ETV Bharat / state

গুৱাহাটীত আৰম্ভ হ’ল এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা

author img

By

Published : Aug 17, 2022, 9:22 PM IST

সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’ল ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা (131st edition of Durand Cup Football)। ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত ডুৰাণ্ড কাপ ফুটবলৰ গুৱাহাটী লীগৰ উদ্বোধনী অনুষ্ঠানৰ গীত-মাত, বিহু নৃত্য আদিৰে সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম বৰ্ণময় হৈ উঠে ।

131st edition of Durand Cup Football
গুৱাহাটীত আৰম্ভ হ’ল এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা

গুৱাহাটী, 17 আগষ্ট: বুধবাৰৰ পৰা সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ’ল ঐতিহাসিক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা (131st edition of Durand Cup Football)। ভাৰতীয় সেনা বাহিনীৰ উদ্যোগত আৰু অসম চৰকাৰৰ সহযোগত অনুষ্ঠিত ডুৰাণ্ড কাপ ফুটবলৰ গুৱাহাটী লীগৰ উদ্বোধনী অনুষ্ঠানৰ গীত-মাত, বিহু নৃত্য আদিৰে সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম বৰ্ণময় হৈ উঠে । শিল্পী অংগৰাগ পাপন মহন্তই উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি গীত পৰিৱেশন কৰে (Papon in Durand Cup Football tournament)।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ডুৰাণ্ড কাপ ফুটবলৰ প্ৰতিযোগিতাৰ গুৱাহাটী লীগৰ খেল উদ্বোধন কৰে (Opening ceremony of Durand Cup Football in Guwahati)। মুখ্যমন্ত্ৰীগৰাকীয়ে খেলুৱৈসকলক কৰমৰ্দন কৰি শুভেচ্ছা জনায় । উল্লেখ্য যে ডুৰাণ্ড কাপ ফুটবলৰ গুৱাহাটী লীগৰ উদ্বোধনী খেলত নর্থ-ইষ্ট ইউনাইটেড আৰু ওড়িশা এফ চি অৱতীৰ্ণ হয় ।

গুৱাহাটীত আৰম্ভ হ’ল এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা

উদ্বোধনী খেলখন আৰম্ভ হয় বিয়লি ৫.৩০ বজাৰ পৰা । আনহাতে খেলখন উপভোগ কৰিবলৈ শ্বিলং, নাৰেংগী, ৰঙিয়া, চাংসাৰী আদিৰপৰা সৈন্য বাহিনীৰ পৰিয়ালৰ লোকৰ সমাগম ঘটে । উদ্বোধনী খেলৰ সময়ত ষ্টেডিয়ামৰ গেলেৰী লোকাৰণ্য হোৱা দেখা যায় । উল্লেখ্য যে, গুৱাহাটীৰ লীগত দেৱা দিল্লী এফ চি, কোলা ব্লাষ্টার্চ, আমী গ্ৰীন দলেও অংশগ্ৰহণ কৰিব । আনহাতে গুৱাহাটীত দহখন খেলত অনুষ্ঠিত হ’ব ।

উল্লেখ্য যে কলকাতা লীগৰ খেলসমূহ মঙলবাৰৰ পৰা আৰম্ভ হৈছে । ডুৰাণ্ড কাপৰ(Oldest football tournament) আন এটা গ্ৰুপৰ খেল অনুষ্ঠিত হ'ব ইম্ফলত । ইম্ফলত ১৭ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰলৈ আয়োজিত এই খেলত ৫ টাকৈ দলে অংশ গ্ৰহণ কৰিব । উক্ত দলকেইটা হৈছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি, উড়িষা এফ চি, কেৰেল ব্লাষ্টাৰ এফ চি,আৰ্মী গ্ৰীণ এফ টি , সুদেভা দিল্লী এফ চি ৷

খেল উপভোগৰ বাবে ক্ৰীড়াপ্ৰমীসকলে Book my show যোগে সংগ্ৰহ কৰিব পাৰিব প্ৰৱেশ পত্ৰ (Ticket for Durand Cup Football)। প্ৰৱেশপত্ৰৰ মূল্য ১০০, ১৫০, ২৫০ টকাকৈ ধাৰ্য কৰা হৈছে । আনহাতে চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব কলকাতাত ।

লগতে পঢ়ক: বিজেপিৰ কেন্দ্ৰীয় সংসদীয় পৰিষদত সৰ্বানন্দ সোণোৱালৰ অন্তৰ্ভুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.