ETV Bharat / state

Police attacked by miscreants : যোৰহাট আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ

author img

By

Published : Apr 3, 2023, 3:43 PM IST

Police attacked by miscreants in Jorhat
যোৰহাট আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ

যোৰহাট আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ ৷ আৰক্ষীৰ এটা দলে অপৰাধীক কৰায়ত্ত কৰিবলৈ যাওঁতে সংঘটিত হয় এই ঘটনা ৷ চোকা অস্ত্ৰৰে আঘাত কৰে আৰক্ষীক ৷

যোৰহাট আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ

যোৰহাট, 3 এপ্ৰিল : ৰাজ্যত চাঞ্চল্যকৰ ঘটনা ৷ যোৰহাট আৰক্ষীক আক্ৰমণ কৰে দুৰ্বৃত্তৰ দলে ৷ দেওবাৰে নিশা যোৰহাটৰ পুলিবৰ আৰক্ষীৰ এটা দলে অপৰাধীক কৰায়ত্ত কৰিবলৈ ৰাওনা হৈছিল পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰহুজ গাঁৱলৈ ৷ তাৰ পিছত আৰক্ষীৰ কামত বাধা দি বৰহুজ গাঁৱৰ তিনিজনীয়া এটা দলে আৰক্ষীৰ গাড়ীত চোকা অস্ত্ৰৰে আক্ৰমণ চলায় (Police attacked by miscreants in Jorhat) ৷

দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কেইবাজনো আৰক্ষী জোৱানৰ লগতে আৰক্ষী বিষয়া ৷ অৱশেষত আৰক্ষীসহ অৰ্ধসামৰিক বাহিনীৰ এটি বৃহৎ দল উপস্থিত হোৱাৰ পিছত পলায়ন কৰে আৰক্ষীক আক্ৰমণ কৰা দলটো ৷ ইতিমধ্যে আৰক্ষীক আক্ৰমণ কৰা এটা দুৰ্বৃত্তক পুলিবৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে । সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে (Jorhat police station) ৷

লগতে পঢ়ক : Cachar District Congress new President : কংগ্ৰেছ দলে ভয় নকৰে চিবিআই, ইডি তথা আৰক্ষীক

উল্লেখ্য যে, যোৰহাটৰ পুলিবৰ থানা অন্তৰ্গত বৰহুজত আৰক্ষীয়ে যেতিয়াই অপৰাধীৰ বিৰুদ্ধে অভিযান চলায় তেতিয়া একাংশ লোকে হাতে হাতে দা, কুঠাৰ লৈ আৰক্ষীক আক্ৰমণ কৰিবলৈ উদ্যত হৈ পৰে । দেওবাৰে দুপৰ নিশা একাংশ সুৰাপায়ী আৰু উদণ্ড লোকে আৰক্ষীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ ঘটনাই সমগ্ৰ জিলাখনতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ।

ইতিমধ্যে দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত আৰক্ষীকেইজনক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । আৰক্ষীক আক্ৰমণৰ ঘটনাৰ সৈতে জড়িতৰ সন্ধানত ইতিমধ্যে আৰক্ষীয়ে তীব্ৰ অভিযান আৰম্ভ কৰিছে । কি দৰে বা কাৰ সাহসত বৰহুজ গাৱৰ একাংশ লোকে অপৰাধী সন্ধানত যোৱা আৰক্ষীক আক্ৰমণ টাৰ্গেট কৰি ল’লে সেয়া আশ্বৰ্যজনক বিষয় হৈ পৰিছে। তাৎপৰ্যপূৰ্ণভাৱে যোৰহাট জিলাখনত দিনক দিনে আইন শৃংখলাজনিত পৰিস্থিতিৰ অৱনমিত হৈ অহা পৰিলক্ষিত হৈছে (Jorhat medical college and hospital) ।

লগতে পঢ়ক : Rupjyoti Kurmi criticizes AAP : দিল্লীত ৫০০ খন বিদ্যালয়হে আছে বুলি কেজৰিৱালক কটাক্ষ বিধায়ক কুৰ্মীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.