ETV Bharat / state

টীয়কত দলঙৰ পৰা পৰি নদীত সোমাল ট্ৰাক

author img

By

Published : Jun 18, 2019, 10:20 AM IST

যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মুদৈজান দলঙৰ ওপৰত পথ দুৰ্ঘটনা । যোৰহাট অভিমুখী এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰি পৰে মুদৈজান নদীত

টীয়কত দলঙৰ পৰা পৰি নদীত সোমাল ট্ৰাক, কথমপি প্ৰাণ ৰক্ষা চালকৰ

টীয়ক, 18 জুনঃ বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলিং বিহীন দলঙত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতো কাণসাৰ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ ৷ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ আৰু মেৰামতিৰ ঠিকা লাভ কৰা এন এইচ আই ডি চি এলে উপ ঠিকা প্ৰদান কৰা জি ডি চি এল নামৰ প্ৰতিষ্ঠানটোৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে টীয়কত সঘনে দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ।

টীয়কত দলঙৰ পৰা পৰি নদীত সোমাল ট্ৰাক, কথমপি প্ৰাণ ৰক্ষা চালকৰ

সোমবাৰে নিশা যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মুদৈজান দলঙৰ ওপৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । যোৰহাট অভিমুখী এ এচ ০৪ ই/৬৯৩৫ নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰি মুদৈজান নদীত সোমাই পৰে । দুৰ্ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে ট্ৰাক চালকৰ ৷ দলংখনৰ ৰেলিং নথকা আৰু পথৰ দুৰৱস্থাৰ বাবেই এই ঘটনা সংঘটিত হোৱাৰ দাবী স্থানীয় ৰাইজৰ । অতি শীঘ্ৰেই বিভাগীয় কৰ্তৃপক্ষক উচিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ভুক্তভোগী জনতাই ৷

লগতে পঢ়কঃ ওদালগুৰিৰ গেলাবিলত পথ দুৰ্ঘটনা

Intro:Body:টীয়কত দলংৰ ৰেলিং ভাগি ট্ৰাক সোমাল নদীত
TEOK: বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলিং বিহীন দলংত নিতৌ সংঘটিত হৈছে দুৰ্ঘটনা। প্ৰান গৈছে বহু জনৰ ।তাৰপাছতো কানসাৰ নাই সংশ্লিষ্ট কৰ্তৃপক্ষৰ ।৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণ আৰু মেৰামতিৰ বাবে ঠিকা লাভ কৰা এন এইচ আই ডি চি এলে উপ ঠিকা প্ৰদান কৰা জি ডি চি এল নামৰ ঠিকা প্ৰতিস্হান টোৰ চৰম দায়িত্বজ্ঞানহীনতাৰ বাবে সঘন দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে। যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মুদৈজান দলঙৰ ওপৰত সোমবাৰে নিশা এক ভয়ংকৰ পথ দূৰ্ঘটনা সংঘটিত হয়। যোৰহাট অভিমূখী এ এচ ০৪ ই/৬৯৩৫ নম্বৰৰ ট্ৰাকখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ পৰা বাগৰি পৰি মুদৈজান নদীত সোমাই পৰে । দলংখনৰ ৰেলিং নথকা আৰু পথৰ দুৰৱস্হাৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি স্হানীয় ৰাইজে জানিবলৈ দিছে ।দুৰ্ঘটনাটোত ট্ৰাকখনৰ চালকজনৰ সৌভাগ্যক্ৰমে ৰক্ষা পৰে ।বিভিন্ন সংবাদ মাধ্যমত ধাৰাবাহিকভাৱে এনেবোৰ দায়িত্বহীনতাৰ কথা প্ৰকাশ পোৱাৰ পাছত দলঙৰ ওপৰত অস্হায়ীভাৱে বাহৰ ৰেলিং দিয়েই দায়িত্ব সামৰিছিল প্ৰতিস্থানটোৱে যাৰ পৰিনতিত যোৱা সময়ছোৱাত বিশেষকৈ নিশাৰ ভাগত কেইবাটাও ভয়ানক দুৰ্ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰিছে ৰাইজে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.