ETV Bharat / state

ঢেকীয়াখোৱা বৰনামঘৰত একে লগে নাম ল’লে অতুল বৰা গৌৰৱ গগৈয়ে

author img

By

Published : Aug 29, 2022, 7:21 PM IST

Updated : Aug 29, 2022, 8:07 PM IST

অসমীয়া জাতিৰ ত্ৰাণকৰ্তা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৪ সংখ্যক তিৰোভাৱ তিথি উপলক্ষ্যে ৰাজ্যৰ অনান্য প্ৰান্তৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো পুৱাৰে পৰা ভকত বৈষ্ণৱৰ ভিৰ পৰিলক্ষিত হৈছে (Sankardeva Tirobhava Tithi in Dhekiakhowa)। উল্লেখযোগ্য যে, এই পবিত্ৰ দিনতে গুৰুজনাক সেৱা জনালে মন্ত্ৰী অতুল বৰা আৰু সাংসদ গৌৰৱ গগৈয়ে ।

Sankardeva Tirobhava Tithi in Dhekiakhowa
ঢেকীয়াখোৱা বৰনামঘৰত শংকৰদেৱৰ তিৰোভাৱ তিথি

টীয়ক,‌‌ ২৯ আগষ্ট: সমগ্ৰ ৰাজ্যতে সোমবাৰে উলহ-মালহেৰে পালন কৰা হৈছে একশৰণ নামধৰ্ম দৰ্শনৰ বাটকটীয়া তথা সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি(Srimanta Sankardeva Tirobhava Tithi)। নামধৰ্মৰ অমৃত ৰসেৰে বৈষ্ণৱ ধৰ্মৰ বাণী প্ৰচাৰেৰে একত্ৰিত সমাজ গঢ়াৰ প্ৰচেষ্টাত ব্ৰতী হোৱা জগত গুৰু শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত মুখৰিত হৈ পৰে ৰাজ্য়ৰ নামঘৰসমূহ ।

মহাপুৰুষীয়া সংস্কৃতি আৰু নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে মহাপুৰুষ মাধৱদেৱ স্থাপিত যোৰহাট জিলাৰ টীয়কৰ ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত (Dhekiakhowa Barnamghar in Teok) উলহ-মালহেৰে পালন কৰা হয় । এই ঢেকীয়াখোৱা বৰনামঘৰতো যথেষ্ট ভিৰ পৰিলক্ষিত হয় (Devotees gathered in Dhekiakhowa Barnamghar)। পুৱাই খোল–তাল–ডবা–শংখৰ ধ্বনিৰে মুখৰিত হ'ল ঢেকীয়াখোৱা বৰনামঘৰ ।

ঢেকীয়াখোৱা বৰনামঘৰত শংকৰদেৱৰ তিৰোভাৱ তিথি

ইপিনে, ঢেকীয়াখোৱা বৰনামঘৰত একেলগে নাম ল'লে মন্ত্ৰী অতুল বৰা আৰু সাংসদ গৌৰৱ গগৈয়ে । কলিয়াবৰ সাংসদ গৌৰৱ গগৈ আৰু অসম চৰকাৰৰ মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই একেসময়তে ঢেকীয়াখোৱা বৰনামঘৰত উপস্থিত হৈ চাকি, ধূপ, নৈবেদ্য আগবঢ়াই পাল নামত অংশগ্ৰহণ কৰে । ৰাজনৈতিক মতৰ পাৰ্থক্য থাকিলেও নেতা দুগৰাকীয়ে একেশাৰীতে বহি নাম লৈ সকলোৰে মংগল কামনা কৰে ।

দুয়োগৰাকী নেতাই অসমখনক আগুৱাই নিয়াৰ উদ্দেশ্যে আগত ৰাখি এই পবিত্ৰ ক্ষণত ঐতিহাসিক বৰনামঘৰতত উপস্থিত হৈছে বুলি কয় । উল্লেখ্য় যে, বৰনামঘৰৰ এই পৰিবেশে গুৰুজনাৰ চিন্তা-চৰ্চাক পুনৰ প্ৰতিফলিত কৰি অসমীয়া জাতিটোক এইদৰে একতাৰ বান্ধোনেৰে বান্ধি ৰাখিব বুলি ৰাইজে মন্তব্য় কৰিছে ।

লগতে পঢ়ক:বৰপেটা সত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰােভাৱ তিথি পালন

Last Updated : Aug 29, 2022, 8:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.