ETV Bharat / state

যোৰহাটৰ ৰাইজৰ খং উঠিছে : ড্ৰাগছ-জুৱাৰ ঘাটি হ’বলৈ নিদিয়ে নিজৰ ঠাইক

author img

By

Published : Dec 20, 2021, 4:27 PM IST

ড্ৰাগছ আৰু জুৱাৰ আড্ডা বন্ধ কৰাৰ দাবীত যোৰহাটৰ হৰিজন কলনিত সৃষ্টি হৈছে এক হুলস্থুলীয়া পৰিৱেশৰ (Public outrage against drugs in Jorhat) ৷ বহুদিনৰ পৰা অসামাজিক কাম চলি থকা অঞ্চলটোত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ওলাই আহিল ৰাইজ নিজেই ৷ তাৰ পিছত কি হ’ল জানো আহক ৷

public-outrage-against-drugs-and-gambling-in-jorhat
যোৰহাটৰ ৰাইজৰ খং উঠিছে : ড্ৰাগছ-জুৱাৰ ঘাটি হ’বলৈ নিদিয়ে নিজৰ ঠাইক

যোৰহাট, 20 ডিচেম্বৰ : যোৰহাটৰ হৰিজন কলনিত সৃষ্টি হৈছে এক হুলস্থুলীয়া পৰিৱেশৰ ৷ ড্ৰাগছ আৰু জুৱাৰ আড্ডা বন্ধ কৰাৰ দাবীত অৱশেষত সোমবাৰে ওলাই আহে অঞ্চলটোৰ ৰাইজ(Public outrage against drugs in Jorhat) ৷ উল্লেখযোগ্য যে, বহুদিনৰ পৰা হৰিজন কলনীৰ উক্ত স্থানত চলি আছিল ড্ৰাগছ আৰু জুৱাৰ ঘাটি(Drugs and gambling in Jorhat) ৷ উপায়ন্তৰ হৈ সোমবাৰে স্থানীয় ৰাইজ ওলাই আহি একধৰণৰ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

অৱশেষত, ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে আৰক্ষী বাহিনীয়ে ৷ ইয়াৰোপৰি ড্ৰাগছৰ সৈতে জড়িত থকাৰ অভিযোগত কেইবাজনো যুৱকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে(Jorhat Police arrests youth involved in drugs) ৷ উল্লেখযোগ্য যে, ৰাজ্যত শেহতীয়া কেইবা মাহ ধৰি অসম আৰক্ষীয়ে ড্ৰাগছৰ ব্যৱহাৰ তথা সৰবৰাহৰ সৈতে জড়িত থকা বহু লোককেই আটক কৰা দেখিবলৈ পোৱা গৈছে(Anti drug mission by Assam police) ৷ কিন্তু ইয়াৰ পিছতো নিয়ন্ত্ৰিত হোৱা নাই অসাধু চক্ৰ ৷

যোৰহাটৰ ৰাইজৰ খং উঠিছে : ড্ৰাগছ-জুৱাৰ ঘাটি হ’বলৈ নিদিয়ে নিজৰ ঠাইক

ইফালে, ড্ৰাগছৰ সমান্তৰালভাৱে ৰাজ্যত চলি আছে জুৱাৰ ঘাটি সমূহো(Gambling in Assam) ৷ এনে পৰিস্থিতিত সোমবাৰে যোৰহাটৰ হৰিজন কলনীত ড্ৰাগছ তথা জুৱাৰ সৈতে জড়িত লোকৰ ঘাটিলৈ গৈ ৰাইজে সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ ৷ কঠোৰ পৰিশ্ৰম কৰিও এচামে অভাৱত দিন পাৰ কৰাৰ সময়তে এইচাম যুৱকৰ হাতত জুৱা খেলি উপদ্ৰৱ কৰিবলৈ ইমান টকা ক’ৰ পৰা আহিল বুলিও প্ৰশ্ন কৰিছে ৰাইজে ৷

লগতে পঢ়ক : Women trafficking case : প্ৰেমৰ জালত পেলাই বহিঃ ৰাজ্যত বিক্ৰী অসমীয়া কিশোৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.