ETV Bharat / state

Assam-Nagaland border row: অসমৰ বনাঞ্চল ধ্বংস কৰি চাহ বাগিচা স্থাপনক লৈ উত্তপ্ত ৰংখাম

author img

By

Published : Apr 25, 2022, 1:59 PM IST

পুনৰ উত্তপ্ত মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্তৰ ৰংখাম ৷ অসম আৰক্ষীৰ সীমান্তৱৰ্তী আৰক্ষী চকী(BOP)ৰ পৰা মাত্ৰ 200 মিটাৰ নিলগত নগা দুৰ্বৃত্তই অসমৰ সংৰক্ষিত বনাঞ্চল ধ্বংস কৰি স্থাপন কৰিছে চাহ বাগান ৷ নগাৰ আগ্ৰাসনক লৈ চিন্তিত স্থানীয় দল-সংগঠন(Naga aggression at Assam) ৷

naga-aggression-at-assam-nagaland-border
নগাৰ আগ্ৰাসন

যোৰহাট, 25 এপ্ৰিল : ক্ৰমাগত যেন গুৰুতৰ সমস্যালৈ পৰিৱৰ্তিত হৈছে অসমৰ সীমা সমস্যা ৷ অসম-মেঘালয়ৰ সীমা সমস্যা, অসম-অৰুণাচলৰ সীমা সমস্যাৰ পিছত অসম-নাগালেণ্ডৰ সীমা সমস্যাই গা কৰি উঠিছে ৷ অসমৰ ভূমিত নগাৰ আগ্ৰাসন(Naga aggression at Assam), সেয়া দীৰ্ঘদিনে চলি আহিছে ৷ অসম-নাগালেণ্ডৰ এনে বহু অঞ্চল আছে, যিবোৰ সম্প্ৰতি আছে নগাৰ দখলত ৷ নগা দুৰ্বৃত্তই অসমৰ ভূমিত বাস কৰা লোকসকলক ভয়-ভাবুকি প্ৰদান কৰি খেতি মাটি দখল কৰাৰ লগতে উক্ত অঞ্চলসমূহত নিজাববীয়াকৈ খেতি কৰি আহিছে ৷

লগতে চাওক: চেলেঙত ক্ষুদ্ৰ চাহ খেতিয়কক ভাবুকি নগা দুৰ্বৃত্তৰ

পুনৰবাৰ মৰিয়নীৰ অসম-নাগালেণ্ড সীমান্ত(Assam Nagaland Border Dispute) ৰ ৰংখামত নগাৰ আগ্ৰাসনৰ খবৰ পোহৰলৈ আহিছে ৷ ৰংখামস্থিত অসম আৰক্ষীৰ সীমান্তৱৰ্তী আৰক্ষী চকীৰ পৰা মাত্ৰ ২০০ মিটাৰ নিলগতে নগা দুৰ্বৃত্তই চাহ বাগান স্থাপন কৰাৰ কথা জানিব পৰা গৈছে ৷

লগতে চাওক: অসমৰ ভূমিত নগা সংগঠনৰ আগ্ৰাসন

টীয়ক থানাৰ অন্তৰ্গত মৰিয়নী আঞ্চলিক বন সংমণ্ডলৰ অধীনৰ অসম-নাগালেণ্ড সীমান্তৰ তিৰুহিলচ সংৰক্ষিত বনাঞ্চলৰ শ শ বিঘা সেউজ বনভূমি কাটি তহিলং কৰিছে নগা দুৰ্বৃত্তই ৷ বনাঞ্চলখনৰ মূল্যবান গছ-গছনি কাটি অগ্নিসংযোগ কৰি স্থাপন কৰিছে চাহ আৰু ৰবৰৰ বাগিচা আদি ৷ স্থানীয় প্ৰশাসনে এই খবৰ লাভ কৰাৰ পিছতো গ্ৰহণ কৰা নাই যাৱতীয় ব্যৱস্থা ৷

নগাৰ আগ্ৰাসনক লৈ চিন্তিত স্থানীয় দল-সংগঠন

শেহতীয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিৱেশ পৰ্যবেক্ষণ কৰে সদৌ অসম টাই আহোম ছাত্ৰ সন্থাৰ এটা সঁজাতি দলৰ লগতে সাংবাদিকৰ এটা দলে ৷ দীৰ্ঘদিনৰ পৰা চলি অহা এই আগ্ৰাসনৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই ৷ তদুপৰি অসমৰ প্ৰশাসনক এক সপ্তাহৰ সময়সীমা বান্ধি দি এই বাগিচাসমূহ ধ্বংস কৰি বেদখলমুক্ত কৰিবলৈ আহ্বান জনায় ৷ নহ’লে পৰৱৰ্তী সময়ত জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

লগতে চাওক: মেৰাপানীত নগাৰ আগ্ৰাসন, অসমীয়া লোকৰ ভূমি বেদখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.