ETV Bharat / state

কমিছনৰ অংক কৰি ৰাজভৰাল উদং কৰিছে বিজেপিয়ে : ৰাণা গোস্বামী

author img

By

Published : Sep 24, 2022, 6:48 PM IST

Rana Goswami criticized BJP govt in Jorhat
কমিছনৰ অংক কৰি ৰাজভৰাল উদং কৰিছে বিজেপিয়ে : ৰাণা গোস্বামী

শাসনাধিস্থ চৰকাৰৰ কৰ্ম-ৰাজিক লৈ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে ৷ কমিছনৰ অংকৰ বাবেই স্মাৰ্ট মিটাৰ ক্ৰয়ৰ নামত বৰ্হিৰাগত কোম্পানীক ৰঙা দলিচা পাৰি দিছে বিজেপিয়ে ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (Rana Goswami criticized BJP govt in Jorhat) ৷

যোৰহাট, 24 ছেপ্টেম্বৰ : বিজেপি চৰকাৰখন বৰ্তমান বহিৰাগত চৰকাৰ হিচাপে পৰিগণিত হৈছে । আনকি বিজেপি চৰকাৰখনে স্মাৰ্ট চিটি গঢ়ি তোলাৰ বিপৰীতে স্মাৰ্ট মিটাৰ লগাই গ্ৰাহক মূৰত ৰামটাঙোন সোধাইছে ৷ কাৰণ স্মাট মিটাৰ জৰিয়তে অত্যাধিক হাৰত বিলৰ পৰিমাণ বঢ়াই দিয়া হৈছে ৷ শনিবাৰে যোৰহাটত এক সংবাদ মেল আয়োজন কৰি এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে (Rana Goswami in Jorhat) ৷

লগতে তেওঁ কয়, ‘‘অসমত বৰ্তমান 62 লাখ স্মাৰ্ট মিটাৰ আছে ৷ এই স্মাৰ্ট মিটাৰ ক্ৰয়ৰ নামত বহিৰাগত কোম্পানীক ৰঙা দলিচা পাৰি দিছে বিজেপি নেতৃত্বাধীন চৰকাৰে । অত্যাধিক হাৰত জনসাধৰণে চৰকাৰক বিল প্ৰদান কৰাৰ ফলত ৰাজ্যৰ সৰ্বসাধাৰণ দ্ৰৰিদ্ৰ ৰাইজ একেবাৰে কোঙা হৈ পৰিছে’’ (Rana Goswami criticized BJP govt in Jorhat) ।

কমিছনৰ অংক কৰি ৰাজভৰাল উদং কৰিছে বিজেপিয়ে : ৰাণা গোস্বামী

লগতে পঢ়ক : কৰ্কট ৰোগ বৃদ্ধিৰ কাৰণ সন্দৰ্ভত অসম ভিত্তিত গৱেষণাৰ প্ৰয়োজন আছে : মুখ্যমন্ত্ৰী

ইয়াৰ উপৰিও বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে কয়, ‘‘গুৱাহাটী পৌৰসভাই হওক বা ৰাজ্যৰ পৌৰসভাসমূহত কৰ সংগ্ৰহ কৰিবলৈ বহিৰাগত কোম্পানীক ৰঙা দলিচা পাৰি দিছে বিজেপিয়ে ৷ ইয়াৰ প্ৰধান কাৰণ হৈছে কমিছনৰ অংক । ফলত ৰাজ্যৰ ৰাজভৰাল উদং হৈ পৰিছে’’ ৷

অন্যহাতে, এইবোৰৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কয়, ‘‘যদি চৰকাৰে ব্যয় সংকোচ হ্ৰাস কৰিব খোজে, তেনেহ’লে মাহেকত অন্য প্ৰান্তত কিয় কেবিনেট বৈঠকৰ নামত কোটি কোটি টকা খৰচ কৰিছে’’ ৷ আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এবছৰত উৰাজাহাজত যাত্যায়ত কৰাৰ নামত কিয় 20 কোটি টকা খৰচ কৰিছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰশ্ন উত্থাপন কৰে ৷

লগতে পঢ়ক : তিনিদিনীয়া কাৰ্যসূচীৰে কাজিৰঙাত আৰম্ভ হ’ল চিন্তন শিবিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.