ETV Bharat / state

Assam Assembly Autumn Session : ২৩ বছৰত অসমৰ পৰা মাত্ৰ ৩১০০ বিদেশী বহিষ্কাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2023, 7:42 PM IST

Assam Assembly Autumn Session
Assam Assembly Autumn Session

বিধানসভাত বিদেশী বহিষ্কাৰৰ গুৰুত্বপূৰ্ণ তথ্য ৷ অসম আন্দোলনত শ্বহীদ স্বীকৃতি পাইছিল ৮৫৫ জনে ৷ ২০১৬ চনৰ পৰা ২০২৩ চনলৈ মাত্ৰ ৩৮১ জন বিদেশী বহিষ্কাৰ অসমৰ পৰা ৷

গুৱাহাটী, ১১ ছেপ্টেম্বৰ : বিদেশী বহিষ্কৰণক লৈ অসম বিধানসভাৰ মজিয়াত অসম চৰকাৰৰ বিস্ফোৰক তথ্য ৷ অসমৰ পৰা যোৱা ২০০১ চনৰ পৰা ২০২৩ চনলৈ বিগত ২৩ বছৰত মুঠ কিমানজন বিদেশী বহিষ্কৰণ হৈছে আপুনি জানেনে ? আনহাতে, অসমত বিজেপি শাসনলৈ অহা ২০১৬ চনৰ পৰা যোৱা ৭ টা বছৰত কিমানজন বিদেশী চিনাক্ত হ’ল আৰু কিমানজনৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হ’ল জানিলে আপোনাৰ আচৰিত লাগিব ৷

সোমবাৰৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শৰৎকালীন অধিবেশনৰ প্ৰথম দিনটোত বিধায়ক অখিল গগৈয়ে অসমৰ পৰা বিদেশী বহিষ্কৰণক লৈ উত্থাপন কৰিছিল এলানি প্ৰশ্ন ৷ অখিল গগৈৰ প্ৰথম প্ৰশ্ন আছিল যে ২০০১ চনৰ পৰা ২০২৩ চনলৈ বছৰি কিমান বিদেশী নাগৰিকক চিনাক্তকৰণ, ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন আৰু বহিষ্কৰণ কৰা হৈছে ?

এই তৰাবিহীন প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সদনৰ মজিয়াত সদৰী কৰি কয় যে ২০০১ চনৰ পৰা ২০২৩ চনলৈ বিদেশী ন্যায়াধীকৰণৰ দ্বাৰা চিনাক্ত কৰা মুঠ বিদেশীৰ সংখ্যা ১৩১,৬৪৯ আৰু বহিষ্কৰণ কৰা বিদেশীৰ মুঠ সংখ্যা ৩,১০০ জন মাত্ৰ ৷ ২০২৩ বৰ্ষটোত বৰ্তমানলৈ মাত্ৰ ২৫ গৰাকীহে বিদেশী লোক বহিষ্কাৰ কৰা হৈছে ৷

অসমত বিজেপিয়ে শাসনলৈ অহা ২০১৬ চনৰ পৰা ২০২৩ চনলৈ এই সাতটা বছৰত মাত্ৰ ৩৮১ জন বিদেশীকহে ভাৰতৰপৰা বহিষ্কাৰ কৰিবলৈ সক্ষম হৈছে । আনহাতে, ২০০১ চনৰ পৰা বৰ্তমানলৈ মুঠ ৮৯০ জন লোকৰ নাম ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা হৈছে বুলি বিধানসভাত তথ্য দিয়ে ৰাজ্য চৰকাৰে ৷

বিধানসভাত বিদেশা বহিষ্কৰণৰ তথ্য
বিধানসভাত বিদেশা বহিষ্কৰণৰ তথ্য

অসম চৰকাৰে ৰাজ্যখনৰ বিদেশীৰ চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিছে ? এয়া আছিল অখিল গগৈৰ দ্বিতীয়টো প্ৰশ্ন । ইয়াৰ উত্তৰ ৰাজ্য চৰকাৰে দিয়ে এইদৰে— Foreigners Act, 1946, Foreigners (Tribunal) Order, 1964 আৰু কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে ৷ জিলাসমূহত থানা (Police Station), আৰক্ষী চকী (Out Post), পহৰা চকী (Patrol Post), নিৰীক্ষণ চকী (Watch Post), সীমান্ত জিলাত দ্বিতীয় শাৰীৰ প্ৰতিৰক্ষা বেষ্টনী (2nd Line of Defence), BOP/PP, Task force, Border Security force-ৰ সৈতে সমন্বয় ৰাখি পহৰাৰ ব্যৱস্থা কৰা হৈছে ৷

