কৰ্কট ৰোগ বৃদ্ধিৰ কাৰণ সন্দৰ্ভত অসম ভিত্তিত গৱেষণাৰ প্ৰয়োজন আছে : মুখ্যমন্ত্ৰী

author img

By

Published : Sep 24, 2022, 3:37 PM IST

Inauguration Radiotherapy Unit

হেল্থ চিটী হাস্পতালত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে অত্যাধুনিক ৰেডিঅ’থেৰাপী মেচিন (Assam CM inauguration 2nd Radiotherapy Unit at Health City hospital) । অসমত ব্যক্তিগত আৰু চৰকাৰ দুয়োটাই লগলাগি কৰ্কট ৰোগীসকলক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে । চৰকাৰৰ উদ্যোগত হাস্পতালৰ সংখ্যা বৃদ্ধি পোৱাৰ দৰে ব্যক্তিগত খণ্ডৰ হাস্পতালৰ সংখ্যাও বৃদ্ধি পাইছে ।

গুৱাহাটী, ২৪ ছেপ্টেম্বৰ : মুখ্যমমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটীৰ হেল্থ চিটী হাস্পতালত মুকলি কৰিলে অত্যাধুনিক ৰেডিঅ’থেৰাপী মেচিন । গুৱাহাটীৰ খানাপাৰাস্থ হেল্থ চিটী হাস্পতালৰ কেঞ্চাৰ চিকিৎসা কেন্দ্ৰত আজি অৰ্থাৎ শনিবাৰে দ্বিতীয়টো অত্যাধুনিক ৰেডিঅ'থেৰাপী যন্ত্ৰ উদ্বোধন কৰা হয় (Assam CM inauguration 2nd Radiotherapy Unit at Health City hospital)।

কৰ্কট ৰোগ বৃদ্ধিৰ কাৰণ সন্দৰ্ভত অসম ভিত্তিত গৱেষণা কৰাৰ প্ৰয়োজন আছে : মুখ্যমন্ত্ৰী

এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী আৰু ব্যক্তিগত খণ্ডৰ হাস্পতালত ৰেডিঅ’থেৰাপীৰ আৰু বহু প্ৰয়োজন আছে । অসমত ব্যক্তিগত আৰু চৰকাৰ দুয়োটাই লগলাগি কৰ্কট ৰোগীসকলক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে ।

চৰকাৰৰ উদ্যোগত হাস্পতালৰ সংখ্যা বৃদ্ধি পোৱাৰ দৰে ব্যক্তিগত খণ্ডৰ হাস্পতালৰ সংখ্যাও বৃদ্ধি পাইছে ।

Inauguration Radiotherapy Unit
কৰ্কট ৰোগ বৃদ্ধিৰ কাৰণ সন্দৰ্ভত অসম ভিত্তিত গৱেষণা কৰাৰ প্ৰয়োজন আছে : মুখ্যমন্ত্ৰী

তথাপিও আমাৰ ৰাজ্যত কিয় কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে বুলি সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে এইক্ষেত্ৰত চিকিৎসাৰ লগে লগে অসম ভিত্তিত গৱেষণাৰ প্ৰয়োজন আছে বুলি তেওঁ মন্তব্য কৰে । তেওঁ লগতে কয় যে, অটল অমৃত অভিযানক আয়ুষ্মান ভাৰতলৈ লৈ যোৱাৰ প্ৰচেষ্টা চলাই থকা হৈছে ।

অটল অমৃত অভিযান কেৱল ৰেচন কাৰ্ড নথকাসকলৰ বাবে থাকিব । আনহাতে, ৰেচন কাৰ্ড থকা সকলক আয়ুষ্মান ভাৰতলৈ নিয়াৰ ব্যৱস্থা কৰা হ’ব । ইফালে হেল্থ চিটী ছুপাৰস্পেচিয়েলিটী হাস্পতালখনৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ ভৱানন্দ দাসে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৱল নেতৃত্ব, অত্যুৎসাহ আৰু বাস্তৱমুখী পদক্ষেপৰ সুফল হিচাপে ৰাজ্যৰ স্বাস্থ্যখণ্ডই অভিনৱত্ব লাভ কৰিছে ।

লগতে সুদূৰ প্ৰসাৰি পৰিকল্পনাৰ বাবেই স্বাস্থ্যখণ্ডৰ আন্তগাঁথনিৰ আমূল পৰিৱৰ্তন সাধিত হৈছে । তেওঁ কয় যে, প্ৰতিবছৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমত সৰ্বাধিক সংখ্যাক লোক কেঞ্চাৰত আক্ৰান্ত হয় । ২০২০ ৰ এক সমীক্ষাৰ উদ্ধৃতি দি তেওঁ কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি ৩৯ হাজাৰ কেঞ্চাৰ ৰোগীৰ ২৯ হাজাৰেই অসমৰ ।

উল্লেখ্য যে, উক্ত অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপৰিও হাস্পতালখনৰ কেইবাগৰাকী চিকিৎসক-চিকিৎসা কর্মী উপস্থিত আছিল ।

লগতে পঢ়ক : ৰাষ্ট্ৰসংঘত পুনৰ পাকিস্তানক সকীয়নি ভাৰতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.