ETV Bharat / state

Assam eviction drive: ৰাজ্যৰ মুঠ জলাহভূমিৰ 20 শতাংশ বেদখকাৰীৰ কবলত; শীঘ্ৰেই চলিব উচ্ছেদ অভিযান

author img

By

Published : Mar 8, 2023, 10:32 PM IST

শিলসাঁকোৰ উচ্ছেদৰ মাজতে জলাশয় তথা প্ৰাকৃতিক সুঁতিত হোৱা অবৈধ দখলৰ তথ্য দাখিল কৰিবলৈ উপায়ুক্তসকলক জৰুৰী নিৰ্দেশ । প্ৰতিখন জিলাৰ উপায়ুক্তৰ পৰা বিচৰা হৈছে বেদখলৰ তথ্য (Assam eviction drive) । ৰাজ্যৰ 3,513 খন জলাহভূমিয়ে প্ৰায় 1,01,236 হেক্টৰ ভূমি আগুৰি আছে । ৰাজ্যখনত পঞ্জীয়নভুক্ত 400 খন বিল আছে । প্ৰতি বছৰে ৰাজ্যখনত প্ৰায় 5 শতাংশকৈ জলাহভূমি হ্ৰাস পাই আহিছে ।

Assam eviction drive
ৰাজ্যৰ মুঠ জলাহভূমিৰ 20 শতাংশ বেদখকাৰীৰ কবলত; শীঘ্ৰেই চলিব উচ্ছেদ অভিযান

গুৱাহাটী, 8 মার্চ: শীঘ্ৰেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিব ব্যাপক উচ্ছেদ অভিযান । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে জলাহভূমিসমূহ বেদখলমুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ কোনখন জিলাত কিমান জলাহভূমি দখল হৈ আছে তাৰ তথ্য দাখিল কৰাৰ বাবে প্ৰতিখন জিলাৰ উপায়ুক্তক নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীয়ে দিয়া এই নিৰ্দেশ অনুসৰি জিলা উপায়ুক্তসকলে তেওঁলোকৰ জিলাত যোৱা পোন্ধৰ বছৰত দখল হোৱা জলাহভূমিৰ তথ্য সাত দিনৰ ভিতৰত দাখিল কৰিব লাগিব (Encroachment in lake and water bodies) ।

উল্লেখ্য যে, বিগত 15 বছৰত কোনখন জিলাত কিমান জলাহভূমি দখল হৈছে তাৰ বিস্তৃত তথ্য লাভ কৰাৰ পাছতেই উক্ত অঞ্চলসমূহ দখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰখনে ব্যাপক মাত্ৰাত উচ্ছেদ অভিযান আৰম্ভ কৰিব । ইতিমধ্যে ৰাজ্য চৰকাৰখনে গুৱাহাটীৰ শিলসাঁকো বিলত উচ্ছেদ চলোৱাৰ পাচত এতিয়া দীপৰ বিল দখলমুক্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে (Eviction drive in Assam) ।

মন কৰিবলগীয়া কথা যে, জলাশয়সমূহ জীৱকূলৰ বাবে অতিকৈ প্ৰয়োজনীয় ‘পৰিৱেশ তন্ত্ৰ' ৷ কিন্তু জলাশয়সমূহ দখল কৰাৰ ফলত সম্প্ৰতি ৰাজ্যখনত আৰ্দ্ৰভূমিৰ পৰিমাণ অভাৱনীয়ভাৱে হ্ৰাস পাইছে । গুৱাহাটী মহানগৰীতে থকা 4 খন আৰ্দ্ৰভূমি আৰু এখন নদীৰ বৃহৎ অংশ বেদখলকাৰীৰ কবলত পৰাত সম্প্ৰতি বাৰিষাকালত মহানগৰীখন কৃত্ৰিম বানত বুৰ যায় ।

