ETV Bharat / state

Deadbody recovered: মহানগৰীৰ দুঠাইত একেদিনাই দুটাকৈ মৃতদেহ উদ্ধাৰ

author img

By

Published : Aug 6, 2023, 9:04 PM IST

Updated : Aug 7, 2023, 7:38 AM IST

দেওবাৰে মহানগৰীৰ লখৰা আৰু বেলতলাত দুটাকৈ মৃতদেহ উদ্ধাৰ কৰা হয় ৷ লখৰাৰ গৰভাংগা পথত পদপথৰ দোকানৰ সমীপতে পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এজন যুৱকৰ মৃতদেহ । বশিষ্ঠৰ বাহিনী নৈত উটি অহা অৱস্থাত বেলতলাৰ বনগাঁৱত উদ্ধাৰ হৈছে আন এটা মৃতদেহ।

2-deadbody-recovered-in-one-day-in-guwahati
মহানগীৰৰ দুঠাইত একেদিনাই দুটাকৈ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ দুঠাইত একেদিনাই দুটাকৈ মৃতদেহ উদ্ধাৰ

গুৱাহাটী, 6 আগষ্ট : মহানগৰীত ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা ৷ বিগত দিনসমূহত মহানগৰীৰ প্ৰতিটো প্ৰান্তত মৃতদেহ উদ্ধাৰৰ ঘটনাই প্ৰতিদিনে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ৷ দেওবাৰে মহানগৰীৰ লখৰা আৰু বেলতলাত দুটাকৈ মৃতদেহ উদ্ধাৰ কৰা হয় ৷

প্ৰথমটো ঘটনাত মহানগৰীৰ লখৰাত এটা মৃতদেহ উদ্ধাৰ কৰা হয় । লখৰাৰ গৰভাংগা পথত সংঘটিত হৈছে এই ঘটনা। পদপথৰ দোকানৰ সমীপতে পৰি থকা অৱস্থাত স্থানীয় লোকে প্ৰত্যক্ষ কৰে এজন যুৱকৰ মৃতদেহ ।

ৰাজা সিনহা নামৰ এজন লোকে প্ৰথমে মৃতদেহটো দেখা পাই ১০০ ত ফোন কৰে যদিও সংযোগ নোহোৱাত ব্যক্তিজনে বশিষ্ঠ আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষীক খবৰ দিয়ে ৷ সম্প্ৰতি পৰিচয় উদ্ধাৰ হোৱা নাই যুৱকজনৰ।

ইফালে কোনো লোকে সেই স্থানত মৃতদেহটো পেলাই থৈ যোৱা বুলিও মন্তব্য কৰে আৰক্ষীক খবৰ দিয়া লোকজনে। এই ঘটনাৰ পিচতে সমগ্ৰ লখৰা অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। অচিনাক্ত যুৱকজনৰ হত্যা নে স্বাভাৱিক মৃত্যু সেই বিষয়ে বৰ্তমানলৈ জানিব পৰা হোৱা নাই । আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা।

আনহাতে আজিৰ দিনটোতে মহানগৰীত বশিষ্ঠৰ বাহিনী নৈত উটি অহা অৱস্থাত উদ্ধাৰ হয় এটা মৃতদেহ। বেলতলাৰ বনগাঁৱত উদ্ধাৰ হৈছে মৃতদেহটো। জানিব পৰা মতে, দেওবাৰে বিয়লি প্ৰায় ৫ বজাত স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰে।

তাৰ পিচতে লগে লগে বশিষ্ঠ আৰক্ষীক খবৰ দিয়ে স্থানীয় লোকে। এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। মৃতদেহটো বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই। লগতে মৃতদেহটো ক’ৰ পৰা কেনেকৈ উটি আহিল সেই কথাও বৰ্তমানলৈ স্পষ্ট হোৱা নাই।

বশিষ্ঠ আৰক্ষীয়ে খবৰ দিয়াৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় যদিও প্ৰায় ৩ ঘন্টা পিচতহে মৃতদেহটো উদ্ধাৰ কৰি থানালৈ লৈ যায়। এতিয়ালৈ লোকজনৰ পৰিচয় জানিব পৰা হোৱা নাই ৷ আৰক্ষীয়ে দুয়োটা ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: Brutal Murder in Guwahati: জেষ্ঠ ভাতৃৰ নৃশংস আক্ৰমণত প্ৰাণ গ’ল কনিষ্ঠ ভাতৃৰ

Last Updated :Aug 7, 2023, 7:38 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.