চৰকাৰৰ তৰফৰ পৰা লগতে জনোৱা হয় যে এই গোটসমূহত থকা আৰক্ষীয়ে গাঁও সমীক্ষা, পহৰা, নিৰীক্ষণ, গোপন সূত্র অদিৰ জৰিয়তে সন্দেহযুক্ত নাগৰিকক বাছি উলিয়াই যাৱতীয় আইনী ব্যবস্থা গ্ৰহণ কৰে । নিৰ্বাচনী পঞ্জীয়ন বিষয়াই প্ৰেৰণ কৰা সন্দেহযুক্ত ভোটাৰৰ (D-Voter) গোচৰসমূহ বিদেশী ন্যায়াধীকৰণলৈ মতামতৰ বাবে প্ৰেৰণ কৰা হয় । চিনাক্ত হোৱা বিদেশী নাগৰিকসকলক আইনী প্ৰক্ৰিয়াৰে নিজ দেশলৈ বহিষ্কাৰ কৰি থকা হৈছে ।

কিন্তু যোৱা ৮ টা বছৰত এনে চিনাক্ত হোৱা মাত্ৰ ৩৮১ জনহে বিদেশী নাগৰিকক বহিষ্কাৰ কৰা হৈছে । লগতে অসম চুক্তিৰ ৫নং দফা ৰূপায়ণ কৰি সকলো বিদেশীক বহিষ্কৰণ কেতিয়াৰ ভিতৰত সমাপন কৰা হ’ব বুলি অখিল গগৈয়ে সোধা প্ৰশ্নৰ উত্তৰত গৃহ বিভাগৰো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৌশলী উত্তৰ দি কয়— “অসম চুক্তিৰ ৫নং দফা ৰূপায়ণৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে । বিদেশী চিনাক্তকৰণ আৰু বহিষ্কৰণ এক আইনী আৰু ধাৰাবাহিক প্রক্রিয়া । সেয়েহে সমাপনৰ সময় সীমা এই আইনী প্ৰক্ৰিয়াৰ ওপৰত নিৰ্ভৰ কৰিব ৷”

বিধায়ক অখিল গগৈয়ে সোধা প্ৰশ্নলানিৰ ভিতৰত আন এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ’ল যে C(A)A বলৱৎ হ'লে অসমত ১৯৭১ চনৰ ২৪ মাৰ্চৰ পাছৰ কিমান বিদেশী নাগৰিকে নাগৰিকত্ব পাব ? কেন্দ্ৰই এতিয়াও 'CAA’-ক লৈ বিধি প্ৰণয়ন কৰা নাই ৷ এই প্ৰসংগত সদনৰ মজিয়াত ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ এনেধৰণৰ— “নাগৰিকত্ব বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ আওতাত পৰে । কেন্দ্ৰীয় চৰকাৰে C(A)2019-ৰ Rule এতিয়ালৈকে প্ৰস্তুত কৰা নাই । আইন অনুসৰি ২০১৪ চনৰ আগতে অহা হিন্দু, শিখ, খ্ৰীষ্টান আদি সম্প্ৰদায়ৰ লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিব পাৰিব । বৰ্তমানলৈ চিনাক্ত হোৱা বিদেশীৰ সংখ্যালৈ লক্ষ্য কৰিলে ই কেইহাজাৰমান লোক হ'ব । অৱশ্যে বিধি প্ৰণয়নৰ পিছতহে ইয়াৰ অলপ ৰূপৰেখা বুজিব পৰা যাব। ”

লগতে পঢ়ক :Bajrang Dal Arms Training:বিদ্যালয়ত বজৰং দলে অস্ত্ৰ প্ৰশিক্ষণ দিয়া সন্দৰ্ভত সদনত‌ মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.