ETV Bharat / state

Bhogali Bihu 2023: ঢেঁকীৰ গুমগুমনিত কঁপিছে টীয়কৰ দুলিয়া গাঁও

author img

By

Published : Jan 10, 2023, 6:17 PM IST

Updated : Jan 10, 2023, 6:58 PM IST

পদুলিত ভোগালী, চৌদিশ উদুলি-মুদুলি । ভেলাঘৰ সাজি ভোগালীক আদৰিবলৈ সাজু কৃষিজীৱি অসমীয়া । ঘৰে ঘৰে চলিছে পিঠা-পনাৰ জোগাৰ । টীয়কৰ দুলিয়া গাঁৱত ৰূপজ্যোতি ফুড প্ৰডাকচনো ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ পিঠা-পনা পঠিয়াবলৈ সাজু হৈছে(Bhogali Bihu preparation in Assam) ।

Preparations to celebrate Bhogali Utsav in Teok
ৰূপজ্যোতি ফুড প্ৰডাকচন ব্যস্ত পিঠা পনা তৈয়াৰ কৰাত

ৰূপজ্যোতি ফুড প্ৰডাকচন ব্যস্ত পিঠা পনা তৈয়াৰ কৰাত

টীয়ক,১০ জানুৱাৰী: সেউজী সপোনৰ পম খেদি প্ৰাপ্তিৰ সোণোৱালী হাঁহি লৈ পদুলিমুখত কৃষিজীৱি অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু (Bhogali Bihu 2023) । বছৰজোৰা শ্ৰমৰ প্ৰাপ্তিৰ আন এক নাম যেন ভোগালী । শাওনৰ সেউজীয়া সপোনে সোণোৱালী হৈ ভঁৰাল পূৰণ কৰাৰ সময় এই ভোগালী(Bhogali Bihu preparation in Assam) । আঙুলিৰ মূৰত দিন গণি গণি আকৌ পালেহি হেঁপাহৰ ভোগালী । পথাৰৰ নৰা কাটি পথাৰতে ভেলাঘৰ সজাত ব্য়স্ত ডেকা-গাভৰু(Locals are Busy Building Bhelaghar) । প্ৰাপ্তিৰ আনন্দত জুৰিছে বিহুগীত ।

গাঁওসমূহত দেখা গৈছে সীমাহীন ব্যস্ততা । পদূলিমুখত বিহুটি পাই দুগুণে উৎসাহিত হোৱা দেখা গৈছে গাঁৱৰ মহিলা সকলক । ঢেঁকীৰ গুমগুমনিত মুখৰিত হৈছে গাঁওসমূহৰ আকাশ-বতাহ । সমান্তৰালভাৱে জুহালত প্ৰস্তুত হৈছে বিভিন্ন প্ৰকাৰৰ অসমীয়া জলপান । তিলপিঠা, ঘিলা পিঠা, তিলৰ লাড়ু, নাৰিকল লাড়ু, সান্দহগুৰি । বিধে বিধে জা-জলপানৰ সুগন্ধত জিভাৰ পানী পৰিছে সকলোৰে ।

ব্যতিক্ৰম নহয় টীয়কৰ দুলিয়া গাঁও । ৰূপা বৰা নামৰ এগৰাকী মহিলাৰ তত্বাৱধানত গাঁওখনৰ একাংশ মহিলাই প্ৰস্তুত কৰিছে বিভিন্ন পিঠাপনা(Preparations to celebrate Bhogali Utsav in Teok) । ঘৰৰ পৰিয়ালৰ বাবে যোগাৰ কৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তলৈ এই পিঠা আৰু লাড়ু প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে । উল্লেখযোগ্য যে আজিৰ পৰা প্ৰায় ছয় বছৰ পূৰ্বে ৰূপাজ্যোতি বৰাই নিজৰ ঘৰতে পৰিয়ালৰ সহায়ত অসমীয়াৰ পিঠা পনাৰ বজাৰ চাহিদা বৃদ্ধি তথা পিঠা-পনাক অধিক জনপ্ৰিয় কৰি তুলিবলৈ পেছাগতভাৱে পিঠা পনা প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছিল ।

তেতিয়াৰে পৰা অহৰহভাৱে বছৰৰ বাৰ মাহে এই বৃত্তিৰ সৈতে জড়িত থাকি শেহতীয়াকৈ ৰূপজ্যোতি ফুড প্ৰডাকচন নামৰ এটি অসমীয়া পৰম্পৰাগত খাদ্য প্ৰস্তুত কৰা প্ৰতিষ্ঠান জন্ম দি প্ৰায় ৭/৮ টা পৰিয়ালক সংস্থাপন দিবলৈ সক্ষম হৈছে । অসমৰ বিভিন্ন স্থানলৈ উৎপাদিত সামগ্ৰী বিক্ৰীৰ বাবে প্ৰেৰণ কৰিছে আৰু যথেষ্ট সমাদৰ লাভ কৰিছে ৰূপজ্যোতি ফুড প্ৰডাকচনে । ইফালে বজাৰত অসমীয়া পিঠা, জলপানৰ চাহিদা অধিক, বজাৰৰ প্ৰয়োজন অনুসৰি পিঠা-পনা তেওঁ যোগান ধৰিবহে পৰা নাই বুলি জানিবলৈ দিয়ে ।

সেয়ে অসমৰ প্ৰতিগৰাকী গৃহিণীক এইদৰে পিঠা-পনা, জলপান আদি নিজৰ ঘৰতে সুন্দৰভাৱে প্ৰস্তুত কৰি স্বাৱলম্বী হ'বলৈ আহ্বান জনাইছে এইগৰাকী আদৰ্শ মহিলাই । আনহাতে পিঠা তথা অসমীয়া জলপান অসমৰ বাহিৰত বিক্ৰী কৰি ৰাষ্ট্ৰীয় ব্যৱসায়িক ক্ষেত্ৰখনতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে । টীয়কৰ দুলীয়াগাঁৱৰ পৰা ভোগালীৰ প্ৰাকক্ষণত এনেদৰেই ব্যস্ত হৈ পৰিছে এইসকল মহিলা ।

লগতে পঢ়ক:

Last Updated : Jan 10, 2023, 6:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.