চৰকাৰী তথ্য অনুসৰি ৰাজ্যখনত পঞ্জীয়নভুক্ত 400 খন বিল আছে । ইয়াৰ উপৰি বহু পঞ্জীয়ন নোহোৱা জলাশয়ো আছে । আনহাতে সমগ্ৰ ৰাজ্যখনতে থকা 3,513 খন জলাহভূমিয়ে প্ৰায় 1,01,236 হেক্টৰ ভূমি আগুৰি আছে । উল্লেখযোগ্য যে, অসমৰ বিভিন্ন জিলাত সৰু-ডাঙৰ বহুতো জলাহভূমি আছে যদিও নগাঁও জিলাতেই ইয়াৰ সংখ্যা সৰ্বাধিক 179 । কিন্তু এই বৃহৎ পৰিমাণৰ জলাহভূমিৰ ভিতৰত 20 শতাংশ ভূমিয়েই দখল হৈছে (Water bodies encroachment in Assam)।

এটা বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠনৰ সমীক্ষা মতে বিগত এটা দশকত অসমত প্ৰায় 20 শতাংশ জলাহভূমি নোহোৱা হ’ল । তদুপৰি প্ৰতি বছৰে ৰাজ্যখনত প্ৰায় 5 শতাংশকৈ জলাহভূমি হ্ৰাস পাই আহিছে । অন্য এক সমীক্ষা অনুসৰি বিগত দহ বছৰৰ ভিতৰত অসমৰ ডিব্ৰু-ছৈখোৱাৰ তৰালি বিল, গুৱাহাটীৰ সৰুচলা, বৰচলা বিলকে ধৰি সৰু-ডাঙৰ বহুতো জলাহভূমি ধ্বংস হোৱাৰ লগতে দীপৰ বিললৈও বিপদ নামি আহিছে ।

জলাহভূমিৰ পৰিমাণ হ্ৰাস পোৱাৰ বাবে আজি অসমত দেওহাঁহ, হাড়গিলা, বৰটোকোলা, বগলী, কণামুচৰি, দহিকতৰা, পানীকাউৰী, শৰালি, মাছৰোকা আদি চৰাইৰ লগতে থলুৱা প্ৰজাতিৰ মাছবিলাকো ক্ৰমবর্ধমান গতিত লুপ্ত হ'বলৈ ধৰিছে । এই জলাহভূমি নিঃশেষ হৈ গ’লে অনাগত দিনত সমগ্ৰ জৈৱ-বৈচিত্ৰৰ ওপৰতো এক বিৰূপ প্ৰভাৱ পৰিব । এনে পৰিস্থিতিত অসম চৰকাৰে জলাহভূমি দখলমুক্ত কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তই আশাৰ বতৰা কঢ়িয়াই আনিছে ।

উল্লেখ্য যে, এক কথাত কবলৈ গ’লে বেদখলৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে অসম চৰকাৰে । ৰাজ্যজুৰি চৰকাৰী তথা বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালকৈ প্ৰাকৃতিক বিল আৰু জলাশয়কো বেদখলমুক্ত কৰাৰ বাবে জোৰদাৰ অভিযান আৰম্ভ কৰিছে ।

এই অভিযানৰ অংশ হিচাপে গুৱাহাটীৰ শিলসাঁকো বিলত আৰম্ভ হৈছে উচ্ছেদ অভিযান (Silsako eviction drive)। বৰ্তমান দহদিনৰ বাবে সাময়িকভাৱে শিলসাঁকো বিলত উচ্ছেদ অভিযান বন্ধ আছে যদিও পুনৰ আৰম্ভ হ’ব । গুৱাহাটীৰ শিলসাঁকো বিলৰ পাচত ৰাজ্যৰ সকলো বিল, জলাশয়, প্ৰাকৃতিক সুঁতি বেদখলমুক্ত কৰাৰ দিশে আগবাঢ়িছে চৰকাৰ ।

প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা আৰু ৰাজ্যৰ চহৰ-নগৰ অঞ্চলসমূহ কৃত্ৰিম বানমুক্ত কৰাৰ বাবে বেদখলকাৰীৰ কবলত পৰা জলাশয়, প্ৰাকৃতিক সুঁতিত অচিৰেই চৰকাৰে চলাব ব্যাপক উচ্ছেদ অভিযান । অৱশ্যে চৰকাৰৰ এই তৎপৰতা কিমান দূৰ কাৰ্যকৰী হৈ উঠে সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক: Assam eviction drive: ৰাজ্যৰ বেদখলকৃত হ্ৰদ-জলাশয় আদিতো চলিব উচ্ছেদ অভিযান; বেদখলৰ তথ্য বিচাৰি উপায়ুক্তলৈ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.