ETV Bharat / state

বেলকনিত ভগৱানে লাভ কৰিছে দৰ্শকৰ বিপুল সঁহাৰি

author img

By

Published : Oct 8, 2022, 5:38 PM IST

assamese film god on the balcony
বেলকনিত ভগৱান ছবিখনে লাভ কৰিছে দৰ্শকৰ বিপুল সঁহাৰি

নতুনকৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবি ‘বেলকনিত ভগৱান’ চাবলৈ যোৰহাটৰ আয়নস্ক হলত ভিৰ কৰিলেহি চলচ্চিত্ৰ প্ৰেমী দৰ্শকে ৷

চিটাৰা ডেস্ক, 8 অক্টোবৰ : অসমীয়া ছবিৰ ভাল দিন ঘূৰি আহিছে ৷ দৰ্শকৰ মাজত ছবি ছোৱাৰ হেঁপাহ জাগিছে ৷ শেহতীয়াকৈ মুক্তি লাভ কৰা কেইবাখনো অসমীয়া ছবিয়ে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ যোৰহাটতো ৰাইজৰ মাজত অসমীয়া চলচ্চিত্ৰকলৈ যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে ৷

ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি সৃষ্টি কৰা অসমীয়া ছবি চাবলৈ যোৰহাট চলচ্চিত্ৰ গৃহত দৰ্শক ভিৰ দেখি মন আপ্লুত হ’ব আপোনালোকৰ ৷ বেলকনিত ভগৱান শীৰ্ষক ছবিখন চাবলৈ অসংখ্য দৰ্শক আহিল ছবিগৃহলৈ । যোৰহাটৰ আইনস্ক চিনেমা হলত বিশিষ্ট পৰিচালক বিশ্বজিৎ বৰাৰ পৰিচালনাৰে আৰু নুৰুল চুলতানৰ প্ৰযোজনাৰে নিৰ্মিত হোৱা বেলকনিত ভগৱান ছবিখন চাবলৈ আহিল বহু চলচ্চিত্ৰপ্ৰেমী লোক ৷

ইতিমধ্যে মুক্তিৰ পিছতেই জনপ্ৰিয় হৈ পৰা ছবিখনৰ বিষয়বস্তুক ভূয়সী প্ৰশংসা কৰিছে চলচ্চিত্ৰপ্ৰেমীসকলে । আনহাতে ছবিখনত অভিনয় কৰা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাকে ধৰি আন তাৰকাসকলৰ অভিনয়ক প্ৰশংসা কৰিছে দৰ্শকে । গৌৰৱৰ বিষয় যে ছবিখনে ৰাজ্যৰ লগতে বিদেশতো প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে ৷

বেলকনিত ভগৱান ছবিখনে লাভ কৰিছে দৰ্শকৰ বিপুল সঁহাৰি

উল্লেখ্য যে এক সঁচা ঘটনা আধাৰত নিৰ্মিত উক্ত চিনেমাখনে দৰ্শকৰ মন মুহিছে ৷ আজি তাৰিখত অসমত চলি থকা বিভিন্ন ঘটনা সামৰি ছবিখন নিৰ্মাণ কৰা হৈছে ৷ বিভিন্ন অঞ্চলৰ বিভিন্ন সমস্যাৰাজিৰ লগতে অসমৰ ৰাজনৈতিক আৰু সংবাদ জগতৰ বাস্তৱ ছবি প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰা হৈছে চিনেমাখনত । এনে এখন সুন্দৰ ছবি আগবঢ়াই দিয়া বাবে সকলো চলচ্চিত্ৰপ্ৰেমী দৰ্শকে সন্তোষ প্ৰকাশ কৰিছে

উক্ত চিনেমা খনত অসম চৰকাৰ কৃষি মন্ত্ৰী অতুল বৰাই অভিনয় কৰিছে আৰু ছবিখন যোৰহাটত উপভোগ কৰে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন ভৰালীৰ লগতে অসমীয়া চলচ্চিত্ৰ উদ্যোগ বিভিন্ন কলা কুশলী আৰু পৰিচালকে ।

লগতে পঢ়ক : Deepika Padukone on racism,হলীউডত বৰ্ণবাদৰ সন্মুখীন হৈছিল দীপিকা পাডুকন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.