কুলৰ অম্বিয়া বেগম, গোলাঘাটৰ ঢেকেৰিপেট্টা এল পি স্কুলৰ নিৰু নাথ, গোৱালপাৰাৰ খিলামৰা বাখৰাপাৰা এল পি স্কুলৰ ৰুদ্ৰ সিং ৰাভা, নলবাৰীৰ গলিয়া এল পি স্কুলৰ গিৰীন্দ্ৰ কাশ্যপ, চৰাইদেউৰ সাপেখাতী ব্লক এল পি স্কুলৰ ৰাণু ফুকন, কৰিমগঞ্জৰ ৭৫৪নং লালচেৰা এল পি স্কুলৰ চন্দ্ৰন ত্রিপাঠী, ওদালগুৰিৰ ৫৮৬নং গেৰুৱা বগৰীগুৰি এল পি স্কুলৰ ঊষাৰাণী বায়ন, কামৰূপৰ পূব সোণাপুৰ এল পি স্কুলৰ ভূপেন্দ্ৰ কোঁৱৰ, শোণিতপুৰৰ লোকনায়ক অমিয় কুমাৰ দাস এল পি স্কুলৰ ৰঞ্জন শইকীয়া, বঙাইগাঁৱৰ দৰ্শটিলা এল পি স্কুলৰ জুৰি দাস আৰু দৰঙৰ দলগাঁও টাউন এল পি স্কুলৰ খবিৰুদ্দিন আহমেদ ৷

আনহাতে মাধ্যমিক পৰ্যায়ত কৃতী শিক্ষকৰ বঁটা লাভ কৰিছে ক্ৰমে বৰপেটাৰ ছেণ্ট যোছেফ হাইস্কুলৰ তাপস কুমাৰ সৰকাৰ, দৰঙৰ বাপুজী গাৰ্লছ হাইস্কুলৰ হিৰণ্য কুমাৰ নাথ, ওদালগুৰিৰ গোলামগাঁও হাইস্কুলৰ ধীৰেন্দ্ৰনাথ বৰুৱা, গোৱালপাৰাৰ ফাটেঙাপাৰা হাইস্কুলৰ মোক্তাছিদুজ জামান আজাদ, দৰঙৰ লেঙেৰীঝাৰ কৃষক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অনিমা দাস, বাক্সাৰ বৰমা গাৰ্লছ হাইস্কুলৰ দেওবৰ ৰামচিয়াৰী, লখিমপুৰৰ জৱাহৰজ্যোতি এইচ এছ স্কুলৰ হৰি ভাগৱতী, কামৰূপৰ দৰাকহঁৰা হাইস্কুলৰ মদন মোহন কলিতা, কামৰূপৰ ভূংগেশ্বৰ হাইস্কুলৰ ভগৱান বৈশ্যই ৷

লগতে আছে দৰঙৰ বুঢ়া এল বি হাইস্কুলৰ ভূষণ চন্দ্ৰ চহৰীয়া, গোলাঘাটৰ বোকাখাট উচ্চতৰ মাধ্যমিকৰ হেৰম্ব বাৰুকিয়াল, বাক্সাৰ আঠিয়াবাৰী বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিকৰ ৰনিশ চন্দ্ৰ ৰামচিয়াৰী, গোলাঘাটৰ মুহিৰাম হাজৰিকা হাইস্কুলৰ মৃণাল খাউণ্ড, মৰিগাঁৱৰ আলকাপুৰ এছ এছ কে ছেকেণ্ডাৰী স্কুলৰ প্রদীপ কুমাৰ পাটৰ, দৰঙৰ ছিপাঝাৰ উচ্চতৰ আৰু বহুমুখী স্কুলৰ পৱন কুমাৰ কলিতা, বৰপেটাৰ ড° কে কে দাস মেম'ৰিয়াল গাৰ্লছ হাইস্কুলৰ গুণীন্দ্ৰ নাথ ওজা, কামৰূপৰ (মহানগৰ) আমচাং টি ই মডেল স্কুলৰ উপেন গোস্বামী, তিনিচুকীয়াৰ ফিলবাৰী হাইস্কুলৰ প্ৰদীপ শইকীয়া, ডিব্ৰুগড়ৰ নামছাং টি ই মডেল স্কুলৰ দেৱজিৎ ঘোষ, বঙাইগাঁৱৰ হিন্দী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মৰমজ্যোতি দাস আৰু ডিব্ৰুগড়ৰ চাচনী যমুনামুখ হাইস্কুলৰ ভূপেন গোহাঁয়ে ৷

লগতে পঢ়ক : Abhiruchi Sports Day 2023: শিৱসাগৰত অভিৰুচি ক্ৰীড়া দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.