মেৰাপানীত নগাৰ আগ্ৰাসন, অসমীয়া লোকৰ ভূমি বেদখল

author img

By

Published : Sep 18, 2021, 6:31 PM IST

Naga Aggression at ASSAM Nagaland Border

অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীত পুনৰ নগাৰ আগ্ৰাসন । মেৰাপানীৰ ২ নং ওপৰ তৰাণি গাঁৱত অসমীয়া লোকৰ ভূমিত নগাই সাজিছে ঘৰ । চি আৰ পি এফৰ নিৰ্দেশকো গুৰুত্ব দিয়া নাই নগাই ।

তিতাবৰ, ১৮ ছেপ্টেম্বৰ: অসম-নাগালেণ্ড সীমান্তত নগাৰ আগ্ৰাসন বহু পুৰণি সমস্যা । সীমা বিবাদৰ বাবে দুয়োখন ৰাজ্যৰ সম্পৰ্ক বেয়াৰ দিশলৈ গতি কৰাৰ সংকেত দিছে । অসমৰ ভূমি দখলক লৈ ইতিমধ্যে সীমান্তত কেইবাবাৰো অশান্ত পৰিস্থিতিৰ সৃষ্টি হৈছে । শেহতীয়াকৈ পোহৰলৈ আহিছে নগাৰ আগ্ৰাসনৰ আন এক ঘটনা ।

নগাই অসমীয়া গাঁৱত কৌশলেৰে ঘৰ সাজি মাটি দখলৰ কুচকাৱাজ চলাইছে । অসম-নাগালেণ্ড সীমান্তৰ মেৰাপানীত অসমীয়া লোকৰ ভূমিত ঘৰ নিৰ্মাণ কৰিছে নগাই । জানিব পৰা মতে, মেৰাপানীৰ ২ নং ওপৰ তৰাণি গাঁৱৰ ফাগু মুড়া নামৰ লোকজনৰ পৈতৃক ভূমিত ঘৰ নিৰ্মাণ কৰিলে নগাই । ফাগু মুড়াৰ ভূমিত নগাই ঘৰ নিৰ্মাণ কৰিবলৈ লোৱাৰ আৰম্ভণিৰ সময়তে চি আৰ পি এফক ফাগু মুড়াই এই বিষয়ে অৱগত কৰে ।

মেৰাপানীত নগাৰ আগ্ৰাসন

ফাগু মুড়াৰ অভিযোগৰ ভিত্তিত চি আৰ পি এফে ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত বাধা প্ৰদান কৰে আৰু দুদিনমানৰ বাবে কাম বন্ধও হৈ পৰিছিল ।

কিন্তু পুনৰ নগা লোককেইজনে ঘৰটোৰ কাম আৰম্ভ কৰে আৰু এসপ্তাহৰ ভিতৰতে অৰ্থাৎ শুকুৰবাৰে ঘৰটোৰ কাম সমাপ্ত কৰে । ইয়াৰ পাছতে মাটিৰ গৰাকী আৰু স্থানীয় অসমীয়া লোকসকল ক্ষোভিত হৈ পৰে । নগাই ফাগু মুড়াৰ ভূমিত গৃহ নিৰ্মাণ কৰাৰ লগতে ফাগু মুড়াই মীনপালন কৰা এটা পুখুৰীও চৌপাশে বেৰা দি বেদখল কৰাৰ চেষ্টা চলাইছে ।

উল্লেখ্য যে, অসম-নগালেণ্ড সীমান্তৰ মেৰাপানী ডি ছেক্টৰৰ সীমা বিবাদৰ বিষয়টো বৰ্তমানেও ন্যায়ালয়ত বিচৰাধীন হৈ থকাৰ ফলত উচ্চতম ন্যায়ালয়ে অঞ্চলটোত স্থিতাৱস্থা বাহাল ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে । কিন্তু নগাই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি ইতিমধ্যে অসমৰ বহু হেক্টৰ ভূমি কৌশলেৰে নিজৰ দখললৈ নিছে । ২ নং ওপৰ তৰাণি গাঁৱৰ অসমীয়া ৰাইজে গোলাঘাট জিলা প্ৰশাসনৰ লগতে অসম চৰকাৰক এই বিষয়টো গুৰুত্বসহকাৰে লৈ সীমান্তবাসীৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:আগন্তুক 72 ঘন্টাৰ ভিতৰত ৰাজ্যত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.