ETV Bharat / state

চৰকাৰী অৱহেলাত জহিছে ব্ৰিটিছৰ স্বাক্ষৰ বহনকাৰী ৰ'ড ৰোলাৰ

author img

By

Published : May 18, 2019, 2:15 PM IST

যোৰহাটৰ গড়মূৰস্থিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সন্মুখত থকা গড়কাপ্টানী বিভাগৰ আৱাসিক এলেকাত পৰি ৰৈছে ব্ৰিটিছ সভ্যতাৰ স্বাক্ষৰ বহনকাৰী কয়লাৰে চালিত এখন ৰ'ড ৰোলাৰ ৷

ব্ৰিটিছৰ স্বাক্ষৰ বহনকাৰী ৰ'ড ৰোলাৰ

যোৰহাট, 18 মেঃ চৰকাৰী অৱহেলাত জহি-খহি যাবলৈ লৈছে ব্ৰিটিছ যুগৰ স্বাক্ষৰ বহনকাৰী আপুৰুগীয়া সম্পদ ৷ যোৰহাট জিলাৰ গড়মূৰৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সন্মুখত থকা গড়কাপ্টানী বিভাগৰ আৱাসিক এলেকাত অৱহেলিত হৈ পৰি ৰৈছে ব্ৰিটিছে পথ নিৰ্মাণকাৰ্যত ব্যৱহাৰ কৰা এখন ঐতিহাসিক ৰ'ড ৰোলাৰ ৷ বহু সোণালী অতীতৰ গৌৰৱময় গাঁথা বহন কৰি অহা এইসমূহ আপুৰুগীয়া সম্পদ সংৰক্ষণৰ অভাৱ তথা চৰকাৰ আৰু সংশ্লিষ্ট বিভাগৰ অনীহাৰ ফলত এতিয়া জহি খহি যাবলৈ লৈছে ৷

ব্ৰিটিছৰ স্বাক্ষৰ বহনকাৰী ৰ'ড ৰোলাৰ

যোৰহাটত থকা এইখন ব্ৰিটিছ যুগৰে কয়লাৰে চালিত এইখন ৰ'ড ৰোলাৰ এতিয়া মাথোঁ স্মৃতিৰ গৰাহত ৷ ইতিমধ্যেই কালৰ সোঁতত বহু ঐতিহাসিক সম্পদ নিঃশেষ হৈ পৰিছে যদিও যিখিনি বাকী আছে সেইখিনিও এতিয়া হেৰাই যোৱাৰ উপক্ৰম হৈছে ৷ সংৰক্ষণৰ অভাৱত জহি-খহি যাবলৈ লোৱা ৰলাৰখন শীঘ্ৰেই সংৰক্ষণৰ ব্যৱস্থা কৰি পৰৱৰ্তী প্ৰজন্মৰ বাবে সঞ্চিত কৰিবলৈ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

যোৰহাটত পৰি আছে ব্ৰিটিছৰ যোগৰ কয়লাৰে চালিত ৰ'ড ৰোলাৰ।

ঐতিহাসিক সম্পদ সংৰক্ষণত অনিহা।।


ব্ৰিটিছে গৰকী যোৱা যোৰহাটত আজিও জিলিকি আছে বহু ঐতিহাসিক সমল।সেই সোণালী সময়ৰ গৌৰৱ ময় গাথা বহন কৰি আহিছে যোৰহাটে।কিন্তু কালৰ সোতত আৰু ঐতিহাসিক সম্পদসমুহ সংৰক্ষণৰ প্ৰতি অনীহাৰ বাবে ইয়াৰে বহু সমল ইতিমধ্যে নিশেষ হৈ পৰিছে।ইয়াৰ মাজতে জিলাখনৰ বিভিন্ন ঠাইত সেই সোণালী সময়ৰ এনে কিছুমান সম্পদ সিচৰতি হৈ আছে যি সমুহ এতিয়াও লোক চক্ষুৰ আৰতেই আৱহেলিত হৈ পৰি আছে।সেহতীয়াকৈ যোৰহাটৰ গড়মূৰৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সন্মুখত অৱস্থিত গড়কাপ্টানী বিভাগৰ চৌহদত আবাসিক এলেকাৰ একোনত পৰি আছে ব্ৰিটিছ শাসনৰ সময়ৰ কয়লাৰে চালিত ৰড ৰোলাৰ খন।সম্প্ৰতি কায্যক্ষম নহয় যদিও ঐতিহাসিক সম্পদ হিচাপে সংৰক্ষিত কৰিব পাৰে।এই মূল্যবান সম্পদটো সংৰক্ষণ কৰাটো ৰাইজে কামনা কৰিছে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.